অ’টিটিত কেতিয়া, ক’ত চাব পাৰিব ‘ধূৰন্ধৰ’ ? এই তাৰিখৰ পৰাই আৰম্ভ হ’ব ষ্ট্ৰীমিং

বক্স অফিচত খলকনিৰ সৃষ্টি কৰা ‘ধূৰন্ধৰ’ এইবাৰ অ’টিটি ৰিলিজৰ বাবে সাজু হৈছে । অ’টিটিত কেতিয়া আৰু ক’ত চাব পাৰিব এই ব্লকবাষ্টাৰ ছবিখন ?

ৰণবীৰ সিঙৰ ছবি ধূৰন্ধৰ ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে । এই ছবিখনে বক্স অফিচৰ সকলো অভিলেখ ভংগ কৰে । ছবিখন এতিয়াও ছবিগৃহত চলি আছে আৰু উপাৰ্জন কৰি আছে । ইফালে শেহতীয়াকৈ ছবিখনৰ অ’টিটি ৰিলিজৰ কথাও চৰ্চা হৈছে । অ’টিটিত ছবিখন কেতিয়া ক’ত চাব পাৰিব জানক-

অ’টিটিত ক’ত চাব পাৰিব ধূৰন্ধৰ ?

শেহতীয়া চৰ্চা অনুসৰি ছবিখন ব্লকবাষ্টাৰ প্ৰদৰ্শনৰ দুমাহৰ পিছত অ’টিটিত মুক্তি পাব । অহা ৩০ জানুৱাৰীত নেটফ্লিক্সত মুক্তি পাব বহুল চৰ্চিত ছবিখনে । খবৰ অনুসৰি ৩০ জানুৱাৰীৰ পৰা নেটফ্লিক্সত ষ্ট্ৰীম হ’ব ধুৰন্ধৰ । এই ছবিখনৰ দুয়োটা খণ্ডৰ ষ্ট্ৰীমিং ৰাইট লাভ কৰিছে নেটফ্লিক্সে । দুয়োখন ছবিৰ চুক্তিৰ মূল্য ১৩০ কোটি টকা বুলি জানিব পৰা গৈছে । ডিজিটেল জগতত এই বিশেষ সাফল্যই ৰণবীৰ সিঙৰ কেৰিয়াৰক এক নতুন উচ্চতালৈ লৈ গৈছে ।

উল্লেখ্য যে ধূৰন্ধৰ পৰিচালনা কৰিছিল আদিত্য ধৰে । ছবিখনত অক্ষয় খান্না, অৰ্জুন ৰামপাল, সঞ্জয় দত্ত, আৰ মাধৱনে অভিনয় কৰিছে । ছাৰা অৰ্জুন মহিলাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখনে ৪৮ দিনত বিশ্বজুৰি ১৩৪০ কোটি টকা উপাৰ্জন কৰে । ইফালে ঘৰুৱা বক্স অফিচত ৮৮৩.৮০ কোটি টকা উপাৰ্জন কৰে ছবিখনে । ছবিখনৰ কাহিনীভাগৰ পৰা আৰম্ভ কৰি সংগীতলৈকে সকলোবোৰেই হিট হৈছিল । ছবিখনত অক্ষয় খান্নাই ৰেহমান ডকাইতৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু তেওঁৰ অভিনয় আৰু নৃত্যৰ দক্ষতাই চৌদিশে প্ৰশংসা লাভ কৰাৰ লগতে ট্ৰেণ্ডিঙক আহিছিল ।

ইফালে চলিত বৰ্ষতে মুক্তি পাব ছবিখনৰ দ্বিতীয় খণ্ড । ১৯ মাৰ্চত ছবিখনৰ দ্বিতীয় খণ্ডই মুক্তি লাভ কৰিব । দ্বিতীয় খণ্ডৰ এটা টিজাৰ ধূৰন্ধৰৰ শেষৰ ক্ৰেডিটত দেখুওৱা হৈছিল । এই টিজাৰটোও অতি শীঘ্ৰে ডিজিটেলী মুকলি কৰা হ’ব । এই টিজাৰে লাভ কৰিছে এ চাৰ্টিফিকেট । দ্বিতীয় খণ্ডৰ শিৰোনাম হৈছে ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’। ইতিমধ্যে ছবিখনৰ দ্বিতীয় খণ্ডৰ বিষয়ে ব্যাপক চৰ্চা চলি আছে । এই খণ্ডটোৰো পৰিচালনা কৰিছে আদিত্য ধৰে । এই ছবিখনৰ দক্ষিণৰ জনপ্ৰিয় তাৰকা য়শৰ টক্সিকৰ সৈতে সংঘৰ্ষ হ’ব ।

লগতে পঢ়ক : নিৰ্বাপিত হ’ল ভাৰতৰ আশা… ‘হোমবাউণ্ড’ৰ অস্কাৰ যাত্ৰাত যতি