হেনলি পাছপোৰ্ট ইনডেক্স ২০২৫: শীৰ্ষ ১০ৰ পৰা বাদ পৰিল আমেৰিকা; ভাৰতৰ স্থানো অৱনমিত

হেনলি পাছপোৰ্ট ইনডেক্স ২০২৫: শীৰ্ষ ১০ৰ পৰা বাদ পৰিল আমেৰিকা; ভাৰতৰ স্থানো অৱনমিত

হেনলি পাছপোৰ্ট ইনডেক্স ২০২৫ বিশ্বৰ শক্তিশালী পাছপোৰ্টৰ তালিকাত পুনৰবাৰ শীৰ্ষস্থান দখল কৰিছে ছিংগাপুৰে । কিন্তু বিশ্বজুৰি পাছপোৰ্টৰ শক্তি জোখা হেনলি পাছপোৰ্ট ইনডেক্স ২০২৫ত কিছু আচৰিত পৰিৱৰ্তন দেখা গৈছে । এসময়ত বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট থকা আমেৰিকা এতিয়া এই তালিকাত ১২ নম্বৰ স্থানলৈ অৱনমিত হৈছে ।

হেনলি পাছপোৰ্ট ইনডেক্স ২০২৫

বিশ্বৰ শক্তিশালী পাছপোৰ্টৰ তালিকাত পুনৰবাৰ শীৰ্ষস্থান দখল কৰিছে ছিংগাপুৰে । কিন্তু বিশ্বজুৰি পাছপোৰ্টৰ শক্তি জোখা হেনলি পাছপোৰ্ট ইনডেক্স ২০২৫ত কিছু আচৰিত পৰিৱৰ্তন দেখা গৈছে । এসময়ত বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট থকা আমেৰিকা এতিয়া এই তালিকাত ১২ নম্বৰ স্থানলৈ অৱনমিত হৈছে । আমেৰিকাৰ পাছপোৰ্টত এতিয়া মাত্ৰ ১৮০খন দেশলৈ ভিছাবিহীন যাত্ৰাৰ অনুমতি দিয়া হৈছে । ইয়াৰ দ্বাৰা দেশৰ বিশ্বব্যাপী অৱস্থাৰ পৰিৱৰ্তন আৰু কূটনৈতিক সম্পৰ্কৰ প্ৰভাৱ প্ৰতিফলিত হৈছে ।

অৱশ্যে হেনলি পাছপোৰ্ট ইনডেক্স ২০২৫ৰ তালিকাত ভাৰতৰ স্থানো বিশেষ উন্নত হোৱা পৰিলক্ষিত হোৱা নাই । ২০২৪ চনত ৮০ নম্বৰ স্থানত থকা ভাৰত ২০২৫ চনত ৮৫ নম্বৰলৈ অৱনমিত হৈছে । ভাৰতীয় পাছপোৰ্টধাৰীয়ে এতিয়া ভিছা অবিহনে ৫৯খন দেশলৈ যাব পাৰিব । ৰেকিঙত ভাৰতৰ স্থান অৱনমিত হোৱাটোৱে বিশ্ব ভ্ৰমণ নিয়মৰ পৰিৱৰ্তন আৰু দেশৰ বিকাশশীল আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰতিফলন ঘটাইছে ।

ছিংগাপুৰে অব্যাহত ৰাখিছে নিজৰ আধিপত্য-

পুনৰবাৰ এই তালিকাত আধিপত্য বিস্তাৰ কৰিছে ছিংগাপুৰে । ছিংগাপুৰে পুনৰবাৰ বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্টৰ গৌৰৱ অৰ্জন কৰিছে । ইয়াৰ নাগৰিকে এতিয়া ভিছাবিহীনভাৱে ১৯৫খন দেশলৈ যাব পাৰিব । দক্ষিণ কোৰিয়া (১৯০খন দেশ) আৰু জাপানে (১৮৯খন দেশ) ক্ৰমে এই তালিকাত দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ।

ইফালে এই তালিকাৰ শীৰ্ষ ১০ খনত ইউৰোপৰ কেইবাখনো দেশ অন্তৰ্ভুক্ত হৈছে, যি চতুৰ্থ আৰু পঞ্চম স্থানত আছে । নিউজীলেণ্ড, অষ্ট্ৰেলিয়া আৰু কানাডাই শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিছে । ইউ এ ইৰো স্থানৰ যথেষ্ঠ উন্নত হৈছে । এতিয়া ১৮৪খন দেশলৈ ভিছাবিহীন ভ্ৰমণৰ সৈতে অষ্টম স্থানত আছে দেশখন । ব্ৰিটেইনৰ স্থানো অৱনমিত হৈছে । দেশখন এতিয়া অষ্টম স্থানত আছে, যিটো এতিয়ালৈকে তেওঁলোকৰ সৰ্বনিম্ন স্থান ।

উল্লেখ্য যে পাছপোৰ্টৰ ৰেংকিঙে এখন দেশৰ নাগৰিকে কিমান মুক্তভাৱে বিশ্ব ভ্ৰমণ কৰিব পাৰে তাকে প্ৰতিফলিত কৰে । পাছপোৰ্ট যিমানেই শক্তিশালী হ’ব সিমানেই দেশত ভিছাবিহীন ভ্ৰমণৰ অনুমতি দিয়া হ’ব । ইয়াৰ উপৰিও ই এখন দেশৰ বিশ্বব্যাপী ভাবমূৰ্তি, কূটনীতি আৰু বিশ্বাসৰ প্ৰতীক হিচাপেও কাম কৰে ।

লগতে পঢ়ক : তিনি অৰ্থনীতিবিদলৈ ২০২৫ বৰ্ষৰ অৰ্থনীতিৰ নোবেল; উদ্ভাৱন আৰু সৃজনশীল ধ্বংসৰ তত্ত্বক স্বীকৃতি