ইউক্ৰেইনত পুনৰ বৃহৎ আক্ৰমণ চলালে ৰাছিয়াই; এফ-১৬ ধ্বংস

ইউক্ৰেইনত পুনৰ বৃহৎ আক্ৰমণ চলালে ৰাছিয়াই

দেওবাৰে পুৱা ৰাছিয়াই ইউক্ৰেইনত সৰ্ববৃহৎ বিমান আক্ৰমণ সংঘটিত কৰিছে । বহুতো ড্ৰোন আৰু মিছাইলৰ সহায়ত ৰাছিয়াই ইউক্ৰেইনক লক্ষ্য কৰি লয় । এই আক্ৰমণত ৰাছিয়াই দেশখনৰ বহু অঞ্চলক লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল । ইউক্ৰেইনেও এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে । ৰাছিয়াৰ এই আক্ৰমণৰ লগে লগে তিনি বছৰ ধৰি চলি থকা যুদ্ধৰ অন্ত পেলোৱাৰ আশাও ছিন্নভিন্ন হৈ পৰিছে । কোৱা হৈছে যে ইউক্ৰেইনেও ৰাছিয়ালৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ।

ইউক্ৰেইনৰ বায়ুসেনাই প্ৰকাশ কৰিছে যে ৰাছিয়াই মুঠ ৫৩৭টা আকাশী অস্ত্ৰ নিক্ষেপ কৰিছিল । ইয়াৰ ভিতৰত আছিল ৪৭৭টা ড্ৰোন আৰু ৬০টা ক্ষেপণাস্ত্ৰ । ইয়াৰে ২৪৯ টা ধ্বংস কৰা বুলি ইউক্ৰেইনে দাবী কৰিছে । একে সময়তে ২২৬টা ক্ষেপণাস্ত্ৰই নিজৰ লক্ষ্যভ্ৰস্ত হয় ।

ইউক্ৰেইনৰ বায়ুসেনাই জনাইছে যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ড্ৰোন আৰু কেইবাবিধো ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰাৰ পিছত এই আক্ৰমণ দেশখনৰ ওপৰত হোৱা ‘বৃহত্তম আকাশী আক্ৰমণ’ । তেওঁ কয় যে এই আক্ৰমণত ৰাছিয়াই ফ্ৰণ্ট লাইনৰ পৰা বহু দূৰত থকা পশ্চিম ইউক্ৰেইনকে ধৰি কেইবাটাও অঞ্চলক লক্ষ্য কৰি লৈছিল ।

বায়ুসেনাই কয় যে পোলেণ্ড আৰু মিত্ৰ দেশসমূহে পোলেণ্ডৰ আকাশমাৰ্গৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জেট বিমান প্ৰেৰণ কৰিছে । পশ্চিম লভিভ অঞ্চলত ড্ৰ’হ’বিচ চহৰৰ এটা ঔদ্যোগিক প্ৰতিষ্ঠানত ড্ৰোন আক্ৰমণৰ ফলত বিশাল অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত চহৰখনৰ কিছু অংশ বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে ।

এফ-১৬ যুঁজাৰু বিমান ভূপতিত-

ইউক্ৰেইনে কয় যে ৰাছিয়াৰ আক্ৰমণত পশ্চিমীয়া অংশীদাৰ দেশসমূহৰ পৰা লাভ কৰা এফ-১৬ যুঁজাৰু বিমান এখনো ধ্বংসপ্ৰাপ্ত হয় । এই জেটখনে নিজৰ লক্ষ্যক আক্ৰমণ কৰাৰ সময়তে ভূপতিত হয় । এই দুৰ্ঘটনাত পাইলটৰো মৃত্যু হয় ।

লগতে পঢ়ক : ‘সমৃদ্ধ ইউৰেনিয়াম ঘূৰাই দিয়ক বা অন্যথা…’;যুদ্ধ শেষ হোৱাৰ পিছত ইজৰাইলক ধমক ইৰাণৰ

