JNU ত অধ্যক্ষ পদসহ চাৰিওটা পদতে বাওঁপন্থীৰ জয়লাভ…

JNU ত অধ্যক্ষ পদসহ চাৰিওটা পদতে বাওঁপন্থীৰ জয়লাভ…

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU) ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত বাওঁপন্থী দলটোৱে পুনৰবাৰ জয়লাভ কৰিছে।চাৰিওটা পদতে বাওঁপন্থী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।বাওঁপন্থী অদিতি মিশ্ৰই অধ্যক্ষৰ পদত জয়লাভ কৰিছে।

অধ্যক্ষ পদৰ বাবে এবিভিপিৰ বিকাশ পেটেলক পৰাস্ত কৰিলে বাওঁপন্থী প্ৰাৰ্থী অদিতি মিশ্ৰই।ইফালে উপাধ্যক্ষ পদৰ বাবে বাওঁপন্থী কে গোপিকাই এবিভিপিৰ তনয়া কুমাৰীক পৰাস্ত কৰে।

বাওঁপন্থী সুনীল যাদৱে সাধাৰণ সম্পাদকৰ পদৰ বাবে এবিভিপিৰ ৰাজেশ্বৰ কান্ত ডুবেক পৰাস্ত কৰাৰ লগতে বাওঁপন্থী দনিশ আলীয়ে যুটীয়া সম্পাদক পদৰ বাবে অনুজ ডামাৰাক পৰাস্ত কৰিছে।

যোৱা বছৰ এবিভিপিয়ে জেএনইউ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পেনেলত যুটীয়া সম্পাদকৰ পদত জয়লাভ কৰি এক দশকৰ অন্তত ডাঙৰ প্ৰত্যাৱৰ্তন কৰিছিল।

২০১৫ চনত এবিভিপিয়ে শেষবাৰৰ বাবে এই পদত জয়লাভ কৰিছিল,ইয়াৰ পিছত বহু বছৰ ধৰি বাওঁপন্থী সংগঠনসমূহে সকলো গুৰুত্বপূৰ্ণ পদবীৰ ওপৰত অহৰহ নিয়ন্ত্ৰণ বজাই ৰাখিছিল আৰু প্ৰতিবাৰেই ক্লিন ছুইপ লাভ কৰিছিল।

লগতে পঢ়ক: সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে সংগ্ৰাম কৰি আছে নেকি ? শীঘ্ৰেই চাওক সত্যজিৎ ছাৰৰ বাতৰি কাকতৰ বিশ্লেষণ

মা দুৰ্গাৰ বিসৰ্জনৰ সময়তে JNU ত সংঘাত;ছাত্ৰ-ছাত্ৰীক আক্ৰমণ বাওঁপন্থী ছাত্ৰ সংগঠনৰ!

মা দুৰ্গাৰ বিসৰ্জনৰ সময়তে JNU ত সংঘাত

বৃহস্পতিবাৰে ৰাজধানী দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত হুলস্থুলৰ সৃষ্টি হয়।বিজয়দশমী উপলক্ষে উলিওৱা দুৰ্গা মূৰ্তি বিসৰ্জন শোভাযাত্ৰাৰ সময়ত দুটা ছাত্ৰ দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে জনোৱা মতে, মূৰ্তি বিসৰ্জনৰ সময়ত AISA, SFI, DSFৰ দৰে বাওঁপন্থী ছাত্ৰ সংগঠনে বিসৰ্জনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰে।

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত JNU কেম্পাছৰ সাবৰমতী চাহ পইণ্টৰ সমীপত এই ঘটনা সংঘটিত হয়।বৰ্তমান এই ঘটনাক লৈ কেম্পাছত উত্তেজনাৰ পৰিবেশে বিৰাজ কৰিছে।বিশ্ববিদ্যালয় প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰিছে।

জানিব পৰা মতে জে এন ইউত নৱৰাত্ৰিৰ শান্তিপূৰ্ণভাৱে কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।বুধবাৰে নৱমী উপলক্ষে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰসাদ গ্ৰহণ কৰে।কিন্তু আজি বিসৰ্জনৰ সময়ত এক হুলস্থুলৰ সৃষ্টি হয়।

JNU ABVP ৰ ছাত্ৰই কয় যে, এই সকলোবোৰ JNU ছাত্ৰ সন্থাৰ সভাপতি নীতিশ কুমাৰৰ নিৰ্দেশত ঘটিছিল।মূৰ্তিলৈ শিলগুটি নিক্ষেপো কৰিছিল।

লগতে পঢ়ক: মুকলি কৰা হ’ল জিপিএছচি মেডিকেল অফিচ প্ৰিলিমচ পৰীক্ষাৰ সময়সূচী…