ভাৰতত উপস্থিত ইউৰোপীয় আয়োগৰ অধ্যক্ষ, মুক্ত বাণিজ্য আৰু প্ৰতিৰক্ষা চুক্তিত লাগিব মোহৰ

নতুন দিল্লীত উপস্থিত হৈছে ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েন । এই ভ্ৰমণ ভাৰতৰ বাবে দুটা কাৰণত বিশেষ…

ভাৰত-ইউৰোপীয় সংঘৰ (ইউৰোপীয়ান ইউনিয়ন) সম্পৰ্কত এটা নতুন আৰু উল্লেখযোগ্য অধ্যায় সংযোজন হ’বলৈ সাজু হৈছে । চাৰিদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েন । ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কষ্টাও দেওবাৰে দিল্লীত উপস্থিত হ’ব ।

এই ভ্ৰমণ ভাৰতৰ বাবে দুটা কাৰণত বিশেষ–  প্ৰথমতে, ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উদযাপনত এই দুয়োগৰাকী ইউৰোপীয় নেতাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু দ্বিতীয়তে, ২৭ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বৈঠকত বহু ডাঙৰ বাণিজ্যিক চুক্তিত মোহৰ লগাৰ সম্ভাৱনা আছে ।

মুক্ত বাণিজ্য চুক্তিৰ ওপৰত সিদ্ধান্ত-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপীয় নেতাসকলৰ মাজত অনুষ্ঠিত হ’ব লগা এই শীৰ্ষ সন্মিলনৰ আটাইতকৈ ডাঙৰ বিষয় হৈছে “মুক্ত বাণিজ্য চুক্তি” । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি স্তব্ধ হৈ থকা এই চুক্তিখন সম্পূৰ্ণ হোৱাৰ কথা এই বৈঠকতে ঘোষণা হ’ব পাৰে ।

এই সময়ছোৱাত আন দুটা মূল ক্ষেত্ৰতো চুক্তি হোৱাৰ আশা কৰা হৈছে-

প্ৰতিৰক্ষা অংশীদাৰিত্বঃ দুয়োপক্ষই কৌশলগত প্ৰতিৰক্ষা চুক্তি চূড়ান্ত কৰিব

নিয়োগ আৰু গতিশীলতাঃ ভাৰতীয় পেছাদাৰীসকলে ইউৰোপত কাম কৰা আৰু ভ্ৰমণ কৰাত সহজ হ’ব পৰাকৈ এটা ‘গতিশীল কাঠামো’ প্ৰস্তুত কৰা হ’ব

লগতে পঢ়ক : ট্ৰাম্পৰ সময়সীমাৰ ২৪ ঘন্টা পূৰ্বেই ডাঙৰ ঘোষণা; এতিয়াৰে পৰা আমেৰিকাৰ হ’ব টিকটক!