ইউক্ৰেইনত পুনৰ ধ্বংসলীলা চলালে ৰাছিয়াই; ড্ৰোন আৰু মিছাইলেৰে চলালে তাণ্ডৱ

ইউক্ৰেইনত পুনৰ ধ্বংসলীলা চলালে ৰাছিয়াই

অপাৰেচন স্পাইডাৰ ৱেবত ক্ৰোধিত হৈ পৰা ৰাছিয়াই ইউক্ৰেইনত পুনৰ বৃহৎ আক্ৰমণ চলাইছে । ৰাছিয়াই সমগ্ৰ দেশখনত চাৰিশৰো অধিক ড্ৰোন আৰু ৪০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । এই আক্ৰমণত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবা ডজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । এই আক্ৰমণত প্ৰায় সমগ্ৰ ইউক্ৰেইনক লক্ষ্য কৰি লোৱা হয়, য’ত কিয়েভ, লভিভ আৰু ছুমিকে ধৰি ৯টা অঞ্চল ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰিও শেহতীয়া আক্ৰমণত ৰাছিয়াই পূবৰ খাৰকিভ চহৰক লক্ষ্য কৰি লয় । খাৰকিভত ৰাছিয়াৰ ড্ৰোন আৰু মিছাইল আক্ৰমণত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে ২১জন লোক আহত হয় ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইয়াক অন্যতম বৃহৎ আক্ৰমণ বুলি অভিহিত কৰিছে । দেশখনৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন সেৱাৰ তথ্য অনুসৰি কিয়েভত তিনিজন অগ্নিনিৰ্বাপক বাহিনী, লুটস্কত দুজন সাধাৰণ নাগৰিক আৰু চেৰ্নিহিভত আন এজন লোকৰ মৃত্যু হৈছে ।

যুদ্ধৰ পিছত হোৱা অন্যতম বৃহৎ আক্ৰমণ-

এই আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কয় যে ৰাছিয়াই নিশাৰ আক্ৰমণত চাৰিশৰো অধিক ড্ৰোন আৰু ৪০টা মিছাইল ব্যৱহাৰ কৰিছিল । এয়া যুদ্ধৰ পিছত সংঘটিত হোৱা অন্যতম বৃহৎ আক্ৰমণ । তেওঁ কয় যে মস্কোৰ এই আক্ৰমণত ৮০ জন লোক আহত হোৱাৰ লগতে পশ্চিমৰ লভিভৰ পৰা উত্তৰ-পূবৰ ছুমিলৈকে ৯টা অঞ্চলকে ধৰি প্ৰায় সমগ্ৰ দেশৰ ভূখণ্ডক লক্ষ্য কৰি লোৱা হয় ।

অপাৰেচন স্পাইডাৰ ৱেবে অধিক অৱনতি ঘটালে পৰিস্থিতিৰ-

যদিও তিনি বছৰীয়া যুদ্ধত ৰাছিয়াই প্ৰায় প্ৰতিদিনে ইউক্ৰেইনক আক্ৰমণ কৰি আহিছে, তথাপিও যোৱা দেওবাৰৰ পৰা দেশখন প্ৰতিশোধ ল’বলৈ সাজু আছিল । দৰাচলতে কিয়েভে শেহতীয়াকৈ অপাৰেচন স্পাইডাৰ ৱেব চলাইছিল, য’ত ৰাছিয়াৰ এক তৃতীয়াংশতকৈও অধিক কৌশলগত ক্ৰুজ মিছাইল কেৰিয়াৰ আক্ৰমণ কৰা হৈছিল । ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে কিয়েভৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ জনাই এই আক্ৰমণ কৰিছে তেওঁলোকে ।

লগতে পঢ়ক : ৰাছিয়াৰ মিছন প্ৰতিশোধ; ড্ৰোন-ক্ৰুজ-বেলিষ্টিক মিছাইলেৰে ইউক্ৰেইনক আক্ৰমণ

ৰাছিয়াৰ মিছন প্ৰতিশোধ; ড্ৰোন-ক্ৰুজ-বেলিষ্টিক মিছাইলেৰে ইউক্ৰেইনক আক্ৰমণ

বেলিষ্টিক মিছাইলেৰে ইউক্ৰেইনক আক্ৰমণ

৫ দিন পিছত প্ৰতিশোধ ললে ৰাছিয়াই। প্ৰতিশোধ এনেকুৱা আছিল যে ইউক্ৰেইন আকৌ এবাৰ বিধ্বস্ত হৈ পৰিল।ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ড্ৰ’ন আক্ৰমণৰ বৰষুণ দিয়াৰ লগতে বেলিষ্টিক মিছাইলেৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

ইউক্ৰেইনত এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰা হৈছে।কিয়ভৰ অব্লন আৰু ক্লিচ্চকোত চাইৰেন অবিৰতভাৱে বাজি আছে।

ৰাছিয়াই মিছাইলেৰে কৰা আক্ৰমণত ইউক্ৰেইনৰ ৫ জন লোকৰ মৃত্যু হৈছে,খাৰকিভত চাৰিটা শিশু আহত হোৱাৰ লগতে মুঠতে কেইবা ডজন লোক আহত হয়।

মাত্ৰ কেইঘণ্টামান পূৰ্বে ৰাষ্ট্ৰপতি পুটিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিছিল।এই সময়তে তেওঁ নিজৰ উদ্দেশ্য প্ৰকাশ কৰিছিল।

১ জুনত ৰাছিয়াত ইউক্ৰেইনে মিছাইনেৰে আক্ৰমণৰ পিছত পুটিনে কি ভাবিছিল সেই কথা বিশ্ববাসীক জনাইছিল ট্ৰাম্পে।

