বিশ্বকাপত অপ্ৰতিৰোধ্য ভাৰতীয় দল, বৈভৱ-বিহানৰ ধুমুহাত ২০৪ ৰানত পৰাস্ত জিম্বাবুৱেক

বিশ্বকাপত অপ্ৰতিৰোধ্য ভাৰতীয় দল, বৈভৱ-বিহানৰ ধুমুহাত ২০৪ ৰানত পৰাস্ত জিম্বাবুৱেক

আই চি চি অনূৰ্ধ্ব-১৯ বিশ্বকাপত অপ্ৰতিৰোধ্য হৈ পৰিছে ভাৰতীয় দলৰ বিজয় ৰথ । মঙলবাৰে অনুষ্ঠিত হোৱা এখন মেচত দলটোৱে জিম্বাবৱেক ২০৪ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে । ২০২৬ৰ আই চি চি অনূৰ্ধ্ব-১৯ বিশ্বকাপৰ ছুপাৰ ছিক্স ৰাউণ্ডত ভাৰতীয় দলে জিম্বাবুৱে ২০৪ ৰানত পৰাস্ত কৰে । এই

আই চি চি অনূৰ্ধ্ব-১৯ বিশ্বকাপত অপ্ৰতিৰোধ্য হৈ পৰিছে ভাৰতীয় দলৰ বিজয় ৰথ । মঙলবাৰে অনুষ্ঠিত হোৱা এখন মেচত দলটোৱে জিম্বাবৱেক ২০৪ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ।

২০২৬ৰ আই চি চি অনূৰ্ধ্ব-১৯ বিশ্বকাপৰ ছুপাৰ ছিক্স ৰাউণ্ডত ভাৰতীয় দলে জিম্বাবুৱে ২০৪ ৰানত পৰাস্ত কৰে । এই মেচখন আছিল ছুপাৰ ছিক্সৰ গ্ৰুপ ২ৰ ষষ্ঠখন মেচ । মেচখনত জিম্বাবুৱেই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।

প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৫০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৩৫২ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত জিম্বাবুৱে দলে ৩৭.৪ অভাৰত মাত্ৰ ১৪৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে । এই জয়ে ভাৰতক ছেমি ফাইনেলৰ এখোজ ওচৰলৈ লৈ গৈছে । প্ৰথমে বেটিং কৰি ভাৰতে বিহান মালহোত্ৰাৰ শতক, বৈভৱ সূৰ্য্যবংশী আৰু অভিজ্ঞান কুণ্ডুৰ অৰ্ধশতকৰ বাবে ডাঙৰ স্ক’ৰ গঢ়িবলৈ সক্ষম হয় ।

বেটিঙত সফল নোহোৱা ভাৰতীয় অধিনায়ক আয়ুষ মাহাত্ৰেই পিছত শক্তিশালী বলিঙেৰে ৪ অভাৰত ১৪ ৰান খৰছ কৰি ৩ টা উইকেট দখল কৰে । উদ্ধৱ মোহনেও ৩টা উইকেট দখল কৰিবলৈ সক্ষম হয় । বৰ্তমানলৈ এই প্ৰতিযোগিতাত অপৰাজিত হৈ আছে ভাৰতীয় দল ।

ভাৰতৰ ইনিংছ-

বৈভৱ সূৰ্য্যবংশী আৰু এৰন জৰ্জে ভাৰতৰ ইনিংছ মুকলি কৰে । দ্বিতীয় অভাৰত জৰ্জ আৰু বৈভৱে মিলি মাইকেল ব্লিগনাটৰ অভাৰত ১৫ ৰান সংগ্ৰহ কৰে । দুয়োগৰাকীয়ে চাৰি অভাৰত ৪৪ ৰান সংগ্ৰহ কৰে যদিও পঞ্চম অভাৰৰ প্ৰথমটো বলত এৰন জৰ্জৰ উইকেটৰ পতন ঘটে । ভাৰতে ৬ অভাৰত দলীয় ৫৯ ৰান সংগ্ৰহ কৰে । বৈভৱেও বিস্ফোৰক বেটিঙেৰে ২৪টা বলত অৰ্ধশতক অৰ্জন কৰে । চাৰিটা ছয় আৰু চাৰিটা চাৰিৰ সহায়ত তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰে ।

