ঘোৰ অন্ধকাৰ ভৱিষ্যতৰ দিশে পাকিস্তান… দেশ ত্যাগ হাজাৰ হাজাৰ চিকিৎসক–অভিযন্তাৰ

অন্ধকাৰ ভৱিষ্যতৰ দিশে ৰাজনৈতিক অস্থিৰতা আৰু আর্থিক সংকটে জুৰুলা কৰা পাকিস্তান । দৈনিক শ শ চিকিৎসক–অভিযন্তা আৰু একাউণ্টেণ্টে বিদেশলৈ ঢাপলি মেলিছে ৷

পাকিস্তানৰ ভৱিষ্যৎ ঘোৰ অন্ধকাৰৰ দিশে গতি কৰিছে ৷ ৰাজনৈতিক অস্থিৰতা আৰু আর্থিক সংকটে জুৰুলা কৰা দেশখনত দৈনিক শ শ চিকিৎসক–অভিযন্তা আৰু একাউণ্টেণ্টে বিদেশলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে ৷ শেহতীয়া এক পৰিসংখ্যাই দেশখনৰ অৰাজকতাৰ এখন ছবি পৰিস্ফুট কৰিছে ৷

পৰিসংখ্যাটোত উল্লেখ কৰা মতে, বিগত ২৪ মাহত ৫০০০ চিকিৎসক, ১১ হাজাৰ অভিযন্তা আৰু ১৩ হাজাৰ একাউণ্টেণ্টে পাকিস্তান এৰি বিদেশলৈ ঢাপলি মেলিছে ৷ এই পৰিসংখ্যাই শ্বাহবাজ শ্বৰীফৰ শাসনকালত দেশখন কিমান ডাঙৰ সংকটৰ সন্মুখীন হৈছে তাকে পৰিস্ফুট কৰিছে ৷ পাকিস্তান প্রশাসনে প্রকাশ কৰা মতে, ২০২৪ চনত ৭,২৭,৩৮১জন লোকে কাম কৰিবৰ বাবে বিদেশলৈ গৈছে ৷ চলিত বর্ষৰ নৱেম্বৰলৈকে দেশখনৰ পৰা ৬,৮৭,২৪৬জন লোকে পাকিস্তান এৰিছে ৷

চিন্তনীয় কথাটো এয়ে যে এই প্রব্রজন এতিয়া কেৱল মজুৰিৰ সন্ধানত উপসাগৰীয় অঞ্চললৈ যোৱা শ্রমিক বা বিদেশলৈ প্রব্রজিত ‘পেছাদাৰী ভিক্ষাৰী’ৰ মাজতে সীমাবদ্ধ হৈ থকা নাই ৷ কিয়নো এতিয়া চিকিৎসক আৰু অভিযন্তাসকলেও নিজৰ দেশত কাম কৰিব বিচৰা নাই ৷ এই ধাৰা অব্যাহত থাকিলে দেশখনৰ ভৱিষ্যৎ আৰু অধিক অন্ধকাৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

দেশখনৰৰ প্রাক্তন ছিনেটৰ মুস্তাফা নৱাজ খোখাৰে এক্স হেণ্ডেলত চৰকাৰৰ পদক্ষেপৰ সমালোচনা কৰি কয় যে দেশখনৰ অর্থনীতি ঠিক কৰিবলৈ আমি ৰাজনীতি ঠিক কৰিব লাগিব ৷ পাকিস্তান বিশ্বৰ চতুর্থ সর্ববৃহৎ ফ্রী লাঞ্চিং হাব ৷ কিন্তু ইণ্টাৰনেট বন্ধ হোৱাৰ ফলত দেশখনে ১.৬২ বিলিয়ন মার্কিন ডলাৰৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ইয়াৰ ফলত ২৩.৭ মিলিয়ন ফ্রী লাঞ্চ কর্মীৰ চাকৰি হেৰোৱাৰ আশংকা কৰা হৈছে ৷

