শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰিছে মাৰ্কিন চেণ্ট্ৰেল কমাণ্ডে। শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰিছে মাৰ্কিন চেণ্ট্ৰেল কমাণ্ডে।
ইৰান আৰু আমেৰিকাৰ মাজত উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। আমেৰিকান CENTCOM কমাণ্ডে ইৰানৰ ওপৰত চলোৱা শেহতীয়া সামৰিক আক্ৰমণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত আমেৰিকান নৌসেনাৰ যুঁজাৰু বিমান আৰু টমাহক ক্ৰুজ মিছাইলৰ জৰিয়তে ইৰানৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ কৰা দেখা গৈছে। ইফালে, তেহৰানৰ আশে-পাশে আমেৰিকান সামৰিক বিমানৰ সক্ৰিয়তা আৰু বৰুজৰ্দৰ ওচৰত বিস্ফোৰণৰ খবৰে পৰিস্থিতি অধিক গুৰুতৰ কৰি তুলিছে।
CENTCOM-এ জাৰী কৰা ভিডিঅ’টোত আমেৰিকান নৌসেনাৰ F/A-18E ছুপাৰ হৰ্নেট যুঁজাৰু বিমানে USS Abraham Lincoln বিমানবাহী জাহাজৰ পৰা উৰণ মৰা দেখা গৈছে। ইয়াৰ উপৰিও Arleigh Burke শ্ৰেণীৰ যুদ্ধজাহাজৰ পৰা BGM-109 টমাহক ক্ৰুজ মিছাইল নিক্ষেপ কৰাৰ দৃশ্যও পোহৰলৈ আহিছে। আমেৰিকান সেনাৰ মতে, এই আক্ৰমণত মিছাইল লঞ্চাৰ (TEL), ড্ৰোন লঞ্চ চাইট, পূৰ্বৰে পৰা নিষ্ক্ৰিয় হৈ থকা আৰু সেৱাৰ পৰা আঁতৰাই দিয়া বিমান তথা এটা দূৰসংযোগ (টেলিকম) টাৱাৰক লক্ষ্য কৰি লোৱা হৈছিল।
CENTCOM-এ জনোৱা মতে, আমেৰিকান সময় অনুসৰি নিশা ৯ বজালৈকে আক্ৰমণৰ এটা ডাঙৰ পৰ্যায় সম্পূৰ্ণ কৰা হয়। এই সময়ছোৱাত কমাণ্ড চেণ্টাৰ, এয়াৰ ডিফেন্স চিষ্টেম, মিছাইল আৰু ড্ৰোন ঘাটিৰ লগতে উপকূলীয় নিৰীক্ষণ (কোষ্টাল চাৰ্ভিলেন্স) ব্যৱস্থাসমূহৰ ওপৰতো আক্ৰমণ চলোৱা হয়। অৱশ্যে আমেৰিকান সেনাই কয় যে সামৰিক অভিযান এতিয়াও শেষ হোৱা নাই আৰু ভৱিষ্যতেও কাৰ্যপন্থা অব্যাহত থাকিব।
সামৰিক কাৰ্যপন্থাৰ মাজতে আমেৰিকাই ইৰানলৈ অহা-যোৱা কৰা জাহাজসমূহৰ ওপৰত অৱৰোধ (ব্লকেড) আৰোপ কৰাৰ কথাও ঘোষণা কৰিছে। ইয়াৰ ফলত অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
লগতে পঢ়ক: হৰমুজত ইৰানৰ মিছাইল আক্ৰমণ: এজন ভাৰতীয়ৰ মৃত্যু, আহত ৬