ৰাছিয়াত ইউক্ৰেইনে মিছাইলেৰে আক্ৰমণৰ কৰাৰ পিছত ট্ৰাম্পে পুটিনক শান্ত কৰিবলৈ ১ ঘণ্টা ধৰি পুটিনৰ সৈতে কথা পাতিছিল।কিন্তু পুটিনে এই কথাত সন্মতি দিবলৈ যোৱা নাছিল।

এই কথা-বতৰাৰ পিছত পুটিনৰ মেজাজৰ বৰ্ণনা কৰি ট্ৰাম্পে সাংবাদিকৰ আগত কয়, “ৰাষ্ট্ৰপতি পুটিনে মোক অতি স্পষ্ট আৰু অতি দৃঢ়তাৰে কৈছিল যে শেহতীয়াকৈ বিমানবন্দৰত হোৱা আক্ৰমণৰ প্ৰতি তেওঁলোকে সঁহাৰি জনাব লাগিব”।

ইতিমধ্যে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এটা পোষ্টত সকীয়াই দিছিল যে এই ১ ঘণ্টাৰ ফোন কলে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত “তৎক্ষণাত শান্তি” আনিব নোৱাৰে।ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই লোৱা প্ৰতিশোধমূলক ব্যৱস্থাই এই যুদ্ধত শান্তিৰ সকলো সম্ভাৱনাকে ক্ষতিগ্ৰস্ত কৰিছে।

ট্ৰাম্পৰ কথা শুদ্ধ বুলি প্ৰমাণিত হয় আৰু ২৪ ঘণ্টাৰ ভিতৰতে পুটিনে ইউক্ৰেইনক আক্ৰমণ কৰে।শুকুৰবাৰে টেলিগ্ৰামযোগে ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, ৰাছিয়াৰ বেলিষ্টিক মিছাইল আৰু ড্ৰ’নক একাধিক দিশৰ পৰা ইউক্ৰেইনৰ ফালে নিক্ষেপ কৰা হৈছিল।

কিয়েভ চহৰৰ সামৰিক প্ৰশাসনৰ মুৰব্বী টকাচেংকোৱে কয় যে ড্ৰ’ন আক্ৰমণ বিফল কৰাৰ সময়তে কিয়েভৰ বহু অট্টালিকাত জুই লাগিছে।জুই নুমুৱাবলৈ চেষ্টা কৰা হৈছে।

কিয়ভত দুটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে।কিয়েভ, টেৰনপিল, খ্মেলনিটস্কি অব্লাষ্ট, লভিভ আৰু লুটস্কত বিস্ফোৰণৰ বাতৰি পোৱা গৈছে।

ইউক্ৰেইনৰ বায়ুসেনাই সকীয়াই দিছে যে ৰাছিয়াৰ কেইবাখনো টিউ-৯৫এমএছ কৌশলগত বোমাৰু বিমানে উৰা মাৰিছে আৰু সম্ভৱতঃ ক্ৰুজ মিছাইলও নিক্ষেপ কৰা হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে বৃহস্পতিবাৰে কয় যে ৰাছিয়াই নিশাটোৰ ভিতৰতে ১০৩খন ড্ৰোন আৰু এটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰ।

য’ত ডনেস্ক, খাৰ্কিভ, অডেছা, ছুমি, চেৰ্নিহিভ, ড্নিপ্ৰ’ আৰু খেৰচনকে ধৰি বহু অঞ্চল অন্তৰ্ভুক্ত। এই আক্ৰমণৰ ফলত একাংশ লোকে প্ৰাণ হেৰুৱাইছে আৰু সা-সম্পত্তিও ক্ষতিগ্ৰস্ত হৈছে।

লগতে পঢ়ক: ট্ৰাম্প আৰু মাস্কৰ মাজত মুকলি যুদ্ধ; ১৪% হ্ৰাস পালে টেছলাৰ শ্বেয়াৰ

পাৰ্ল হাৰ্বাৰ আক্ৰমণ… ইউক্ৰেইনে পুনৰাবৃত্তি কৰিলে ইতিহাসৰ এক অন্ধকাৰ অধ্যায় !

পাৰ্ল হাৰ্বাৰ আক্ৰমণ

দেওবাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা তিনি বছৰীয়া যুদ্ধই শেহতীয়াকৈ নতুন আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইউক্ৰেইনে ৰাছিয়াত প্ৰৱেশ কৰি দেশখনৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ‘অপাৰেচন স্পাইডাৰ ৱেব’ চলাইছিল, য’ত ৰাছিয়াৰ কেইবাখনো বোমাৰু বিমান সম্পূৰ্ণৰূপে ধ্বংস হয় । ইউক্ৰেইনৰ চোৰাংচোৱা সংস্থা এছ বি ইউয়ে ট্ৰাকত লুকুৱাই থোৱা ড্ৰোনৰ জৰিয়তে এই আক্ৰমণ চলাইছিল । ট্ৰাকসমূহ খোলাৰ লগে লগে ড্ৰোনসমূহ উৰি গৈ ৰাছিয়াৰ মাটিত ধ্বংসলীলাৰ সৃষ্টি কৰে ।

