মেক্সিকোৰ ফাতিমা বছৰ শিৰত মিছ ইউনিভাৰ্ছ-২০২৫ৰ মুকুট
থাইলেণ্ডত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০২৫ প্ৰতিযোগিতাত মিছ ইউনিভাৰ্ছৰ খিতাপ জিলিকিল মেক্সিকান সুন্দৰী ফাতিমা বছৰ শিৰত।
তেওঁক থাইলেণ্ডত অনুষ্ঠিত হোৱা ২০২৪ চনৰ মিছ ইউনিভাৰ্ছ অনুষ্ঠানত ডেনমাৰ্কৰ ভিক্টোৰিয়া কেজেৰ থেলভিগে মুকুটো পৰিধান কৰাই।
আৱেগ আৰু প্ৰচণ্ড শক্তিৰে ভৰা চূড়ান্ত খণ্ডত মেক্সিকোৰ ফাতিমা বছে আনুষ্ঠানিকভাৱে মিছ ইউনিভাৰ্ছ ২০২৫ হিচাপে পৰিগণিত হয়।
যেতিয়া তেওঁৰ নামটো ঘোষণা কৰিছিল সমগ্ৰ এৰিনাখন গুঞ্জৰিত হৈছিল কাৰণ মেক্সিকোৱে এনে এটা মুকুট উদযাপন কৰিছিল যিটো ঐতিহাসিক আৰু কষ্টোপাৰ্জিত দুয়োটা যেন লাগিছিল।
ফাতিমাই শেষ পৰ্যায়ত আগবাঢ়ি গৈছিল আৰু যেতিয়া তেওঁৰ মূৰত মুকুটটো পৰিধান কৰাইওতে উচুপি উঠিছিল। এইটো এনে এটা মূহুৰ্ত আছিল যিটো বছৰজোৰা কষ্ট, প্ৰস্তুতি আৰু অতি গভীৰলৈ যোৱা এটা চূড়ান্ত,সমগ্ৰ বিশ্বৰ মহিলাসকলৰ বাবে এটা কণ্ঠ আছিল যিয়ে পৰিৱৰ্তনৰ লগতে এক নতুন ইতিহাসো সৃষ্টি কৰিব।
লগতে পঢ়ক: ফাইনেলৰ পূৰ্বে পুনৰ বিতৰ্কত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা; আন এজন বিচাৰকৰ পদত্যাগ









