গগনযানৰ বিজ্ঞানী-অভিযন্তাৰ পদত্যাগ আৰু অৱসৰত কেন্দ্ৰৰ নিষেধাজ্ঞা

গগনযানৰ বিজ্ঞানী-অভিযন্তাৰ পদত্যাগ আৰু অৱসৰত কেন্দ্ৰৰ নিষেধাজ্ঞা

অভিলাষী গগনযান মিছনৰ সৈতে জড়িত কোনো বিজ্ঞানী বা অভিযন্তাই এতিয়াৰে পৰা সহজে পদত্যাগ কৰিব নোৱাৰিব নাইবা আগতীয়া অৱসৰো ল’ব নোৱাৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ পৰা ধাৰাবাহিকভাৱে অভিজ্ঞ বিজ্ঞানী আৰু অভিযন্তাসকল আঁতৰি যোৱাৰ খবৰে উদ্বেগৰ সৃষ্টি কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ মহাকাশ বিভাগে যোৱা

অভিলাষী গগনযান মিছনৰ সৈতে জড়িত কোনো বিজ্ঞানী বা অভিযন্তাই এতিয়াৰে পৰা সহজে পদত্যাগ কৰিব নোৱাৰিব নাইবা আগতীয়া অৱসৰো ল’ব নোৱাৰিব

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ পৰা ধাৰাবাহিকভাৱে অভিজ্ঞ বিজ্ঞানী আৰু অভিযন্তাসকল আঁতৰি যোৱাৰ খবৰে উদ্বেগৰ সৃষ্টি কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ মহাকাশ বিভাগে যোৱা ১৪ জুলাইত জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা ।

এই নতুন নিৰ্দেশনা অনুসৰি, দেশৰ অতি গুৰুত্বপূৰ্ণ তথা অভিলাষী ‘গগনযান‘ (Gaganayaan) মিছনৰ সৈতে জড়িত কোনো বিজ্ঞানী বা অভিযন্তাই এতিয়াৰে পৰা সহজে পদত্যাগ কৰিব নোৱাৰিব নাইবা আগতীয়া অৱসৰো ল’ব নোৱাৰিব ।

কি আছে চৰকাৰৰ নতুন নিৰ্দেশনাত?

চৰকাৰে দেশৰ সকলো ইছৰো কেন্দ্ৰক কঠোৰভাৱে নিৰ্দেশ দিছে যে গগনযান আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে জড়িত বিজ্ঞানীসকলৰ পদত্যাগ বা অৱসৰৰ কোনো আবেদন কেন্দ্ৰসমূহে পোনে পোনে গ্ৰহণ কৰিব নোৱাৰিব । এনে প্ৰতিটো আবেদন পোনপটীয়াকৈ দিল্লীস্থিত ‘মহাকাশ বিভাগ’ (Department of Space)লৈ প্ৰেৰণ কৰিব লাগিব আৰু তাৰ পৰাই ইয়াৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব । চৰকাৰে নিজেই স্বীকাৰ কৰিছে যে এনে অৱসৰ আৰু পদত্যাগৰ আবেদন বৃদ্ধি পোৱাৰ বাবেই দেশৰ বহু গুৰুত্বপূৰ্ণ অভিযান এতিয়া স্থবিৰ হোৱাৰ দিশে গতি কৰিছে ।

কিন্তু কিয় ইছৰো এৰিব বিচাৰিছে বিজ্ঞানীসকলে?

এসময়ত ইছৰো আছিল দেশৰ আটাইতকৈ মেধাৱী যুৱ প্ৰজন্মৰ বাবে এক সপোনৰ প্ৰতিষ্ঠান । কিন্তু বৰ্তমান সময়ত ইছৰোৰ পৰা বহু অভিজ্ঞ তথা যুৱ বিজ্ঞানীয়ে বাহিৰৰ পথ বাছি লৈছে । ইয়াৰ মূল কাৰণসমূহ হৈছে:

আকৰ্ষণীয় পেকেজ: ব্যক্তিগত মহাকাশ কোম্পানীবোৰে বিজ্ঞানীসকলক বহুগুণে অধিক দৰমহা আৰু উন্নত সুযোগ দিছে ।

কৰ্ম-সংস্কৃতিৰ পৰিৱৰ্তন: ইছৰোৰ ভিতৰচ’ৰাত এতিয়া আমোলাতন্ত্ৰ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে । সিদ্ধান্ত গ্ৰহণত পলম হোৱা আৰু কঠোৰ নিয়মৰ বাবে বিজ্ঞানীসকলে কাম কৰাৰ স্বাধীনতা হেৰুৱাই পেলাইছে ।

কৰ্ম-জীৱনৰ ভাৰসাম্য: অত্যধিক কৰ্মচাপৰ বিপৰীতে উন্নত পৰিৱেশ আৰু সঠিক পদোন্নতিৰ অভাৱে যুৱ প্ৰজন্মক হতাশ কৰি তুলিছে ।

গগনযান মিছনলৈ সংকট!

ভাৰতৰ প্ৰথমটো মানৱবাহী মহাকাশ অভিযান ‘গগনযান’ অতি জটিল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল । এই অভিযানৰ সৈতে জড়িত বিজ্ঞানী আৰু বিশেষজ্ঞসকল যদি মাজপথতে আঁতৰি যায়, তেন্তে সমগ্ৰ মিছনটোৱেই এক গভীৰ অনিশ্চয়তাৰ দিশে গতি কৰিব ।

বিশেষজ্ঞৰ মত: “চৰকাৰে লোৱা এই বাধা-নিষেধৰ সিদ্ধান্তটো কেৱল এক সাময়িক উপশমহহে । জোৰ-জুলুমকৈ বিজ্ঞানীসকলক ধৰি ৰাখি কেতিয়াও দীৰ্ঘম্যাদী সমাধান সম্ভৱ নহয় ।”

লগতে পঢ়ক : আঠ মাহৰ বাবে মহাকাশলৈ ৰাওনা অনিল মেনন; মানৱ শৰীৰত মাইক্ৰ’গ্ৰেভিটিক লৈ কৰিব অধ্যয়ন