একেদৰে ভাৰতৰ পৰা বৈ যোৱা দুখন নদী ঝেলাম আৰু নিলামৰ পানী যোগান হ্রাস পোৱাত আন এক সংকটৰ সন্মুখীন হৈছে দেশখন ৷ কিছুদিন পূর্বে দেশখনে এই দুখন নৈৰ পানীৰ প্রবাহ হ্রাস পোৱা বুলি অভিযোগ কৰি ভাৰতৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল ৷ এই ধাৰা অব্যাহত থাকিলে চুবুৰীয়া দেশখনৰ কৃষিকার্যতো ব্যাপক প্রভাৱ পৰিব ৷ এনে অৱস্থাত আৰু অধিক সংকটে ঘেৰি ধৰিব পাকিস্তানক ৷

লগতে পঢ়ক : ‘আমি আওকাণ কৰিব নোৱাৰো…’ বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ মহম্মদ ইউনুছক তিৰস্কাৰ ভাৰতৰ

হুইল চেয়াৰৰ পৰা মহাকাশলৈ… জাৰ্মান মহিলা অভিযন্তাই ৰচিলে ইতিহাস

হুইলচেয়াৰ ব্যৱহাৰ কৰা এগৰাকী মহিলাই মহাকাশলৈ উৰা মাৰি ৰচিলে ইতিহাস । এইগৰাকী জাৰ্মান অভিযন্তা মহাকাশলৈ যোৱা হুইলচেয়াৰ ব্যৱহাৰ কৰা প্ৰথমগৰাকী ব্যক্তিক পৰিগণিত হৈছে ।

এগৰাকী জাৰ্মান পেৰাপ্লেজিক(কঁকালৰ তলচোৱা পক্ষাঘাতগ্ৰস্ত) অভিযন্তাই ৰচিলে ইতিহাস । মাইকেলা বেন্থাউছ হুইলচেয়াৰ ব্যৱহাৰ কৰা প্ৰথমগৰাকী ব্যক্তিত পৰিগণিত হৈছে যিয়ে মহাকাশলৈ উৰা মাৰিছে । শনিবাৰে আমেৰিকাৰ পশ্চিম টেক্সাছৰ পৰা উৰা মাৰিছিল আৰু মহাকাশত ওজনহীনতা অনুভৱ কৰাৰ লগে লগে শূণ্যতে উপঙি পৃথিৱীখন চাই তেওঁ ।

দুৰ্ঘটনাত আহত হৈছিল মাইকেলা বেন্থাউছ-

সাত বছৰ পূৰ্বে মাউণ্টেন বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত মাইকেলা বেন্থাউছ খোজ কাঢ়িব নোৱৰা হয় । ইয়াৰ পিছতো তেওঁ আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ মালিকানাধীন কোম্পানী ব্লু অৰিজিনৰ ৰকেট উৰণত অংশগ্ৰহণ কৰে । এই বিশেষ বিমানখনত তেওঁৰ লগত আছিল জাৰ্মানীত জন্মগ্ৰহণ কৰা স্পেচএক্সৰ প্ৰাক্তন জ্যেষ্ঠ কাৰ্যবাহী হান্স ক’নিগছমেন । তেওঁ বেন্থাউছৰ ভ্ৰমণৰ আয়োজন আৰু পৃষ্ঠপোষকতা কৰাত সহায় কৰিছিল । অৱশ্যে টিকটৰ মূল্য প্ৰকাশ কৰা হোৱা নাই ।

