মাত্র ১১ দিনতে এছেজ শৃংখলা জয় অষ্ট্রেলিয়াৰ

মাত্র ১১ দিনতে এছেজ শৃংখলা জয় অষ্ট্রেলিয়াৰ

এডিলেইডত অনুষ্ঠিত এছেজ শৃংখলাৰ তৃতীয়খন টেষ্টতো বিজয় সাব্যস্ত কৰিছে অষ্ট্ৰেলিয়াই । কেংগাৰু বাহিনীয়ে মাত্র ১১ দিনতে এই শৃংখলা দখল কৰিবলৈ সক্ষম হৈছে ৷ মাত্র ১১ দিনতে ইংৰাজ বধ কৰি এছেজ শৃংখলা নিজৰ দখলত ৰাখিলে অষ্ট্রেলিয়াই ৷ এডিলেইডত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন টেষ্টতো ঘৰুৱা দল অষ্ট্রেলিয়াই ইংলেণ্ডক

এডিলেইডত অনুষ্ঠিত এছেজ শৃংখলাৰ তৃতীয়খন টেষ্টতো বিজয় সাব্যস্ত কৰিছে অষ্ট্ৰেলিয়াই । কেংগাৰু বাহিনীয়ে মাত্র ১১ দিনতে এই শৃংখলা দখল কৰিবলৈ সক্ষম হৈছে ৷

মাত্র ১১ দিনতে ইংৰাজ বধ কৰি এছেজ শৃংখলা নিজৰ দখলত ৰাখিলে অষ্ট্রেলিয়াই ৷ এডিলেইডত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন টেষ্টতো ঘৰুৱা দল অষ্ট্রেলিয়াই ইংলেণ্ডক ৮২ ৰানত পৰাস্ত কৰে ৷ পার্থ আৰু ব্রিজবেন টেষ্টতো বিজয় সাব্যস্ত কৰি অষ্ট্রেলিয়াই ৩–০ৰ অগ্রগতিৰে ৫খনীয়া টেষ্ট মেচৰ শৃংখলাটো দখল কৰিবলৈ সক্ষম হয় ৷

মন কৰিবলগীয়া যে কেংগাৰু বাহিনীয়ে মাত্র ১১ দিনত এছেজ শৃংখলাটো দখল কৰিবলৈ সক্ষম হয় ৷ এডিলেইডত কালি সামৰণি পৰা টেষ্টখন ৫ দিনত সমাপ্ত হোৱাৰ বিপৰীতে পার্থত অনুষ্ঠিত প্রথমখন টেষ্ট দুদিনত আৰু ব্রিজবেনত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট ৪ দিনত সমাপ্ত হৈছিল ৷ শৃংখলাটোৰ দুখন টেষ্ট বাকী থকা অৱস্থাত অষ্ট্রেলিয়াই মাত্র ১১ দিনতে শৃংখলাটো দখল কৰিবলৈ সক্ষম হয় ৷

শনিবাৰে এডিলেইড টেষ্টত জয়লাভ কৰাটো নিশ্চিত হৈছিল অষ্ট্রেলিয়াৰ ৷ ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ৪৩৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি চতুর্থ দিনা ২০৭ ৰানত ৬টা উইকেট হেৰুৱাই পৰাজয়ৰ শংকাত পৰিছিল ইংৰাজ বাহিনী ৷ কালি পঞ্চম তথা অন্তিম দিনা দলীয় স্ক’ৰত ১৪৫ ৰান সংগ্রহ কৰি বেন ষ্ট’কছ বাহিনীয়ে বাকী চাৰিটা উইকেট হেৰুৱায় ৷ ইংলেণ্ডে ১০২.৫ অভাৰত ৩৫২ ৰান কৰি দ্বিতীয় ইনিংছ সামৰে ৷ আগদিনাৰ অপৰাজিত বেটাৰদ্বয় জেমি স্মিথ আৰু উইল জেকছে টেষ্টখনত দলৰ পৰাজয় ৰোধ কৰাৰ বাবে চেষ্টা চলায় যদিও বিফল হয় ৷ আগদিনা ২ ৰানত বেটিং কৰি থকা জেমি স্মিথে কালি ৬০ ৰানত বিদায় লোৱাৰ বিপৰীতে আগদিনা ১১ ৰানত অপৰাজিত হৈ থকা উইল জেকচে ৪৭ ৰানত পেভিলিয়নমুখী হয় ৷ দুয়োৱে সপ্তম উইকেটত ৯১ ৰান কৰে ৷

ইফালে, স্মিথ আউট হোৱাৰ পিছত জেকছে ব্রাইডন কার্ছৰ সৈতে লগ লাগি টেষ্টখন ড্র কৰাৰ চেষ্টা চলায় যদিও বিফল হয় ৷ জেকছে ব্রাইডনৰ সৈতে ৫২ ৰান কৰে ৷ ব্রাইডনে ৩৯ ৰান কৰি অপৰাজিত হৈ থাকে৷ জেকছ আউট হোৱাৰ কিছু সময়ৰ পিছত ইংলেণ্ডে বাকীকেইটা উইকেট হেৰুৱাই পৰাজয়ৰ সন্মুখীন হয় ৷ অষ্ট্রেলিয়াৰ হৈ মিচেল ষ্টার্ক, পেট কামিনছ আৰু নাথান লিয়’নে তিনিটাকৈ উইকেট লাভ কৰাৰ লগতে স্ক’ট ব’লাণ্ডে এটা উইকেট লাভ কৰে ৷

উল্লেখ্য যে অষ্ট্রেলিয়াই প্রথম ইনিংছত ৩৭১ আৰু দ্বিতীয় ইনিংছত ৩৪৯ ৰান কৰাৰ প্রত্যুত্তৰত ইংলেণ্ডে ২৮৬ ৰানত প্রথম ইনিংছ সামৰিছিল ৷ মেচখনৰ প্রথম ইনিংছত ১০৬ আৰু দ্বিতীয় ইনিংছত ৭২ ৰান কৰা অষ্ট্রেলিয়াৰ এলেক্স কেৰীয়ে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা এছেজ শৃংখলাৰ চতুর্থখন টেষ্ট ২৬ ডিচেম্বৰৰ পৰা মেলব’ৰ্নত অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল, জানক নিৰ্বাচিত খেলুৱৈসকলৰ বিগত এটা বছৰৰ প্ৰদৰ্শন

শেহতীয়া প্ৰৱন্ধসমূহ