উজনি অসমৰ বন্যাৰ্তৰ দুদৰ্শা দেখি কান্দি উঠিল ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱৰ হৃদয় । বন্যাৰ্তৰ কুশল প্ৰাৰ্থনা কৰি কৰিলে বিশেষ পোষ্ট ।
অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈছে উজনি অসম । প্ৰলয়ংকাৰী বানে নমাই অনা বিপৰ্যয়ত দিশহাৰা হৈ পৰিছে লক্ষাধিক বানাক্ৰান্ত । ভয়ংকৰ বানত ঘৰ-দুৱাৰ, খেতি পথাৰকে ধৰি সৰ্বস্ব হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে বন্যাৰ্ত । পূৰ্বতে উদাহৰণ নথকা, ভাষাৰে বুজাব নোৱৰা এই ভয়াৱহ বানে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ বহু অঞ্চললৈ নমাই আনিলে অন্ধকাৰ ।
এই সংকটৰ মুহূৰ্তত কেৱল সমগ্ৰ দেশেই নহয়, বিশ্বৰ প্ৰান্তৰ পৰাও নামি আহিছে সহায় আৰু সমবেদনাৰ হাত । ঠিক এনে সময়তে বানাক্ৰান্তৰ প্ৰতি সমবেদনা আৰু প্ৰাৰ্থনা জনালে ভাৰতীয় ক্ৰিকেটৰ তাৰকা, ‘মিষ্টাৰ ৩৬০ ডিগ্ৰী’ সূৰ্য্যকুমাৰ যাদৱে !
ছ’চিয়েল মিডিয়াত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি সূৰ্য্যকুমাৰ যাদৱে অসমৰ বানপীড়িত ৰাইজৰ বাবে হৃদয়স্পৰ্শী এক বাৰ্তা দিছে ।
কি লিখিছে সূৰ্য্যই?
অসমৰ বিভীষিকাময় ছবিখন দেখি মন ভাগি পৰা সূৰ্য্যই লিখিছে- “অসমত অহা ভয়ংকৰ বানত প্ৰভাৱিত হোৱা প্ৰতিগৰাকী লোকলৈ মোৰ গভীৰ সমবেদনা আৰু প্ৰাৰ্থনা জনাইছোঁ । এই কঠিন পৰিস্থিতিত যুঁজি থকা প্ৰতিটো পৰিয়ালে যাতে মনোবল ধৰি ৰাখিব পাৰে আৰু সকলো যাতে সুৰক্ষিত হৈ থাকে, সেয়াই প্ৰাৰ্থনা ।”
কেৱল সমবেদনাই নহয়, দিন-ৰাতি একাকাৰ কৰি নিজৰ জীৱন বিপন্ন কৰি উদ্ধাৰ কাৰ্যসূচীত নিয়োজিত হৈ থকা প্ৰকৃত নায়কসকলকো চেল্যুট জনাইছে সূৰ্য্যই । তেওঁ লিখিছে- “বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দি দিন-ৰাতি কাম কৰি থকা NDRF, SDRF, স্বেচ্ছাসেৱক আৰু বিষয়াসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনালোঁ । আমি সকলোৱে মিলি এই কঠিন দিনবোৰ পাৰ কৰিম আৰু অতি সোনকালে সকলো ঠিক হৈ পৰিব । সুৰক্ষিত থাকক, অসম!”
লগতে পঢ়ক : অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদীঃ মুখ্যমন্ত্ৰীয়ে জনালে ধন্যবাদ









