ভাগিলে বিয়া,কৰিলে অনফ’ল’; স্মৃতি মান্ধনা-পলাশ মুচ্ছলে ডিলিট কৰিলে প্ৰস্তাৱৰ ভিডিঅ'

ভাগিলে বিয়া,কৰিলে অনফ’ল’; স্মৃতি মান্ধনা-পলাশ মুচ্ছলে ডিলিট কৰিলে প্ৰস্তাৱৰ ভিডিঅ’

সামাজিক মাধ্যমৰ পৰা স্মৃতি মান্ধনা-পলাশ মুচ্ছলে ডিলিট কৰিলে পুৰণি সকলো ভিডিঅ’। শেহতীয়াকৈ টিম ইণ্ডিয়াৰ ষ্টাৰ বেটাৰ স্মৃতি মান্ধনা আৰু সংগীত সুৰকাৰ পলাশ মুচ্চলে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰ নিশ্চিত কৰিছে। দুয়োজনে ছ’চিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰিছে আৰু ষ্পষ্টকৈ কৈছে যে,তেওঁলোকে নিজৰ নিজৰ জীৱনত আগুৱাই গৈছে।

সামাজিক মাধ্যমৰ পৰা স্মৃতি মান্ধনা-পলাশ মুচ্ছলে ডিলিট কৰিলে পুৰণি সকলো ভিডিঅ’।

শেহতীয়াকৈ টিম ইণ্ডিয়াৰ ষ্টাৰ বেটাৰ স্মৃতি মান্ধনা আৰু সংগীত সুৰকাৰ পলাশ মুচ্চলে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰ নিশ্চিত কৰিছে।

দুয়োজনে ছ’চিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’  কৰিছে আৰু ষ্পষ্টকৈ কৈছে যে,তেওঁলোকে নিজৰ নিজৰ জীৱনত আগুৱাই গৈছে।

ইয়াৰ পিছত প্ৰাক্তন দম্পতীহালে নিজ নিজ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰাও পুৰণি প্ৰস্তাৱ আৰু প্ৰশংসাৰ পোষ্ট ডিলিট কৰিছে।

কিছুদিন আগলৈকে সামাজিক মাধ্যমত পলাশৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত তেওঁ খেলপথাৰৰ মাজত মৰমেৰে স্মৃতি মান্ধনাক প্ৰেমৰ প্ৰস্তাৱ দিয়া দেখা গৈছিল।

পলাশে স্মৃতিক চকুত পাটি বান্ধি ডি ৱাই পাটিল ষ্টেডিয়ামলৈ লৈ গৈছিল, আৰু আঁঠু লৈ প্ৰস্তাৱ দিলিছে।তাৰকা ক্ৰিকেটাৰ গৰাকীয়েও হাঁহি হাঁহি সেই প্ৰস্তাৱ মানি লৈছিল।

অনুৰাগীসকলে ভাবিছিল দুয়োজনে চিৰদিনৰ বাবে একেলগে থাকিব, কিন্তু সেই আনন্দ বেছি দিন থকা নাছিল। এতিয়া পলাশে সেই ভিডিঅ’টো নিজৰ একাউন্টৰ পৰা আঁতৰাই দিছে।ইফালে স্মৃতিয়েও পলাশ জন্মদিনত দিয়া শুভেচ্ছাৰ ভিডিঅ’টো ডিলিট কৰিছে।

তেওঁলোকৰ সম্পৰ্কত হোৱা বিভাজনৰ খবৰ বিয়পি পৰাৰ পিছত স্মৃতিয়ে প্ৰথমে বিয়াৰ সকলো পোষ্ট ডিলিট কৰিছে। কিন্তু এতিয়া স্পষ্টীকৰণৰ পিছত স্মৃতিয়ে ছচিয়েল মিডিয়াৰ পৰা পলাশৰ সকলো স্মৃতি ডিলিট কৰিছে।

লগতে পঢ়ক: ‘জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছো’… স্মৃতি মন্ধানাৰ সৈতে বিবাহক লৈ মৌনতা ভংগ কৰিলে পলাশে

শেহতীয়া প্ৰৱন্ধসমূহ