অৰুণাচলত পুনৰ ডাৱৰ বিস্ফোৰণৰ তাণ্ডৱ; উটুৱাই নিলে পথ-দলং

অৰুণাচলত পুনৰ ডাৱৰ বিস্ফোৰণৰ তাণ্ডৱ; উটুৱাই নিলে পথ-দলং

ধাৰাসাৰ বৰষুণৰ পাছত হোৱা এক বৃহৎ ডাৱৰ বিস্ফোৰণে জিলাখনত নতুনকৈ আকস্মিক বানৰ সৃষ্টি কৰিছে অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ ৰুদ্ৰৰূপে চৰম বিপৰ্যয় কঢ়িয়াই আনিছে । কেই পান্যৰ জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানে কেইবাখনো গাঁও ধ্বংস কৰা মৰ্মান্তিক ঘটনাৰ ২০ দিন নৌহওঁতেই, সোমবাৰে কুৰুং কুমেই জিলাত

ধাৰাসাৰ বৰষুণৰ পাছত হোৱা এক বৃহৎ ডাৱৰ বিস্ফোৰণে জিলাখনত নতুনকৈ আকস্মিক বানৰ সৃষ্টি কৰিছে

অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ ৰুদ্ৰৰূপে চৰম বিপৰ্যয় কঢ়িয়াই আনিছে । কেই পান্যৰ জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানে কেইবাখনো গাঁও ধ্বংস কৰা মৰ্মান্তিক ঘটনাৰ ২০ দিন নৌহওঁতেই, সোমবাৰে কুৰুং কুমেই জিলাত প্ৰকৃতিৰ আন এক ভয়ংকৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে । ধাৰাসাৰ বৰষুণৰ পাছত হোৱা এক বৃহৎ ডাৱৰ বিস্ফোৰণে জিলাখনত নতুনকৈ আকস্মিক বানৰ সৃষ্টি কৰিছে, যাৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা সম্পূৰ্ণ ব্যাহত হোৱাৰ লগতে ব্যাপক আন্তঃগাঁথনি ধ্বংস হৈছে ।

ফেনে-ফোটোকাৰে বাঢ়িছে কুমেই নদী, উটি গৈছে ঘৰ-দুৱাৰ

প্ৰত্যক্ষদৰ্শীৰ মতে, ধাৰাবাহিক বৰষুণৰ বাবে কুমেই নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ গৈছে আৰু ইয়াৰ পাৰ বাগৰি প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল । বানৰ প্ৰবল সোঁতে আক্ৰান্ত অঞ্চলসমূহৰ বাট-পথ, দলং আৰু কেইবাটাও আৱাস গৃহ উটুৱাই লৈ গৈছে । এটা গুৰুত্বপূৰ্ণ দলং খহি পৰাৰ ফলত ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ এটা শিবিৰৰ সৈতে পথ যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে আৰু তাত কৰ্তব্যৰত জোৱানসকল আৱদ্ধ হৈ পৰিছে ।

১৫ জনীয়া আইটিবিপি জোৱানৰ সৈতে যোগাযোগ বিছিন্ন

সবাতোকৈ চিন্তাজনক কথাটো হৈছে যে, ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ নিচেই কাষত অৱস্থিত দামিন চাৰ্কেলৰ অধীনস্থ তপা সীমান্ত চকীত নিয়োজিত ১৫ জনীয়া এটা আইটিবিপি দলৰ সৈতে বৰ্তমান যোগাযোগ সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিছে । ডাৱৰ বিস্ফোৰণ আৰু আকস্মিক বানপানীয়ে সমগ্ৰ অঞ্চলটো বিধ্বস্ত কৰাৰ বাবেই এই যোগাযোগ ব্যৱস্থা ব্যাহত হোৱা বুলি জানিব পৰা গৈছে ।

উদ্ধাৰ কাৰ্যত প্ৰতিকূল বতৰৰ প্ৰাচীৰ

বানৰ সংহাৰে কেইবাখনো গাঁও জিলা সদৰৰ পৰা বিছিন্ন কৰি পেলোৱাৰ বাবে উদ্ধাৰ আৰু সাহায্য কাৰ্যত তীব্ৰ বাধাৰ সৃষ্টি হৈছে । কুমেই নদীৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকা বাবে অধিক বানৰ আশংকাত অসুৰক্ষিত অঞ্চলৰ বাসিন্দাসকলে নিজৰ ঘৰ-দুৱাৰ এৰি উচ্চ স্থানত আশ্ৰয় লৈছে । অৱশ্যে বৰ্তমানলৈকে কোনো লোকৰ মৃত্যু হোৱাৰ চৰকাৰী খবৰ অহা নাই ।

প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে আৱদ্ধ হৈ থকা জোৱানসকলৰ সৈতে যোগাযোগ স্থাপনৰ বাবে এটা প্ৰশাসনিক দলে তালাচী আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে । কিন্তু ধাৰাসাৰ বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে বৰ্তমানৰ বাবে আকাশমাৰ্গৰ জৰিয়তে কৰা নিৰীক্ষণ সম্ভৱ হোৱা নাই । জিলা কৰ্তৃপক্ষ আৰু উদ্ধাৰকাৰী দলসমূহে পৰিস্থিতি তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু বতৰৰ অলপ উন্নতি হ’লেই ক্ষয়-ক্ষতিৰ বিতং মূল্যায়ন তথা যোগাযোগ ব্যৱস্থা পুনৰুদ্ধাৰৰ কাম যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰা হ’ব ।

লগতে পঢ়ক : যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান, পৃথক পথ নিৰ্দেশনা জাৰি মহানগৰ প্ৰশাসনৰ