১১ নং অভাৰৰ প্ৰথম বলত ভাৰতীয় দলটোৱে ১০০ ৰান সংগ্ৰহ কৰে । একেটা অভাৰতে আয়ুষ মাহাত্ৰেৰ উইকেটৰ পতন ঘটে । ইয়াৰ পিছতে একেটা অভাৰতে বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ইনিংছ সমাপ্ত কৰে তাটেণ্ডাই । বৈভৱে ৫২ ৰান সংগ্ৰহ কৰি আউট হয় ।

বেদান্ত ত্ৰিবেদীও ১৫ ৰানত তাতেন্দাৰ হাতত উইকেট বিসৰ্জন দিয়ে । বিহান মালহোত্ৰা আৰু অভিজ্ঞান কুণ্ডুৱে ১১৩ ৰানৰ এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ে । অৱশ্যে ২৪৩ ৰান হোৱাৰ লগে লগে অভিজ্ঞানক ছিম্বৰাছে মুডজেংগেৰেৰে ৬১ ৰানত আউট কৰে । এইদৰে ভাৰতে ৩৬ অভাৰৰ তৃতীয় বলত ২৪৩ ৰানত পঞ্চমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ পিছতে চিম্বৰাছে কনিষ্ক চৌহানক আউট কৰে ।

বিহান মালহোত্ৰাই ধাৰাবাহিকতা ৰক্ষা কৰি ১০৭ বলত ১০৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । আৰ এছ এম্ব্ৰিছ (২১) আৰু খিনান পেটেল (৩১)ৰ সৈতে তেওঁ উপযোগী অংশীদাৰিত্ব গঢ়ি তোলে । জিম্বাবুৱেৰ হৈ টাটেণ্ডা চিমুগোৰোৱে তিনিটা উইকেট দখল কৰি সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হয় । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত ভাৰতীয় দলৰ বাবে বিহানৰ এই শতকটোৱেই আছিল প্ৰথমটো ।

জিম্বাবুৱেৰ ইনিংছ-

জিম্বাবুৱেৰ ১৯ বছৰ অনুৰ্ধ দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰ খেলাত ব্যৰ্থ হয় । ৩৭.৪ অভাৰত ১৪৮ ৰান কৰি অল আউট হয় দলটো । ভাৰতীয় ১৯ বছৰ অনুৰ্ধ বলাৰসকলে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই বিপক্ষ দলৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ।

জিম্বাবুৱেৰ আৰম্ভণি দুৰ্বল আছিল । অ’পেনাৰ নাথানিয়েল হিলাবাংগানাক কোনো ৰান নকৰাকৈ আউট হয় । ধ্ৰুৱ পেটেল (৮ ৰান) আৰু ব্ৰেণ্ডন চেনজেৰ (৩ ৰান) আগতীয়াকৈ পেভিলিয়নমুখী হয় ।

মিডল অৰ্ডাৰত কিয়ান ব্লিগনাটে কিছু প্ৰতিৰোধ প্ৰদৰ্শন কৰি ৭৩টা বলত ৩৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে লিৰয় চিৱোলাই ৬২ ৰানৰ ইনিংছ খেলে ।

টাটেণ্ডা চিমুগোৰোৱেও ২৯ ৰান সংগ্ৰহ কৰে যদিও বাকী বেটছমেনসকলে বিশেষ ৰান সংগ্ৰহত ব্যৰ্থ হয় । নিম্ন ক্ৰমত ধাৰাবাহিকভাৱে উইকেটৰ পতন ঘটে আৰু দলটোৱে ১৪৮ ৰানত অল আউট হয় ।

ভাৰতীয় বলাৰসকলৰ ভিতৰত আৰ এছ এম্ব্ৰিছে ৬ অভাৰত মাত্ৰ ১৯ ৰানত দুটা উইকেট দখল কৰে । উদ্ধৱ মোহন আৰু আয়ুষ মাহাত্ৰেই তিনিটাকৈ উইকেট দখল কৰে । হেনিল পেটেল আৰু খিলান পেটেলে এটাকৈ উইকেট লাভ কৰে ।

লগতে পঢ়ক : তিলক বাৰ্মাৰ প্ৰত্যাৱৰ্তনক লৈ উৎকণ্ঠাৰ অন্ত… চতুৰ্থ টি-২০ৰ পূৰ্বে মুখ খুলিলে বিচিচিআইয়ে

শেহতীয়া প্ৰৱন্ধসমূহ