এই আক্ৰমণে এতিয়া সকলোকে ইতিহাসৰ এটা অন্ধকাৰ অধ্যায়ৰ কথা মনত পেলাই দিছে আৰু এই আক্ৰমণক সেই ঘটনাৰ সৈতে জড়িত কৰা হৈছে । ১৯৪১ চনত জাপানে আমেৰিকাৰ পাৰ্ল হাৰ্বাৰত আক্ৰমণ চলাইছিল । সেই সময়ত আমেৰিকাত যেনেকৈ আকাশৰ পৰা হঠাতে ধ্বংসলীলাৰ সৃষ্টি হৈছিল, একেদৰে ৰাছিয়াও এতিয়া নিজৰ সীমাৰ ভিতৰত ইউক্ৰেইনৰ মাৰাত্মক ড্ৰোন আক্ৰমণৰ সন্মুখীন হৈছে । গতিকে জানক পাৰ্ল হাৰ্বাৰত এনে কি হৈছিল যিয়ে ৮০ বছৰতকৈয়ো অধিক সময়ৰ পাছতো যিকোনো ‘ছাৰপ্ৰাইজ এটেক’ অথবা আকস্মিক আক্ৰমণৰ প্ৰেক্ষাপটক পুনৰ চৰ্চালৈ আনিছে ।

কি আছিল পাৰ্ল হাৰ্বাৰ আক্ৰমণ-

১৯৪১ চনৰ ৭ ডিচেম্বৰৰ পুৱা হাৱাইৰ অ’আহুত থকা আমেৰিকাৰ নৌসেনাৰ পাৰ্ল হাৰ্বাৰ ঘাটিত সকলো স্বাভাৱিক আছিল । সাগৰৰ মাজত চাৰিওফালে সূৰ্য্যৰ ৰশ্মি জিলিকি উঠিছিল । সৈনিকসকলেও নিজৰ নিজৰ দৈনন্দিন কৰ্তব্যত ব্যস্ত আছিল ।  কিন্তু পুৱা ঠিক ৭:৪৮ বজাত আকাশৰ পৰা হঠাৎ আৰম্ভ হৈছিল মৃত্যুৰ তাণ্ডৱ ।

জাপানৰ ইম্পেৰিয়েল নেভিৰ ১৭৭খন যুদ্ধ বিমানে হঠাতে পাৰ্ল হাৰ্বাৰ আক্ৰমণ কৰে । এনে এক ভয়ংকৰ আক্ৰমণ হ’ব বুলি কাৰো ধাৰণা নাছিল । জাপানী বিমানবোৰে দুটা ভাগত বিভক্ত হৈ আক্ৰমণ চলাইছিল । কোনোৱে বিমানপথ আৰু ৰখাই থোৱা বিমানক লক্ষ্য কৰি লোৱাৰ বিপৰীতে একাংশই বন্দৰত থকা বিশাল যুদ্ধজাহাজবোৰত টৰ্পেডো আৰু বোমা বৰ্ষণ কৰিবলৈ আৰম্ভ কৰে ।

পাৰ্ল হাৰ্বাৰ আক্ৰমণৰ প্ৰথম পাঁচ মিনিটত আমেৰিকাৰ চাৰিখন যুদ্ধ জাহাজৰ বেয়াকৈ ক্ষতিসাধন হয় । প্ৰথম লক্ষ্য আছিল ইউ এছ এছ ওকলাহোমা আৰু ইউ এছ এছ এৰিজোনা । কেইমিনিটমানৰ পাছত এৰিজোনাৰ যিটো অংশত বাৰুদ ৰখা হৈছিল, সেই অংশটো বোমাৰ প্ৰত্যক্ষ আঘাতৰ বলি হয় । এটা বিশাল বিস্ফোৰণ ঘটি কিছু মুহূৰ্তৰ ভিতৰতে জাহাজখন সাগৰত ডুব যায় । এই এটা আক্ৰমণত ১,১৭৭ জন নৌসেনাৰ জোৱান নিহত হয় ।

প্ৰায় এঘণ্টাৰ পাছত প্ৰায় ১৬৩খন জাপানী বিমানে দ্বিতীয়বাৰৰ বাবে পাৰ্ল হাৰ্বাৰ আক্ৰমণ কৰে । এই আক্ৰমণো আছিল অত্যন্ত সঠিক আৰু বিপজ্জনক । প্ৰায় দুঘণ্টাৰ ভিতৰতে ২১খন আমেৰিকাৰ জাহাজ ডুব যায় বা বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । ১৮৮খন সামৰিক বিমান ধ্বংস হয় আৰু ২৪০৩জন আমেৰিকান সৈনিক আৰু বিষয়াই এই আক্ৰমণত প্ৰাণ হেৰুৱায় ।

