কমনৱেলথ গেমছত মণিপুৰৰ সন্তানৰ চমক: ভাৰতলৈ আহিল প্ৰথমটো ৰূপৰ পদক
গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মণিপুৰৰ উদীয়মান ভাৰতোত্তোলক ঋষিকান্ত সিং চনামবমে ভাৰতলৈ কঢ়িয়াই আনিছে প্ৰথমটো ৰূপৰ পদক । প্ৰতিযোগিতাৰ চতুৰ্থ দিনা পুৰুষৰ ৬০ কিলোগ্ৰাম শাখাত মুঠ ২৬৪ কেজি ওজন দাঙি ঋষিকান্তে এই সফলতা অর্জন কৰে ।
ইফালে স্ন্যাছ ৰাউণ্ডত ১২১ কেজি ওজন দাঙি তেওঁ এক নতুন কমনৱেলথ গেমছ (CWG) ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় । নিজৰ প্ৰথম দুটা প্ৰচেষ্টাত ক্ৰমান্বয়ে ১১৬ কেজি আৰু ১১৯ কেজি দঙাৰ পিছত, তৃতীয় প্ৰচেষ্টাত ১২১ কেজি দাঙি তেওঁ পূৰ্বৰ ১২০ কেজিৰ অভিলেখ ভংগ কৰে । অৱশ্যে পিছলৈ মালয়েছিয়াৰ বিন কাছদান মহম্মদ অনিকে এই ৰেকৰ্ডৰ সমতা স্থাপন কৰে ।
ক্লীন এণ্ড জাৰ্ক ৰাউণ্ডত ১৪৩ কেজি উঠাই অলপ প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও, স্ন্যাছৰ সুন্দৰ প্ৰদৰ্শনৰ দৌলত তেওঁ পোডিয়ামত স্থান সুনিশ্চিত কৰে ।
ইম্ফল পশ্চিমৰ বাসিন্দা তথা ভাৰতীয় সেনাবাহিনীৰ ক্ৰীড়া আন্তঃগাঁথনিত প্ৰশিক্ষণপ্ৰাপ্ত ঋষিকান্তে ২০২৫ চনৰ আহমেদাবাদ কমনৱেলথ ৱেটলিফ্টিং চেম্পিয়নশ্বিপত সোণৰ পদক জিকাৰ লগতে ২৭১ কেজিৰ ব্যক্তিগত শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি গ্লাছগো কমনৱেলথ গেমছৰ যোগ্যতা অৰ্জন কৰিছিল ।
লগতে পঢ়ক : গ্লাছগো কমনৱেলথত অঘটন; জিমনাষ্টৰ সৈতে ঘটিল ভয়ংকৰ ঘটনা









