ব্যয় সংকোচনৰ প্ৰয়াস: একেলগে গাড়ী শ্বেয়াৰ কৰি বজপেয়ী ভৱনলৈ গ’ল ৰাজ্যৰ মন্ত্ৰীসকল

ব্যয় সংকোচনৰ প্ৰয়াস: একেলগে গাড়ী শ্বেয়াৰ কৰি বাজপেয়ী ভৱনলৈ গ’ল ৰাজ্যৰ মন্ত্ৰীসকল

ৰাজ্য চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীয়ে পৃথকে পৃথকে চৰকাৰী বাহন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে একেলগে গাড়ী শ্বেয়াৰ কৰি হেঙৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনলৈ যাত্ৰা কৰে ৰাজহুৱা জীৱনত মিতব্যয়িতা প্ৰসাৰ কৰা আৰু ইন্ধনৰ অপ্ৰয়োজনীয় ব্যৱহাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ মন্ত্ৰীসভাই গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ

ৰাজ্য চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীয়ে পৃথকে পৃথকে চৰকাৰী বাহন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে একেলগে গাড়ী শ্বেয়াৰ কৰি হেঙৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনলৈ যাত্ৰা কৰে

ৰাজহুৱা জীৱনত মিতব্যয়িতা প্ৰসাৰ কৰা আৰু ইন্ধনৰ অপ্ৰয়োজনীয় ব্যৱহাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ মন্ত্ৰীসভাই গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । ৬ জুনত ৰাজ্য চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীয়ে পৃথকে পৃথকে চৰকাৰী বাহন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ‘কাৰ-পুলিং’ (একেলগে গাড়ী শ্বেয়াৰ কৰা) কৰি হেঙৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় ‘বাজপেয়ী ভৱন’লৈ যাত্ৰা কৰে ।

প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি-

বিশ্বৰ বৰ্তমানৰ জটিল পৰিস্থিতি, বিশেষকৈ পশ্চিম এছিয়াত চলি থকা যুদ্ধসদৃশ সংঘাতৰ বাবে খাৰুৱা তেল তথা ইন্ধনৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে । ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক তথা জনপ্ৰতিনিধিসকলক অপ্ৰয়োজনীয় ইন্ধনৰ খৰচ কমাবলৈ আহ্বান জনাইছিল । সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো চৰকাৰী ব্যয় সংকোচনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । এই দুই শীৰ্ষ নেতাৰ আহ্বানক সন্মান জনাই ৰাজ্যৰ মন্ত্ৰীসকলে এই কাৰ-পুলিং কাৰ্যসূচী হাতত লয় ।

সামাজিক মাধ্যমত পীযুষ হাজৰীকাৰ পোষ্ট-

মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যম এক্স (X)-ত মন্ত্ৰীসকলৰ এই যাত্ৰাৰ আলোকচিত্ৰ আৰু সবিশেষ শ্বেয়াৰ কৰি লিখে :

“মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে আমাক সকলোকে ৰাজহুৱা আচৰণত বিচক্ষণ হ’বলৈ কৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো আমাক সকলোকে অপ্ৰয়োজনীয় খৰচ কমাবলৈ কৈছে । তেখেতসকলৰ এই নিৰ্দেশনাক আখৰে আখৰে পালন কৰি আজি মই আৰু মোৰ সতীৰ্থ কেবিনেট মন্ত্ৰীসকলে একেলগে গাড়ী শ্বেয়াৰ কৰি বজপায়ী ভৱনলৈ ৰাওনা হৈছোঁ ।”

মুখ্যমন্ত্ৰীৰ প্ৰশংসা-

মন্ত্ৰী হাজৰীকাৰ এই পোষ্টৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰীসকলৰ এই প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে । তেওঁ এই কাৰ্যক এক “ভাল পদক্ষেপ” বুলি অভিহিত কৰাৰ লগতে কয় যে সমাজৰ সৰ্বাংগীণ উন্নতিৰ বাবে আৰু মিতব্যয়িতাৰ বাৰ্তা বিলোৱাৰ ক্ষেত্ৰত জনপ্ৰতিনিধিসকলে সদায় আগভাগ লৈ এনেদৰে অনুকৰণীয় উদাহৰণ দাঙি ধৰা উচিত ।

লগতে পঢ়ক : ৰাজ্যপালৰ আতিথ্যত লোক ভৱনত ‘স্নেহ মিলন’: ক’ভিডৰ পিছত পুনৰ জীৱন্ত হ’ল পুৰণি পৰম্পৰা

শেহতীয়া প্ৰৱন্ধসমূহ