কোটি কোটি স্মাৰ্টফোন ব্যৱহাৰকাৰীলৈ চৰকাৰৰ সতৰ্কবাণী; হেক হ’ব পাৰে ফোন

কোটি কোটি স্মাৰ্টফোন ব্যৱহাৰকাৰীলৈ চৰকাৰৰ সতৰ্কবাণী; হেক হ’ব পাৰে ফোন

কোটি কোটি স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ বাবে কেন্দ্ৰ চৰকাৰে সতৰ্কবাণী জাৰি কৰিছে। সতৰ্কবাণীত এণ্ড্ৰইড স্মাৰ্টফোনত অহা নতুন সমস্যাৰ কথা উল্লেখ কৰিছে কোটি কোটি এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ বাবে চৰকাৰে নতুন সতৰ্কবাণী জাৰি কৰিছে ।গৃহ মন্ত্ৰালয়ৰ চাইবাৰ নিৰাপত্তা শাখা CERT-In য়ে এই সতৰ্কবাণী জাৰি কৰিছে। কম্পিউটাৰ ইমাৰ্জেন্সি ৰেচপন্স টিমে

কোটি কোটি স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ বাবে কেন্দ্ৰ চৰকাৰে সতৰ্কবাণী জাৰি কৰিছে। সতৰ্কবাণীত এণ্ড্ৰইড স্মাৰ্টফোনত অহা নতুন সমস্যাৰ কথা উল্লেখ কৰিছে

কোটি কোটি এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ বাবে চৰকাৰে নতুন সতৰ্কবাণী জাৰি কৰিছে ।গৃহ মন্ত্ৰালয়ৰ চাইবাৰ নিৰাপত্তা শাখা CERT-In য়ে এই সতৰ্কবাণী জাৰি কৰিছে।

কম্পিউটাৰ ইমাৰ্জেন্সি ৰেচপন্স টিমে (CERT-In) সতৰ্কবাণীত এণ্ড্ৰইড স্মাৰ্টফোনত অহা নতুন সমস্যাৰ কথা উল্লেখ কৰিছে।

সংস্থাটোৱে জাৰি কৰা টোকা CIVN-2026-0016 অনুসৰি, স্মাৰ্টফোনটোৰ ডলবি অডিঅ’ ফিচাৰত এই সমস্যাটো দেখা গৈছে,যাৰ সুবিধা হেকাৰে ল’ব পাৰে।

CERT-In এ নিজৰ সতৰ্কবাণীত কৈছে যে, ডলবি অডিঅ’ৰ আৰ্বাটৰী ক’ডত পোৱা এই সমস্যাৰ সুযোগ লৈ হেকাৰে ব্যৱহাৰকাৰীৰ ফোনত মেলৱেৰ ইনজেকচন কৰিব পাৰে।

ইয়াৰ পিছত তেওঁলোকৰ স্মাৰ্টফোনৰ পৰা ব্যক্তিগত নথি-পত্ৰ, বেংকৰ তথ্য আদি চুৰি কৰিব পাৰিব। চৰকাৰৰ সতৰ্কবাণীত কোৱা হৈছে যে গুগল এণ্ড্ৰইড প্লেটফৰ্মত চলি থকা স্মাৰ্টফোন আৰু ইয়াৰ বাবে টেবলেট প্ৰভাৱিত হ’ব পাৰে। এনে পৰিস্থিতিত ব্যৱহাৰকাৰীয়ে মনোযোগ দিয়াৰ প্ৰয়োজন।

চৰকাৰী সংস্থাটোৱে এই ত্ৰুটিক হাই-ৰিস্ক ৰিম’ট ক’ড এক্সিকিউশ্যন বুলি অভিহিত কৰিছে আৰু ইয়াৰ বাবেই ডিভাইচটোৰ মেম’ৰি প্ৰভাৱিত হ’ব পাৰে।

সতৰ্কবাণীটোত কোৱা হৈছে যে এণ্ড্ৰইড হৈছে এটা মুক্ত উৎস অপাৰেটিং চিষ্টেম,যাক স্মাৰ্টফোনৰ উপৰিও ইয়াক স্মাৰ্ট ঘড়ী, টেবলেট আৰু স্মাৰ্ট টিভিত ব্যৱহাৰ কৰা হয়। ইয়াৰ এক্সিকিউশ্যন ত্ৰুটিৰ বাবে হেকাৰে ব্যৱহাৰকাৰীৰ ডিভাইচত দূৰৱৰ্তী প্ৰৱেশ লাভ কৰিব পাৰে।

সতৰ্কবাণীত চৰকাৰে কোটি কোটি এণ্ড্ৰইড ব্যৱহাৰকাৰীক পৰামৰ্শ দি কয় যে,তেওঁলোকে নিজৰ ডিভাইচটো শেহতীয়া অপাৰেটিং চিষ্টেমৰ সৈতে আপডেট কৰিব লাগে যাতে ইয়াৰ ফলত হোৱা বিপদৰ পৰা হাত সাৰিব পৰা যায়।

এই অনিয়ম যোৱা বছৰৰ অক্টোবৰ মাহত ধৰা পৰিছিল। তাৰ পিছৰ পৰা গুগলে কেইবাটাও আপডেট মুকলি কৰিছে, যিয়ে এই সমস্যাটো সমাধান কৰিব লাগে। ২০২৬ চনৰ জানুৱাৰী মাহৰ নিৰাপত্তা পেচত এণ্ড্ৰইড ডিভাইচৰ এই সমস্যাটো ঠিক কৰা হৈছে।

লগতে পঢ়ক: কেন্দ্ৰ চৰকাৰৰ ডাঙৰ পদক্ষেপ; ২৪২টা অনলাইন বেটিং আৰু জুৱা ৱেবছাইটক কৰিলে নিষিদ্ধ

শেহতীয়া প্ৰৱন্ধসমূহ