উৰণৰ বাবে কৰা হৈছিল সামান্য পৰিৱৰ্তন-

প্ৰায় ১০ মিনিটৰ এই উপকক্ষীয় উৰণৰ বাবে মাত্ৰ সামান্য পৰিৱৰ্তনৰ প্ৰয়োজন হৈছিল । ব্লু অৰিজিনৰ মতে, তেওঁলোকৰ নিউ শ্বেপাৰ্ড কেপচুল ইতিমধ্যে বিভিন্ন ক্ষমতাৰ লোকৰ বাবে ডিজাইন কৰা হৈছে । কেপচুলত এটা বিশেষ ট্ৰেন্সফাৰ বৰ্ড স্থাপন কৰা হৈছিল যাতে মাইকেলা সহজেই নিজৰ আসনলৈ যাব পাৰে । অৱতৰণ কৰাৰ পিছত লগে লগে মৰুভূমিত কাৰ্পেট লগোৱা হয় যাতে তেওঁৰ হুইল চেয়াৰলৈ সহজে যাব পাৰে । ইতিমধ্যে লঞ্চ পেডত উপস্থিত থকা এটা লিফটে সাত মহল ওপৰৰ কেপচুলটোত প্ৰৱেশ সম্ভৱ কৰি তুলিছিল ।

ইউৰোপীয় মহাকাশ সংস্থাৰ স্নাতক প্ৰশিক্ষাৰ্থী কাৰ্যসূচীৰ অংশ আছিল মাইকেলা-

৩৩ বছৰীয়া মাইকেলা বেন্থাউছ নেদাৰলেণ্ডত ইউৰোপীয় স্পেচ সংস্থাৰ স্নাতক প্ৰশিক্ষাৰ্থী কাৰ্যসূচীৰ অংশ । ২০২২ চনত পেৰাবলিক বিমানৰ জৰিয়তে ওজনহীনতাৰ অভিজ্ঞতা লাভ কৰিছিল আৰু পিছলৈ পোলেণ্ডত দুসপ্তাহৰ চিমুলেটেড স্পেচ অভিযানত অংশগ্ৰহণ কৰিছিল । উৰণৰ পূৰ্বে তেওঁ কয়, “মই কেতিয়াও ভবা নাছিলো যে মহাকাশ ভ্ৰমণ মোৰ বাবে বাস্তৱিক বিকল্প হ’ব । দুৰ্ঘটনাৰ পিছত এই সপোনটো আৰু অধিক দূৰৈৰ যেন লাগিছিল, কিয়নো বিশেষভাৱে সক্ষম লোকসকলে মহাকাশ ভ্ৰমণ কৰাৰ কোনো ইতিহাস নাছিল ।”

এইটো আছিল ব্যক্তিগত মিছন আৰু ইএছএ প্ৰত্যক্ষভাৱে জড়িত নাছিল । চলিত বৰ্ষৰ আৰম্ভণিতে ইএছএয়ে সংৰক্ষিত মহাকাশচাৰী জন মেকফ’লক ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰণৰ বাবে অনুমোদন জনাইছিল । মেকফ’লে অংগচ্ছেদ হোৱাৰ পিছত কৃত্ৰিম ভৰি ব্যৱহাৰ কৰে, আনহাতে বেন্থাউছে খোজ কাঢ়িব নোৱাৰে । ক’নিগছমেনক বিশেষভাৱে জৰুৰীকালীন অৱস্থাত সহায় কৰাৰ দায়িত্ব দিয়া হৈছিল ।

মাইকেলা বেন্থাউছে কয় যে তেওঁ নিজৰ সকলো কাম নিজেই কৰিব বিচাৰিছিল । তেওঁৰ লক্ষ্য হৈছে কেৱল মহাকাশতে নহয়, পৃথিৱীতো বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুবিধা বৃদ্ধি কৰা । তেওঁ কয়, “আশাকৰোঁ ইয়াৰ দ্বাৰা মোৰ দৰে মানুহৰ বাবে দুৱাৰ মুকলি হ’ব । মই বিচাৰো যে মই মাত্ৰ আৰম্ভণিহে হওঁ ।” এই উৰণৰ জৰিয়তে ব্লু অৰিজিনৰ মুঠ মহাকাশচাৰীৰ সংখ্যা ৮৬ জন হ’ল । কোম্পানীটোৱে চন্দ্ৰলৈ লেণ্ডাৰ প্ৰেৰণ আৰু ডাঙৰ ৰকেট ব্যৱহাৰ কৰি মিছন উৎক্ষেপণৰ কাম কৰি আছে ।

লগতে পঢ়ক : ইছৰোৰ বাহুবলী ৰকেটে উৎক্ষেপণ কৰিব আমেৰিকাৰ আটাইতকৈ গধুৰ যোগাযোগ উপগ্ৰহ

