পিছুৱাই দিয়া হ’ল স্মৃতি মান্ধানাৰ বিবাহ
স্থগিত হ’ল বিশ্ব চেম্পিয়ন স্মৃতি মান্ধানাৰ বিবাহ।জানিব পৰা মতে ক্ৰিকেটাৰগৰাকীৰ পিতৃৰ অসুস্থতাৰ বাবে বিয়াখন পিছুৱাই দিয়া হৈছে।উল্লেখ্য যে, আজি স্মৃতি মান্ধনা আৰু পলাশ মুচলৰ বিয়া হোৱাৰ কথা আছিল।
বিয়াৰ অনুষ্ঠানবোৰ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছিল।সামাজিক মাধ্যমত ইতিমধ্যে দুয়োৰে ভিডিঅ’ ভাইৰেল হৈ আছে।
ভাৰতীয় ক্ৰিকেটা গৰাকীৰ মেনেজাৰ তুহিন মিশ্ৰই নিশ্চিত কৰিছে যে, তেওঁৰ পিতৃৰ স্বাস্থ্য ঠিক নহয় যাৰ বাবে স্মৃতিৰ বিয়াখন অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে।
মেহেন্দী আৰু হালধিৰ অনুষ্ঠান শনিবাৰে অনুষ্ঠিত হৈছিল।আজি দুপৰিয়া দুয়োৱে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। কিন্তু হঠাৎ তেওঁৰ দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটিল।
মেনেজাৰে গৰাকীয়ে লগতে কয় যে, ‘ৰাতিপুৱা যেতিয়া মান্ধনাৰ দেউতাকে ব্ৰেকফাষ্ট কৰি আছিল সেই সময়তেই তেওঁ অসুস্থ হৈ পৰিছিল। আমি কিছু সময় ৰৈ আছিলোঁ।’
‘কিন্তু কথাবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি নাহিল, সেয়েহে আমি ৰিস্ক নোলোৱাৰ সিদ্ধান্ত লৈ তেওঁক হস্পিতাললৈ লৈ গ’লোঁ৷বৰ্তমান তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে।’
তেওঁ লগতে কয় যে, স্মৃতিয়ে তেওঁৰ পিতৃক যথেষ্ট ভালপাই। সেয়ে তেওঁ সিদ্ধান্ত লয় যে যেতিয়ালৈকে পিতৃৰ স্বাস্থ্য ঠিক নহয় তেতিয়ালৈকে বিয়াখন পিছুৱাই দিয়া হয়।
লগতে পঢ়ক: ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে… গুৱাহাটীত ভংগ হ’ল ১৪৮ বছৰীয়া এক পৰম্পৰা









