কমনৱেলথ গেমছ ২০২৬ত এক ভয়মকৰ ঘটনা সংঘটিত হয়। ইংৰাজ যুৱ জিমনাষ্ট গেব্ৰিয়েল লেংটনে পুৰুষৰ দলীয় ফাইনেলৰ সময়ত হাই বাৰৰ পৰা মাটিত পৰি যায়।
গ্লাছগো কমনৱেলথ গেমছ ২০২৬-ৰ পুৰুষৰ দলীয় জিমনাষ্টিকছ ফাইনেলৰ সময়ত এক হৃদয়বিদাৰক দৃশ্য দেখিবলৈ পোৱা গ’ল। ১৯ বছৰীয়া ইংৰাজ জিমনাষ্ট গেব্ৰিয়েল লেংটন-এ হাই বাৰত নিজৰ ৰুটিন সম্পূৰ্ণ কৰি আছিল, ঠিক তেতিয়াই হাতখন পিছলি যোৱাত মূৰটো দি মজিয়াত পৰিল।
এই দুৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে সমগ্ৰ এৰিনাতে এক নিজান পৰিবেশৰ সৃষ্টি হয়। সতীৰ্থ খেলুৱৈ আৰু দৰ্শকসকল স্তম্ভিত হৈ পৰে, আনহাতে চিকিৎসা কৰ্মীৰ দলটো লগে লগে তেওঁৰ কাষলৈ দৌৰি আহে। লেংটন কেইবামিনিটো ধৰি মজিয়াতে পৰি ৰয় আৰু নিজে উঠিবলৈও অক্ষম হয়।
চিকিৎসা দলটোৱে থিতাতে লেংটনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। তেওঁৰ ডিঙি আৰু মূৰ সুস্থিৰ কৰি ৰাখিবলৈ বিশেষ সা-সঁজুলি ব্যৱহাৰ কৰা হয় আৰু তাৰ পিছত তেওঁক ষ্ট্ৰেচাৰত শুৱাই চিকিৎসালয়লৈ লৈ যোৱা হয়। এই সময়ছোৱাত প্ৰতিযোগিতাও কিছু সময়ৰ বাবে স্থগিত ৰখা হয় আৰু খেলুৱৈসকলৰ সমগ্ৰ মনোযোগ সতীৰ্থগৰাকীৰ স্বাস্থ্যৰ ওপৰত আছিল।
ছয়বাৰৰ অলিম্পিক পদক বিজয়ী মেক্স হুইটলকৰ স্থানত গেব্ৰিয়েল লেংটনক ইংলেণ্ড দলত অন্তৰ্ভুক্ত কৰা হৈছিল। ইংলেণ্ডে ক্ৰমাগত চতুৰ্থবাৰৰ বাবে কমনৱেলথ গেমছৰ পুৰুষৰ দলীয় খিতাপ দখল কৰাৰ চেষ্টা চলাই থকাৰ সময়তে এই বেদনাদায়ক ঘটনাটো সংঘটিত হয়। অৱশ্যে এই ঘটনাৰ পিছতো ইংলেণ্ডৰ খেলুৱৈসকলে খেলখন সম্পূৰ্ণ কৰে, কিন্তু দলটোৱে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম নহ’ল। কানাডাই স্বৰ্ণ পদক নিজৰ নাম কৰাৰ বিপৰীতে ইংলেণ্ডে ৰূপ আৰু অষ্ট্ৰেলিয়াই ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।
লগতে পঢ়ক: পদপথৰ কাষত পাচলি বিক্ৰি কৰা ঝাণ্ডু কুমাৰৰ সফলতা; ব্ৰঞ্জৰ পদক লাভ









