অৱশেষত অনশন ভংগ সোণম ৱাংচুকৰঃ কি কি চৰ্ত ৰাখিলে চৰকাৰৰ ওচৰত ?
চৰকাৰৰ ফালৰ পৰা লিখিত আশ্বাস পোৱাৰ পিছত অৱশেষত ২৬ দিনীয়া অনশনৰ অন্ত পেলালে বিশিষ্ট সমাজকৰ্মী সোণম ৱাংচুকে । নিশা প্ৰায় ১১:৩০ বজাত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জীতেন্দ্ৰ সিঙ, লাডাখ এপেক্স বডীৰ নেতাসকলৰ উপস্থিতিত ৱাংচুকে অনশন ভংগ কৰে ।
ইয়াৰ পূৰ্বে প্ৰায় ৬৫ গৰাকী সাংসদে এক আবেদন পত্ৰত স্বাক্ষৰ কৰি নীট (NEET) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু সমগ্ৰ পৰীক্ষা ব্যৱস্থাটোৰ সংস্কাৰ সন্দৰ্ভত সংসদত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দি অনশন সামৰিবলৈ অনুৰোধ জনাইছিল ।
চৰকাৰৰ লিখিত আশ্বাসত উল্লেখ থকা ৩টা মুখ্য বিষয়:
গোচৰ প্ৰত্যাহাৰ: যন্তৰ- মন্তৰত শান্তিপূৰ্ণ প্ৰতিবাদকাৰী আৰু ২০ জুলাইৰ সংসদ মাৰ্চত অংশগ্ৰহণকাৰীসকলৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নহ’ব ।
পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ: সংসদত নীট প্ৰশ্নকাকত ফাদিল ৰোধ আৰু ব্যৱস্থাটোৰ স্থায়ী সমাধানৰ বাবে বিস্তৃত আলোচনা হ’ব ।
ক্ষতিপূৰণ: প্ৰশ্নকাকত ফাদিলৰ বাবে আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বিষয়টো চৰকাৰে ইতিবাচকভাৱে বিবেচনা কৰিব ।
অনশন ভংগ কৰি ৱাংচুকে লাডাখৰ নেতা আৰু সমৰ্থক সাংসদসকলক ধন্যবাদ জনায় । ২৬ দিনৰ পাছত প্ৰথমবাৰৰ বাবে আহাৰ গ্ৰহণ কৰি তেওঁ আৱেগিকভাৱে কয়- “ভোকৰ নিজা কোনো সোৱাদ নাথাকে, কিন্তু ২৬ দিনৰ পাছত এই আহাৰৰ সোৱাদ সঁচাকৈয়ে অতু অতুলনীয় ।”
লগতে পঢ়ক : ২৬ দিনৰ পাছত অনশন ভংগ সোণম ৱাংচুকৰ









