আকাশত ভাৰতৰ মহাশক্তিৰ প্ৰদৰ্শন, অগ্নি মিছাইলৰ সফল পৰীক্ষণ

এই মিছাইলটো থলুৱা প্ৰযুক্তিৰে ডিআৰডিঅ’ৰ গৱেষণাগাৰসমূহত দেশৰ বিভিন্ন উদ্যোগৰ সহযোগত নিৰ্মাণ কৰা হৈছে

ভাৰতীয় প্ৰতিৰক্ষাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) ২০২৬ চনৰ ৮ মে’ত ওড়িশাৰ ড০ এপিজে আব্দুল কালাম দ্বীপৰ পৰা এমআইআৰভি (MIRV) প্ৰযুক্তিযুক্ত এক উন্নত ‘অগ্নি‘ মিছাইলৰ সফল উৰণ পৰীক্ষণ সম্পন্ন কৰিছে । এই অত্যাধুনিক মিছাইলটোৰ বিশেষত্ব এয়ে যে ই আকাশৰ পৰা একেলগে বিভিন্ন দিশত থকা একাধিক লক্ষ্যবস্তুক নিখুঁতভাৱে আঘাত হানিব পাৰে ।

পৰীক্ষণৰ সময়ত মিছাইলটোৱে একাধিক পেলোড কঢ়িয়াই লৈ গৈছিল, যিবোৰ ভাৰত মহাসাগৰীয় অঞ্চলৰ এক বৃহৎ ভৌগোলিক এলেকাত বিস্তৃত হৈ থকা বিভিন্ন লক্ষ্যস্থানলৈ নিক্ষেপ কৰা হয় । ডিআৰডিঅ’ই ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ জৰিয়তে এই সফলতাৰ কথা সদৰী কৰি কয় যে অভিযানৰ সকলো লক্ষ্য নিৰ্ধাৰিত সময়ত সফলভাৱে পূৰণ হৈছে ।

এই সমগ্ৰ প্ৰক্ৰিয়াটো একাধিক ভূমি আৰু জাহাজ ভিত্তিক ট্ৰেকিং কেন্দ্ৰৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছিল । মিছাইলটো উক্ষেপণ কৰাৰ পৰা আৰম্ভ কৰি ইয়াৰ পেলোডসমূহ লক্ষ্যস্থানত উপনীত হোৱালৈকে প্ৰতিটো খোজৰ তথ্য সংগ্ৰহ কৰা হয়, যিয়ে ভাৰতৰ এই সামৰিক শক্তিৰ পৰিচয় দাঙি ধৰে ।

উল্লেখ্য যে, এই মিছাইলটো থলুৱা প্ৰযুক্তিৰে ডিআৰডিঅ’ৰ গৱেষণাগাৰসমূহত দেশৰ বিভিন্ন উদ্যোগৰ সহযোগত নিৰ্মাণ কৰা হৈছে । এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰয় ডিআৰডিঅ’ৰ জ্যেষ্ঠ বিজ্ঞানী আৰু ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়াসকল ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৃহৎ সাফল্যৰ বাবে ডিআৰডিঅ’, ভাৰতীয় সেনা আৰু ইয়াৰ সৈতে জড়িত উদ্যোগসমূহক অভিনন্দন জ্ঞাপন কৰিছে । তেওঁ কয় যে এই সফলতাই বৰ্ধিত গোলকীয় ভাবুকিৰ মাজত দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতিক এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু ভাৰতীয় সেনাৰ শক্তি বহুগুণে বৃদ্ধি কৰিব ।

লগতে পঢ়ক : চেমি-ক্ৰায়’জেনিক ইঞ্জিনৰ বিকাশৰ বাবে ভাৰত আৰু ৰাছিয়াৰ মাজত চুক্তি