সেই সময়লৈকে আমেৰিকা দ্বিতীয় বিশ্বযুদ্ধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নাছিল । দেশখনে কেৱল লেণ্ড-লীজ চুক্তিৰ অধীনত মিত্ৰশক্তিৰ দেশসমূহক অস্ত্ৰ-শস্ত্ৰ আৰু সামগ্ৰী যোগান ধৰিছিল যদিও পাৰ্ল হাৰ্বাৰ আক্ৰমণে আমেৰিকাৰ দিশ সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰে । ১৯৪১ চনৰ ৮ ডিচেম্বৰত অৰ্থাৎ আক্ৰমণৰ ঠিক পিছদিনা ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে আমেৰিকাৰ সংসদত জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।

তাৰ পিছতেই আমেৰিকাই সম্পূৰ্ণৰূপে দ্বিতীয় বিশ্বযুদ্ধত জঁপিয়াই পৰে । এই আক্ৰমণটোৱেই হৈ পৰিল আমেৰিকাক একত্ৰিত কৰা আৰু ইয়াৰ সামৰিক শক্তিক জাগ্ৰত কৰা এক মুহূৰ্ত । এই দিনটোক আমেৰিকাত প্ৰতি বছৰে “পাৰ্ল হাৰ্বাৰ স্মৃতি দিৱস” হিচাপে স্মৰণ কৰা হয় । জাহাজখন ডুব যোৱা ঠাইত এতিয়াও অৱস্থিত ইউ এছ এছ এৰিজোনা মেম’ৰিয়েলত সেইদিনা নিহত হোৱা সৈনিকসকলৰ সাক্ষ্য এতিয়াও আছে । আজিও সেই জাহাজখনৰ পৰা পানীৰ তলত তেলৰ টোপাল লিক হয়, যাক মানুহে “এৰিজোনাৰ ক’লা চকুলো” বুলি কয় ।

ৰাছিয়াই চলাব নেকি পাৰমাণৱিক আক্ৰমণ ?

চাৰি বছৰীয়া সংঘাতৰ সময়ছোৱাত ৰাছিয়াই এবাৰৰ বাবে হ’লেও পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ ভাবুকি দিছে । ১ জুনত হোৱা এই আক্ৰমণ এটা ডাঙৰ সমস্যা কাৰণ ইয়াত ৰাছিয়াৰ কৌশলগত বোমাৰু বিমানৰ বহৰক লক্ষ্য কৰি লোৱা হৈছিল । অৰ্থাৎ যুদ্ধৰ ক্ষেত্ৰত এতিয়া ৰাছিয়াত পাৰমাণৱিক অস্ত্ৰ নিক্ষেপ কৰিবলৈ পূৰ্বতকৈ কম বিমান আছে । ১ জুনত ইউক্ৰেইনৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ ভাবুকি দিছে ৰাছিয়ান সেনাই । আক্ৰমণৰ কিছু সময়ৰ পিছতে ১ জুনত ৰাছিয়াই ইউক্ৰেইনক লক্ষ্য কৰি ৪০০ৰো অধিক ড্ৰোন নিক্ষেপ কৰে ।

যিহেতু ইউক্ৰেইনৰ এই ভয়ংকৰ আক্ৰমণক পাৰ্ল হাৰ্বাৰৰ দৰে বুলি আখ্যা দিয়া হৈছে য়িয়ে গতি সলনি কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ । তাৰ পিছতেই বিশ্বত বহুতেই এতিয়া তৃতীয় বিশ্বযুদ্ধ প্ৰকট হোৱাৰ আশাংকা ব্যক্ত  কৰিছে । পাৰ্ল হাৰ্বাৰ আক্ৰমণৰ পিছত আমেৰিকাই যুদ্ধত সক্ৰিয়ভাৱে অংশ লৈ জাপানৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাইছিল । অৱশেষত জাপানক আত্মসমৰ্পণৰ বাবে বাধ্য কৰাবলৈ তথা দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পেলাবলৈ ১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্টত আমেৰিকাই ক্ৰমে হিৰোছিমা আৰু নাগাছাকিত মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে পৰমাণু বোমা নিক্ষেপ কৰে । ইয়াৰ পাছতে জাপানে আত্মসমৰ্পণ কৰে আৰু লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে ।

ইউক্ৰেইনৰ এই আক্ৰমণৰ পিছতেই এতিয়া মহাশক্তিধৰ ৰাছিয়াই পৰমাণু বোমা ব্যৱহাৰ কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে একাংশই ।

লগতে পঢ়ক : ৰাছিয়াৰ বিমানঘাটিত ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণ; ৪০খন বোমাৰু বিমান ধ্বংস কৰাৰ দাবী

ৰাছিয়াৰ বিমানঘাটিত ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণ; ৪০খন বোমাৰু বিমান ধ্বংস কৰাৰ দাবী