“৯৯ শতাংশ বিবাহত পুৰুষৰেই দোষ থাকে” ; বেংগালুৰুৰ অভিযন্তাৰ ঘটনা সন্দৰ্ভত কংগনা ৰাণাৱটৰ বিতৰ্কিত মন্তব্য

বেংগালুৰুৰ অভিযন্তা অতুল সুভাষৰ আত্মহত্যাৰ ঘটনাটোয়ে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে।অতুল সুভাষে তেওঁৰ পত্নীৰ পৰা পোৱা অত্যাচাৰৰ পিছত আত্মহত্যা কৰিছিল।

কিন্তু আত্মহত্যা কৰাৰ পূৰ্বে, তেওঁ ২৪ পৃষ্ঠাৰ এখন চুইচাইড নোট লিখিছিল আৰু এটা ভিডিঅ’ত তেওঁৰ সমগ্ৰ ঘটনা ৰেকৰ্ড কৰিছিল।

এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত সমগ্ৰ দেশতে অতুল সুভাষৰ বিষয়ে আলোচনা হৈছে যে এজন মানুহে তেওঁৰ পত্নীৰ অত্যাচাৰত কিমান বিৰক্ত হৈছে যে তেওঁ আত্মহত্যাৰ দৰে পথ বাছি ল’ব লগা হ’ল।

চুইচাইড নোটত, অতুল সুভাষে তেওঁৰ মৃত্যুৰ বাবে পত্নী নিকিতা সিংঘানিয়া আৰু নিকিতাৰ পৰিয়ালক দোষাৰোপ কৰিছে।

অতুল সুভাষৰ আত্মহত্যাৰ ঘটনাক লৈ বিজেপি সাংসদ আৰু অভিনেত্ৰী কংগনা ৰাণাৱটে এক বিস্ফোৰক মন্তব্য দিছে। কংগনাই কৈছে যে “এই বিষয়টো কেৱল পুনৰীক্ষণ কৰা উচিত নহয়, কিন্তু এনে ঘটনাৰ মোকাবিলা কৰিবলৈ এটা পৃথক সংস্থাও গঠন কৰিব লাগে”।

কংগনা ৰাণাৱটে কৈছিল যে “দেশখন হতবাক হৈছে। তেওঁৰ ভিডিঅ’টো হৃদয়বিদাৰক। যেতিয়ালৈকে বিবাহ আমাৰ ভাৰতীয় পৰম্পৰাৰ সৈতে সম্পৰ্কিত হৈ থাকিব তেতিয়ালৈকে ঠিক আছে। কিন্তু যি সাম্যবাদ, সমাজবাদ আৰু এক প্ৰকাৰৰ নিন্দনীয় নাৰীবাদৰ পোক,  সেইটো এক প্ৰকাৰৰ সমস্যাৰ কথা”।

কংগনাই কৈছিল যে “যদি মানুহে ইয়াক এটা ব্যৱসায় তৈয়াৰ কৰে, তেন্তে তেওঁৰ (অতুল সুভাষ) পৰা কোটি কোটি টকা দাবী কৰা হৈছিল, যিটো তেওঁৰ ক্ষমতাৰ বাহিৰত আছিল। এইটো নিন্দনীয়। যুৱ সকলক ইয়াৰ ওপৰত বোজা দিব নালাগে। তেওঁৰ (অতুল সুভাষ) যিমান দৰমহা আছিল তাতকৈ তিনি-চাৰিগুণ প্ৰদান কৰিছিল”।

কংগনাই এইটোও কৈছিল যে “এগৰাকী ভুল মহিলাৰ উদাহৰণ লৈ প্ৰতিদিনে যিমান মহিলাক হাৰাশাস্তি কৰা হয় সেই কথাও অস্বীকাৰ কৰিব নোৱাৰি। ৯৯ শতাংশ বিবাহত, পুৰুষৰ দোষ থাকে , সেয়েহে এনে ভুল হয়।