“জেনেৰিক ঔষধৰ ওপৰত ২০০% শুল্ক আৰোপ কৰা হ’ব”; ট্ৰাম্পৰ ডাঙৰ ঘোষণা

“জেনেৰিক ঔষধৰ ওপৰত ২০০% শুল্ক আৰোপ কৰা হ’ব”; ট্ৰাম্পৰ ডাঙৰ ঘোষণা

আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাতৰ সময়তে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমদানিকৃত জেনেৰিক ঔষধৰ ওপৰত পৰ্যায়ক্ৰমে শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। আমেৰিকাই ২০২৮ চনৰ আগষ্ট মাহৰ পৰা আমদানী কৰা জেনেৰিক ঔষধৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড

আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাতৰ সময়তে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমদানিকৃত জেনেৰিক ঔষধৰ ওপৰত পৰ্যায়ক্ৰমে শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে।

আমেৰিকাই ২০২৮ চনৰ আগষ্ট মাহৰ পৰা আমদানী কৰা জেনেৰিক ঔষধৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মতে, এই পদক্ষেপৰ উদ্দেশ্য হৈছে আমেৰিকাত ফাৰ্মাছিউটিকেল ঔষধৰ উৎপাদন বৃদ্ধি কৰা। ট্ৰাম্পৰ এই ঘোষণাই ভাৰতত গুৰুতৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে, কাৰণ ভাৰত আমেৰিকাৰ জেনেৰিক ঔষধৰ আটাইতকৈ ডাঙৰ ৰপ্তানিকাৰী দেশ।

ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ৰ এটা পোষ্টত কয় যে এই শুল্ক পৰিকল্পনা কেইবাটাও পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব আৰু ইয়াৰ আৰম্ভণি ১ আগষ্টৰ পৰা হ’ব। প্ৰথম ২ বছৰ দেশখনলৈ অহা সকলো জেনেৰিক ঔষধৰ ওপৰত আমেৰিকাই কোনো শুল্ক আৰোপ নকৰে। তেওঁ কয় যে তৃতীয় বছৰত শুল্ক ১০০% লৈ বৃদ্ধি কৰা হ’ব আৰু তাৰ পিছত ই ২০০% হ’বগৈ।

ট্ৰাম্পে লিখিছে, “২০২৬ চনৰ ১ আগষ্টৰ পৰা আমেৰিকালৈ অহা সকলো জেনেৰিক ঔষধৰ ওপৰত ২ বছৰৰ বাবে শুল্ক শূন্য হৈ থাকিব। ইয়াৰ পিছত এবছৰৰ বাবে শুল্ক ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব আৰু তাৰ পিছত ২০০ শতাংশ কৰা হ’ব।” তেওঁ আৰু কয়, “জেনেৰিক ঔষধৰ উৎপাদন পুনৰ আমেৰিকালৈ ঘূৰাই অনাৰ উদ্দেশ্যৰেই এনে কৰা হৈছে। যিবোৰ কোম্পানীয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্লেণ্ট আৰু সঁজুলি প্ৰস্তুত নকৰে, তেওঁলোকৰ ওপৰত জৰিমনা বিহা হ’ব।”

লগতে পঢ়ক: পুনৰ ইৰানক আক্ৰমণ; আমেৰিকাই ধ্বংস কৰিলে বিমানৰ হেংগাৰ আৰু ড্ৰোন সংৰক্ষণ স্থান