ৰাছিয়াৰ বিমানঘাটিত ড্ৰোন আক্ৰমণ

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।ইউক্ৰেইনে ৰাছিয়াৰ দুটা বিমানঘাটিত বৃহৎ ড্ৰোন আক্ৰমণ চলাইছে।এই আক্ৰমণৰ পিছতেই এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

ইউক্ৰেইনৰ দাবী অনুসৰি এই ড্ৰোনসমূহে ৰাছিয়াৰ ৪০খন বোমাৰু বিমানক লক্ষ্য কৰি লৈছিল।এই আক্ৰমণৰ পিছত ৰাছিয়াৰ আকাশত কেৱল ধোঁৱা দেখিবলৈ পোৱা গৈছে। ৰাছিয়াৰ ইৰকুটস্ক অঞ্চলৰ গৱৰ্ণৰে ড্ৰোন আক্ৰমণৰ কথা নিশ্চিত কৰিছে।

ইউক্ৰেইনে ৰাছিয়াৰ দুটা গুৰুত্বপূৰ্ণ বিমান ঘাটি – অলেনিয়া আৰু বেলায়া আক্ৰমণ কৰিছে।এই আক্ৰমণত ইউক্ৰেইনৰ সেনাই ড্ৰেন ব্যৱহাৰ কৰিছে।

কোৱা হৈছে যে যিটো বিমান ঘাটিক লক্ষ্য কৰি লোৱা হৈছে সেয়া ৰাছিয়া-ইউক্ৰেইন সীমান্তৰ গভীৰতাত অৱস্থিত।এই আক্ৰমণ ইউক্ৰেইনৰ সেনাবাহিনীৰ আজিলৈকে হোৱা আটাইতকৈ ডাঙৰ ড্ৰোন আক্ৰমণ আছিল।

ইউক্ৰেইনে বিশেষভাৱে সেই ঘাটিটোক লক্ষ্য কৰি লৈছে,যিটো ৰাছিয়াই ইয়াক বোমা বিস্ফোৰণ কৰিবলৈ ব্যৱহাৰ কৰিছিল।

ইউক্ৰেইনে ৰাছিয়াৰ ভিতৰত অৱস্থিত কেইবাটাও বিমান ঘাটিত ড্ৰোনেৰে আক্ৰমণ কৰা বুলি প্ৰকাশ কৰিছে,য’ত ৪০খনতকৈও অধিক ৰাছিয়ান বোমাৰু বিমান ধ্বংস হৈছে।

এই বোমাৰু বিমান ব্যৱহাৰ কৰি ৰাছিয়াই ইউক্ৰেইনত বোমা বিস্ফোৰণ কৰিছিল।এইবোৰেই সেই একেবোৰ বিমান যিয়ে প্ৰায়ে ইউক্ৰেইনৰ ওপৰেৰে উৰি বোমা নিক্ষেপ কৰে।

লগতে পঢ়ক: নৱেম্বৰতে দৰা হ’ব ৰিংকু সিং: সাংসদ প্ৰিয়া সৰোজৰ সৈতে বান্ধ খাব সাত জনমলৈ

জুইৰ সৈতে খেলিছে পুটিনে… ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক লৈ ক্ষুব্ধ ড’নাল্ড ট্ৰাম্প

ক্ষেপণাস্ত্ৰ আক্ৰমণক লৈ ক্ষুব্ধ ড’নাল্ড ট্ৰাম্প

ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক লৈ ক্ষুব্ধ ড’নাল্ড ট্ৰাম্প । চলি থকা সামৰিক কাৰ্যকলাপৰ মাজতে মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ধমক দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ইউক্ৰেইনৰ সৈতে শান্তি চুক্তি চূড়ান্ত কৰাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰা বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক তীব্ৰ সমালোচনা কৰিছে ।

ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ-

ট্ৰুথছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে কয়, ‘ভ্লাদিমিৰ পুটিনে উপলব্ধি কৰা নাই যে মই নাথাকিলে ইতিমধ্যে ৰাছিয়াত অতি বেয়া ঘটনা ঘটিলহেঁতেন । তেওঁলোকে জুইৰ লগত খেলি আছে ।’ শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলোৱাৰ পিছতে ট্ৰাম্পে এই মন্তব্য কৰিছে । ২০২২ চনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই গ্ৰহণ কৰা এইটোৱেই আছিল আটাইতকৈ ডাঙৰ পদক্ষেপ ।

