বান বিধ্বস্ত ৩ খনকৈ জিলালৈ বিশেষ ব্যৱস্থা; বিশেষ জৰুৰীকালীন টেলিকমৰ ব্যৱস্থা

বান বিধ্বস্ত ৩ খনকৈ জিলালৈ ব্যৱস্থা; বিশেষ জৰুৰীকালীন টেলিকমৰ ব্যৱস্থা

উজনি অসমত চলি থকা বান পৰিস্থিতিৰ সময়ত নিৰৱচ্ছিন্ন যোগাযোগ সুনিশ্চিত কৰাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে তিনিখন ক্ষতিগ্ৰস্ত জিলাত এক বিশেষ জৰুৰীকালীন টেলিকম ব্যৱস্থা সক্ৰিয় কৰিছে। উজনিত প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ সময়ত যোগাযোগ ব্যৱস্থা ব্যাহত নোহোৱাকৈ ৰাখিবৰ বাবে এক  গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ

উজনি অসমত চলি থকা বান পৰিস্থিতিৰ সময়ত নিৰৱচ্ছিন্ন যোগাযোগ সুনিশ্চিত কৰাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে তিনিখন ক্ষতিগ্ৰস্ত জিলাত এক বিশেষ জৰুৰীকালীন টেলিকম ব্যৱস্থা সক্ৰিয় কৰিছে।

উজনিত প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ সময়ত যোগাযোগ ব্যৱস্থা ব্যাহত নোহোৱাকৈ ৰাখিবৰ বাবে এক  গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে তিনিখন ক্ষতিগ্ৰস্ত জিলাত এক বিশেষ জৰুৰীকালীন টেলিকম ব্যৱস্থা সক্ৰিয় কৰিছে।

জানিব পৰা মতে, ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে (DoT) শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত ইন্ট্ৰা-চাৰ্কল ৰোমিং (ICR)ৰ  সুবিধা সক্ৰিয় কৰি তুলিছে। এই অস্থায়ী ব্যৱস্থাটো ২০২৬ চনৰ ২৪ জুলাইলৈকে বলৱৎ হৈ থাকিব, যাৰ ফলত বানপানীৰ বাবে টেলিকম আন্তঃগাঁথনি ব্যাহত হোৱাৰ পিছতো স্থানীয় ৰাইজে যোগাযোগ অব্যাহত ৰাখিব পাৰিব।

ইন্ট্ৰা-চাৰ্কল ৰোমিং (ICR) সুবিধাৰ অধীনত, যদি কোনো এটা স্থানত গ্ৰাহকৰ নিজা সেৱা প্ৰদানকাৰী কোম্পানীটোৰ নেটৱৰ্ক সংযোগ নাথাকে, তেন্তে তেওঁলোকে যিকোনো উপলব্ধ টেলিকম অপাৰেটৰৰ নেটৱৰ্ক সেৱা ব্যৱহাৰ কৰিব পাৰিব। যিবোৰ অঞ্চলত বানপানীৰ বাবে ম’বাইল নেটৱৰ্কৰ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে, সেইবোৰ অঞ্চলত যোগাযোগ ব্যৱস্থা যাতে ব্যাহত নহয়, সেই উদ্দেশ্যেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) এক পৰামৰ্শৱালী জাৰি কৰি ক্ষতিগ্ৰস্ত জিলাকেইখনৰ ৰাইজক যোগাযোগ আৰু জৰুৰীকালীন সমন্বয়ৰ বাবে এই সুবিধা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

বিষয়াভিত্তিক সূত্ৰই জনোৱা অনুসৰি, এই জৰুৰীকালীন ৰোমিং সুবিধা সক্ৰিয় কৰাৰ ফলত উজনি অসমৰ তিনিখন জিলাৰ বানপীড়িত হাজাৰ হাজাৰ লোকৰ যোগাযোগৰ সমস্যা যথেষ্ট হ্ৰাস পাব আৰু স্থানীয় ৰাইজ, জৰুৰীকালীন উদ্ধাৰকাৰী দল তথা ৰাহাত সংস্থাসমূহৰ মাজত সুন্দৰ সমন্বয় ৰক্ষাত সহায় হ’ব।

উদ্ধাৰ অভিযান চলোৱা, ৰাহাত কাৰ্যসূচী সুচল কৰি তোলা আৰু জনসাধাৰণৰ সুৰক্ষা সম্পৰ্কীয় তথ্য সময়মতে প্ৰচাৰ কৰাৰ বাবে দুৰ্যোগৰ সময়ত নিৰৱচ্ছিন্ন যোগাযোগ অতি প্ৰয়োজনীয় বুলি কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰিছে।

জনসাধাৰণৰ সহায়ৰ বাবে ASDMA-ই জৰুৰীকালীন হেল্পলাইন নম্বৰসমূহো প্ৰকাশ কৰিছে। ৰাইজে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ ০৩৬১-২২৩৭২১৯ বা ০৯৪০১০৪৪৬১৭ নম্বৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও টোল-ফ্ৰী জৰুৰীকালীন নম্বৰ ১০৭০, ১০৭৯ আৰু ১১২ কাৰ্যক্ষম হৈ আছে।

লগতে পঢ়ক: অপৰিৱৰ্তিত উজনি অসমৰ বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি

শেহতীয়া প্ৰৱন্ধসমূহ