ভাৰতীয় এন জি অ’লৈ ৰেমন মেগছেছে বঁটা
ভাৰতৰ বেচৰকাৰী সংস্থা ‘এডুকেট গাৰ্লছ’লৈ আগবঢ়োৱা হৈছে সন্মানীয় ৰেমন মেগছেছে বঁটা । সংস্থাটোৱে এই সন্মান দেশৰ লাখ লাখ কন্যাক স্কুললৈ ঘূৰাই নিয়াত সহায় কৰা হাজাৰ হাজাৰ ক্ষেত্ৰ সমন্বয়ক, স্বেচ্ছাসেৱক আৰু যুৱ নেতাক উৎসৰ্গা কৰে । শুকুৰবাৰে ফিলিপাইনছৰ ৰাজধানী চহৰত অনুষ্ঠিত হোৱা আনুষ্ঠানিক অনুষ্ঠানত এছিয়াৰ নোবেল বঁটা স্বৰূপ ৰেমন মেগছেছে বঁটা প্ৰদান কৰা হয় ।
৩০ হাজাৰৰো অধিক গাঁৱত কাম কৰি অহা এটা সংস্থা-
২০০৭ চনত প্ৰতিষ্ঠা হোৱা ‘এডুকেট গাৰ্লছ’এ সমগ্ৰ উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু বিহাৰৰ ৩০,০০০ৰো অধিক গাঁৱত কাম কৰি আহিছে । এই সংস্থাৰ মিছন হৈছে দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ চক্ৰ ভাঙি পেলোৱা । ৫৫,০০০ৰো অধিক স্বেচ্ছাসেৱকৰ সহায়ত এই সংস্থাই ২০ লাখতকৈ অধিক ছোৱালীক স্কুললৈ ঘূৰাই অনাত সহায় কৰিছে আৰু ২৪ লাখতকৈ অধিক শিশুক শিক্ষা কাৰ্যসূচীৰ সৈতে সংযোগ কৰিছে ।
কন্যা আৰু স্বেচ্ছাসেৱকসকলৰ বাবে উৎসৰ্গা কৰে এই সন্মান-
এই বঁটা গ্ৰহণ কৰি সংস্থাটোৰ প্ৰতিষ্ঠাপক ছাফিনা হুছেইনে কয় যে, “এই বঁটা আমাৰ কন্যাসকলৰ বাবে উৎসৰ্গিত যিসকলে নিজৰ সাহস, সংগ্ৰাম আৰু অধ্যৱসায়েৰে আমাক অনুপ্ৰাণিত কৰে । তেওঁলোকে নিজৰ আৰু পৰিয়ালৰ বাবে এক উন্নত ভৱিষ্যত সৃষ্টিৰ বাবে ঘৰুৱা দায়িত্বৰ লগত উজাগৰে গভীৰ নিশালৈকে অধ্যয়ন কৰে । এই সন্মান অভিভাৱক, শিক্ষক, সমাজৰ সদস্য আৰু ৫৫,০০০ স্বেচ্ছাসেৱকৰ বাবে উৎসৰ্গিত, যি এই ছোৱালীসকলৰ লগত প্ৰতিদিনে থিয় দিছে ।”
এন জি অ’টোৰ মুখ্য কাৰ্যবাহী বিষয়া গায়ত্ৰী নাইৰ লোবোৱে কয় যে এই সন্মানে সোঁৱৰাই দিয়ে যে যেতিয়া মানুহে একেলগে কাম কৰে তেতিয়া অসম্ভৱো সম্ভৱ হ’ব পাৰে । এই বঁটাই আমাৰ সামূহিক প্ৰচেষ্টা, উদ্ভাৱনীমূলক কাৰ্যসূচী আৰু চৰকাৰী পদক্ষেপক স্বীকৃতি দিছে বুলিও কয় তেওঁ । এতিয়া ২০৩৫ চনৰ ভিতৰত এক কোটি শিক্ষাৰ্থীৰ ওচৰলৈ যোৱা সংস্থাটোৰ লক্ষ্য বুলি কয় বিষয়াগৰাকীয়ে । তেওঁ কয়, বিশ্বৰ লাখ লাখ ছোৱালীয়ে এতিয়াও শিক্ষা লাভৰ সুযোগৰ বাবে অপেক্ষা কৰি আছে, আৰু আমি নিবিচাৰো যে তেওঁলোকে আৰু অপেক্ষা কৰক ।
লগতে পঢ়ক : ‘এনেকুৱা কোনো লক্ষ্য নাই যিটো ভাৰতে সম্পূৰ্ণ কৰিব পৰা নাই’; ‘বন্দে মাতৰম’ৰ ১৫০ বছৰত প্ৰধানমন্ত্ৰীৰ মন্তব্য









