মীৰাবাই চানুৰ স্বৰ্ণ জয় । চমকপ্ৰদ প্ৰদৰ্শনেৰে পুনৰ ইতিহাসৰ পাতত ভাৰতীয় তাৰকাগৰাকী ।
অলিম্পিক পদক বিজয়ী ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে পুনৰ এবাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে । গ্লাছগোত অনুষ্ঠিত ২০২৬ চনৰ কমনৱেলথ গেমছৰ মহিলাৰ ৪৮ কেজি শাখাত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি তেওঁ স্বৰ্ণ পদক অৰ্জন কৰে । এই ঐতিহাসিক জয়ৰ সৈতে মীৰাবাইয়ে কমনৱেলথ গেমছত ক্ৰমাগতভাৱে তৃতীয়টো সোণৰ পদক জিকি নিজৰ ‘স্বৰ্ণ হেটট্ৰিক’ সম্পূৰ্ণ কৰে ।
অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শন:
প্ৰতিযোগিতাৰ প্ৰথমটো প্ৰচেষ্টাত ৮২ কেজি ওজন তুলিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বিফল হৈছিল যদিও অদম্য সাহসেৰে প্ৰত্যাবৰ্তন কৰে চানুৱে । দ্বিতীয় প্ৰচেষ্টাত ৮২ কেজি দাঙি কমনৱেলথ গেমছৰ পুৰণি ৰেকৰ্ড ভংগ কৰাৰ পিছত, তৃতীয় প্ৰচেষ্টাত অতি সহজে ৮৫ কেজি ওজন দাঙি এক নতুন কমনৱেলথ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ।
ইতিহাসৰ পাতত মীৰাবাই:
কমনৱেলথ গেমছ ইতিহাসত এই শাখাত কোনো প্ৰতিযোগীয়ে ইমান ওজন তোলাৰ নজিৰ নাই । কেৱল কমনৱেলথ গেমছতে নহয়, বিশ্ব প্ৰতিযোগিতা বা অলিম্পিকৰ দৰে মঞ্চতো ৰাষ্ট্ৰমণ্ডলৰ অন্তৰ্গত কোনো খেলুৱৈয়ে কৰা এইটোৱেই শ্ৰেষ্ঠ প্ৰদৰ্শন । চানুৰ এই অভূতপূৰ্ব সাফল্যই বিশ্ব ক্ৰীড়াংগনত ভাৰতৰ আধিপত্য পুনৰ এবাৰ প্ৰমাণ কৰিলে ।
লগতে পঢ়ক : কমনৱেলথ গেমছ ২০২৬: ভাৰত্তোলনত ৰূপৰ পদক অৰ্জন ঋষিকান্ত সিঙৰ