এই পোষ্টটোৰ মাত্ৰ এদিন পূৰ্বে ট্ৰাম্পে পুটিনৰ প্ৰতি নিজৰ হতাশা প্ৰকাশ কৰিছিল । তেওঁ কৈছিল, ‘তেওঁলোকে কোনো কাৰণ নোহোৱাকৈয়ে বহু লোকক হত্যা কৰি আছে আৰু মই কেৱল সৈনিকৰ কথা কোৱা নাই । অকাৰণতে ইউক্ৰেইনৰ চহৰসমূহত মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰা হৈছে । মই সদায় কৈ আহিছো যে তেওঁ কেৱল ইউক্ৰেইনৰ এটা টুকুৰা নহয়, সমগ্ৰ ইউক্ৰেইন বিচাৰে আৰু সেয়া হয়তো সঠিক বুলি প্ৰমাণিত হ’ব, কিন্তু যদি তেওঁ তেনে কৰে তেন্তে ইয়াৰ ফলত ৰাছিয়াৰ পতন ঘটিব ।’

মাত্ৰ কেইদিনমানৰ আগতে ট্ৰাম্পে কৈছিল যে শেহতীয়াকৈ ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছত ৰাছিয়াই অতিৰিক্ত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে । সংবাদ সংস্থা এ এফ পিৰ মতে, মৰিছটাউন বিমানবন্দৰত ট্ৰাম্পে কয়, ‘পুটিনৰ কামত মই সুখী নহয় । তেওঁ বহুত মানুহক হত্যা কৰি আছে, আৰু পুটিনৰ কি হৈছে নাজানো ।’

লগতে পঢ়ক : ‘শীঘ্ৰেই ধ্বংস হ’ব ৰাছিয়া…’; ভ্লাদিমিৰ পুটিনক পাগল আখ্যা ড’নাল্ড ট্ৰাম্পৰ

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ… ড্ৰোন আৰু ক্ৰুজ মিছাইলেৰে চলালে তাণ্ডৱ

ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণ । দেওবাৰে নিশা ৰাছিয়াই ইউক্ৰেইনত বৰ্তমানলৈকে কৰা সৰ্ববৃহৎ ড্ৰোন আক্ৰমণ চলাই । ইউক্ৰেইনৰ মতে, ৰাছিয়াৰ পৰা কিয়েভ আৰু অন্যান্য অঞ্চলত প্ৰায় ৩৫৫টা ড্ৰোন আৰু ৯টা ক্ৰুজ মিছাইল নিক্ষেপ কৰা হয় । ৰাছিয়াৰ সৰ্ববৃহৎ আক্ৰমণৰ বিষয়ে তথ্য দি ইউক্ৰেইনৰ বায়ুসেনাৰ যোগাযোগ বিভাগে কয় যে ৰাছিয়াৰ আক্ৰমণত ৩৫৫খন ড্ৰোন জড়িত আছিল । এই আক্ৰমণত একাংশ সাধাৰণ নাগৰিক আহত হোৱা বুলি বিষয়াসকলে জনায় । অৱশ্যে তাৎক্ষণিকভাৱে কোনো মৃত্যুৰ খবৰ পোৱা নগ’ল ।

শনিবাৰৰ আক্ৰমণত ১২ জন নিহত-

ইয়াৰ পূৰ্বে শনিবাৰে নিশা ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু অন্যান্য অঞ্চলত ৰাছিয়াৰ ড্ৰোন আৰু মিছাইলৰ সংযুক্ত আক্ৰমণত কমেও ১২ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয় । ইউক্ৰেইনৰ বিষয়াসকলে ইয়াক যুদ্ধৰ সময়ত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ বিমান আক্ৰমণ বুলি অভিহিত কৰিছে । বৰ্তমান এই আক্ৰমণ সন্দৰ্ভত ৰাছিয়া কৰ্তৃপক্ষৰ পৰা কোনো তাৎক্ষণিক মন্তব্য দিয়া হোৱা নাই ।

ইউক্ৰেইনে চলাইছিল ড্ৰোন আক্ৰমণ-

ইয়াৰ পূৰ্বে ৰাছিয়াৰ সামৰিক অধিনায়কগৰাকীয়ে দাবী কৰিছিল যে ২০ মে’ত ৰাছিয়াৰ কুৰ্স্ক অঞ্চল ভ্ৰমণৰ সময়ত ইউক্ৰেইনে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰত ড্ৰোন আক্ৰমণ চলাইছিল । সেই সময়ত ৰাষ্ট্ৰপতি পুটিনৰ হেলিকপ্টাৰ আক্ৰমণৰ কেন্দ্ৰবিন্দু আছিল । ৰাছিয়ান সেনাৰ বায়ু প্ৰতিৰক্ষা বিভাগৰ অধিনায়ক ইউৰি ডাচকিনে এই দাবী কৰিছে । ৰাছিয়াৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাচকিনে কয় যে ৰাষ্ট্ৰপতি পুটিনৰ হেলিকপ্টাৰক সুৰক্ষা প্ৰদানৰ বাবে আমি অহৰহ বিমান সুৰক্ষাৰ যুদ্ধ চলাই আহিছিলো । ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰখন ।

লগতে পঢ়ক : ‘শীঘ্ৰেই ধ্বংস হ’ব ৰাছিয়া…’; ভ্লাদিমিৰ পুটিনক পাগল আখ্যা ড’নাল্ড ট্ৰাম্পৰ

