২০২৬ চনৰ বাজেটত ঘোষণা কৰা সাতটা নতুন দ্ৰুতবেগী ৰে’ল কৰিডৰ সময়মতে কাৰ্যকৰী কৰাটো নিশ্চিত কৰাৰ বাবে উচ্চ পৰ্যায়ৰ ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হয়, তাৰ পিছত কেইবাটাও সিদ্ধান্ত লোৱা হয় ।
দেশত নতুন দ্ৰুতবেগী ৰে’ল (HSR) প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে ৰে’ল ব’ৰ্ডে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে । ২০২৬ চনৰ বাজেটত ঘোষণা কৰা সাতটা নতুন দ্ৰুতবেগী ৰে’ল কৰিডৰ সময়মতে কাৰ্যকৰী কৰাটো নিশ্চিত কৰাৰ বাবে উচ্চ পৰ্যায়ৰ ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হয়, তাৰ পিছত কেইবাটাও সিদ্ধান্ত লোৱা হয় ।
সাতটা প্ৰস্তাৱিত ৰেল কৰিডৰৰ ভিৰতৰ আছে মুম্বাই-পুনে, পুনে-হায়দৰাবাদ, হায়দৰাবাদ-বেংগালুৰু, হায়দৰাবাদ-চেন্নাই, চেন্নাই-বেংগালুৰু, দিল্লী-বাৰানসী আৰু বাৰাণসী-শিলিগুৰি । এই সকলোবোৰ প্ৰকল্পৰ ৰূপায়ণ ক্ষিপ্ৰতাৰে কৰাৰ দায়িত্ব নেশ্যনেল হাই স্পীড ৰে’ল কৰ্প’ৰেশ্যন লিমিটেডক অৰ্পণ কৰা হৈছে ।
ৰেলৱে ব’ৰ্ডে পূৰ্বতে প্ৰস্তুত কৰা বিশদ প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) বৰ্তমানৰ খৰচ, প্ৰকল্প সম্পূৰ্ণ হোৱাৰ খৰচ ইত্যাদি প্ৰতিফলিত কৰি প্ৰকল্পটোৰ অধিক সঠিক মূল্যায়ন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ উপৰিও সমগ্ৰ ভাৰততে তীব্ৰবেগী ৰে’লৰ বাবে একেধৰণৰ কাৰিকৰী আৰু কাৰ্যকৰী মানদণ্ড আনুষ্ঠানিকভাৱে চূড়ান্ত কৰাৰ দায়িত্ব এন এইচ এছ আৰ চি এলক দিয়া হৈছে ।
অধিসূচনাখনে প্ৰতিটো এইচ এছ আৰ প্ৰকল্পৰ বাবে এটা ক্ষেত্ৰভিত্তিক মূল দল গঠন কৰা, প্ৰকল্প-নিৰ্দিষ্ট মুখ্য কাৰ্যালয় নিৰ্ধাৰণ কৰা, নিৰ্মাণৰ পূৰ্বে কাৰ্য্যকলাপৰ সময় নিৰ্ধাৰণ কৰা আৰু চুক্তিৰ নথিপত্ৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । ইয়াৰ উপৰিও নতুন প্ৰকল্পৰ প্ৰয়োজনীয়তা ফলপ্ৰসূভাৱে পূৰণ কৰিবলৈ বিভিন্ন দ্ৰুতবেগী ৰেল প্ৰকল্পৰ বাবে পৰ্যাপ্ত আৰু প্ৰশিক্ষিত কাৰিকৰী মানৱ সম্পদৰ পৰিকল্পনা নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক : ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত কি হ’ব ভাৰতৰ স্থিতি ? স্পষ্ট কৰিলে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে









