JNU

মা দুৰ্গাৰ বিসৰ্জনৰ সময়তে JNU ত সংঘাত;ছাত্ৰ-ছাত্ৰীক আক্ৰমণ বাওঁপন্থী ছাত্ৰ সংগঠনৰ!

মা দুৰ্গাৰ বিসৰ্জনৰ সময়তে JNU ত সংঘাত বৃহস্পতিবাৰে ৰাজধানী দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত হুলস্থুলৰ সৃষ্টি হয়।বিজয়দশমী উপলক্ষে উলিওৱা দুৰ্গা মূৰ্তি বিসৰ্জন শোভাযাত্ৰাৰ সময়ত দুটা ছাত্ৰ দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে জনোৱা মতে, মূৰ্তি বিসৰ্জনৰ সময়ত AISA, SFI, DSFৰ দৰে

মা দুৰ্গাৰ বিসৰ্জনৰ সময়তে JNU ত সংঘাত

বৃহস্পতিবাৰে ৰাজধানী দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত হুলস্থুলৰ সৃষ্টি হয়।বিজয়দশমী উপলক্ষে উলিওৱা দুৰ্গা মূৰ্তি বিসৰ্জন শোভাযাত্ৰাৰ সময়ত দুটা ছাত্ৰ দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে জনোৱা মতে, মূৰ্তি বিসৰ্জনৰ সময়ত AISA, SFI, DSFৰ দৰে বাওঁপন্থী ছাত্ৰ সংগঠনে বিসৰ্জনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰে।

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত JNU কেম্পাছৰ সাবৰমতী চাহ পইণ্টৰ সমীপত এই ঘটনা সংঘটিত হয়।বৰ্তমান এই ঘটনাক লৈ কেম্পাছত উত্তেজনাৰ পৰিবেশে বিৰাজ কৰিছে।বিশ্ববিদ্যালয় প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰিছে।

জানিব পৰা মতে জে এন ইউত নৱৰাত্ৰিৰ শান্তিপূৰ্ণভাৱে কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।বুধবাৰে নৱমী উপলক্ষে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰসাদ গ্ৰহণ কৰে।কিন্তু আজি বিসৰ্জনৰ সময়ত এক হুলস্থুলৰ সৃষ্টি হয়।

JNU ABVP ৰ ছাত্ৰই কয় যে, এই সকলোবোৰ JNU ছাত্ৰ সন্থাৰ সভাপতি নীতিশ কুমাৰৰ নিৰ্দেশত ঘটিছিল।মূৰ্তিলৈ শিলগুটি নিক্ষেপো কৰিছিল।

লগতে পঢ়ক: মুকলি কৰা হ’ল জিপিএছচি মেডিকেল অফিচ প্ৰিলিমচ পৰীক্ষাৰ সময়সূচী…