‘ইষ্টাৰত যুদ্ধবিৰতি ঘোষণাৰ পিছতো ৰাছিয়াৰ আক্ৰমণ অব্যাহত’… ৰাষ্ট্ৰপতি জেলেনস্কিৰ অভিযোগ

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে শনিবাৰে অভিযোগ উত্থাপন কৰি কয় যে ইষ্টাৰৰ দিনত যুদ্ধবিৰতিৰ আহ্বান জনোৱা পিছতো ৰাছিয়াৰ আক্ৰমণ কমি যোৱা নাই । ইফালে ৰাছিয়াই নিজেই যুদ্ধবিৰতিৰ আহ্বান জনাইছে । জেলেনস্কিয়ে কয় যে কেইবাটাও সীমান্ত অঞ্চলত ৰাছিয়াৰ আক্ৰমণাত্মক অভিযান অব্যাহত আছে । তেওঁ কয় যে ৰাছিয়াৰ কথাক ‘বিশ্বাস’ কৰিব নোৱাৰি ।

এক্সৰ এটা পোষ্টত জেলেনস্কিয়ে কয় যে, ‘ৰাছিয়াৰ আগ্ৰাসন অভিযান কেইবাটাও সীমান্ত অঞ্চলত অব্যাহত আছে । ৰাছিয়াৰ আৰ্টিলাৰীৰ গোলাবৰ্ষণ হ্ৰাস পোৱা নাই । গতিকে ৰাছিয়াৰ পৰা অহা কথাবোৰৰ ওপৰত কোনো আস্থা নাই । মস্কোৱে কেনেকৈ হেতালি খেলে আমি ভালদৰে জানো । আমি যিকোনো কামৰ বাবে সাজু ।‘

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আশ্বাস দিয়ে যে প্ৰতিৰক্ষা বাহিনীয়ে যুক্তিসংগতভাৱে কাম কৰিব । ৰাছিয়াৰ প্ৰতিটো আক্ৰমণৰ উপযুক্ত সঁহাৰি দিয়া হ’ব বুলিও তেওঁ কয় । জেলেনস্কিয়ে লগতে কয় যে ৰাছিয়াই ৩০ দিনৰ সম্পূৰ্ণ আৰু নিঃচৰ্ত যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰিছে । তেওঁ কয় যে ইষ্টাৰৰ ৩০ ঘণ্টীয়া যুদ্ধবিৰতি ‘প্ৰকৃত আস্থা’ গঢ়ি তুলিবলৈ অপৰ্যাপ্ত ।

ইষ্টাৰৰ দিনা পুটিনে ঘোষণা কৰিলে ৩০ ঘণ্টীয়া যুদ্ধবিৰতি-

ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইষ্টাৰ উপলক্ষে ৩০ ঘণ্টাৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল । পুটিনৰ এই ঘোষণাৰ ভিডিঅ’টো ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত প্ৰকাশ কৰে, য’ত ৰাষ্ট্ৰপতি পুটিনে কয় যে, ‘আজি সন্ধিয়া ০৬:০০ বজাৰ পৰা সোমবাৰে পুৱা ০০:০০ বজালৈকে ৰাছিয়াই ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা কৰে । মানৱীয় কাৰণত এই ঘোষণা কৰা হৈছে । এই সময়ছোৱাৰ বাবে সকলো সামৰিক অভিযান বন্ধ কৰাৰ নিৰ্দেশ দিছো ।’

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ইষ্টাৰ ব্ৰেক… যুদ্ধবিৰতি ঘোষণা ভ্লাদিমিৰ পুটিনৰ

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতি ঘোষণা কৰিছে । শনিবাৰে নিশা ৮.৩০ বজাৰ পৰা দেওবাৰৰ মাজভাগলৈ ইষ্টাৰৰ যুদ্ধবিৰতি থাকিব বুলি পুটিনে ঘোষণা কৰিছে । ইষ্টাৰ উৎসৱৰ সময়ত মানৱীয় সাহায্য আৰু শান্তিৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

কি ক’লে ভ্লাদিমিৰ পুটিনে ?

ভ্লাদিমিৰ পুটিনে কয় যে ইউক্ৰেইনেও ৰাছিয়াই ঘোষণা কৰা যুদ্ধবিৰতিৰ নিয়ম মানি চলি শান্তিৰ পথ গ্ৰহণ কৰিব বুলি আশা কৰিছে । ইষ্টাৰ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি মানৱীয় কাৰণত এই সিদ্ধান্ত লোৱা হৈছে ।

অৱশ্যে যুদ্ধবিৰতিৰ সময়ত যদি ইউক্ৰেইনে নিয়ম মানি নচলে বা উলংঘা কৰে তেন্তে সাজু থাকিবলৈ পুটিনে সেনা প্ৰধান ভেলেৰী গেৰাচিমোভক নিৰ্দেশ দিছে ।