লৰ্ডছত য়স্তিকাৰ বিস্ফোৰক শতক, ইংলেণ্ডক অসম্ভৱ লক্ষ্য দিলে টীম ইণ্ডিয়াই

লৰ্ডছত য়স্তিকাৰ বিস্ফোৰক শতক, ইংলেণ্ডক অসম্ভৱ লক্ষ্য দিলে টীম ইণ্ডিয়াই

লৰ্ডছৰ খেলপথাৰত এয়া প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে কোনো মহিলা টেষ্ট মেচ ইংলেণ্ডৰ মাটিত অলপতে সমাপ্ত হোৱা টি-২০ বিশ্বকাপ ২০২৬ আৰু তাৰ পূৰ্বে অনুষ্ঠিত হোৱা টি-২০ শৃংখলাত ভাৰতীয় মহিলা ক্ৰিকেট দলে হতাশাজনক প্ৰদৰ্শন কৰিছিল । কিন্তু ফৰ্মেট সলনি হোৱাৰ লগে লগেই সলনি হ’ল ভাৰতীয় দলৰ

লৰ্ডছৰ খেলপথাৰত এয়া প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে কোনো মহিলা টেষ্ট মেচ

ইংলেণ্ডৰ মাটিত অলপতে সমাপ্ত হোৱা টি-২০ বিশ্বকাপ ২০২৬ আৰু তাৰ পূৰ্বে অনুষ্ঠিত হোৱা টি-২০ শৃংখলাত ভাৰতীয় মহিলা ক্ৰিকেট দলে হতাশাজনক প্ৰদৰ্শন কৰিছিল । কিন্তু ফৰ্মেট সলনি হোৱাৰ লগে লগেই সলনি হ’ল ভাৰতীয় দলৰ ভাগ্য । টি-২০ৰ নিৰাশা পাহৰি টেষ্ট ক্ৰিকেটত এক অনবদ্য প্ৰদৰ্শন দাঙি ধৰিছে টীম ইণ্ডিয়াই । ঐতিহাসিক লৰ্ডছ ষ্টেডিয়ামত চলি থকা একমাত্ৰ মহিলা টেষ্ট মেচখনত ভাৰতীয় ক্ৰিকেট দলে আয়োজক ইংলেণ্ডক দিশহাৰা কৰি তুলিছে । উল্লেখ্য যে, লৰ্ডছৰ খেলপথাৰত এয়া প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে কোনো মহিলা টেষ্ট মেচ ।

খেলখনৰ প্ৰথম তিনিটা দিনত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ সন্মুখত জয়ৰ বাবে ৪৫৭ ৰানৰ এক প্ৰায় অসম্ভৱ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে ।

তৃতীয় দিনা ভাৰতীয় বেটাৰৰ ৰানৰ বৰষুণ: য়স্তিকাৰ ঐতিহাসিক শতক

১০ জুলাইৰ পৰা আৰম্ভ হোৱা এই ঐতিহাসিক টেষ্টখনৰ প্ৰথম দিনাৰ পৰাই ভাৰতীয় দলটোৱে খোপনি পুতিছিল । প্ৰথম দিনা বেটাৰসকলে চমক দেখুওৱাৰ পিছত দ্বিতীয় দিনা বলাৰসকলে ইংলেণ্ডৰ কঁকাল ভাঙিছিল । আনহাতে, খেলৰ তৃতীয় দিনটো আকৌ এবাৰ সম্পূৰ্ণৰূপে ভাৰতীয় বেটাৰসকলৰ নামত থাকিল ।

লৰ্ডছত ইতিহাস ৰচনা য়স্তিকা ভাটিয়াৰ-

নিজৰ কেৰিয়াৰৰ মাত্ৰ চতুৰ্থখন টেষ্ট খেলা উইকেটকীপাৰ-বেটাৰ য়স্তিকা ভাটিয়াই তৃতীয় দিনা এক স্মৰণীয় ইনিংছ উপহাৰ দিয়ে । ভাৰতৰ দ্বিতীয় ইনিংছত তেওঁ এক ঐতিহাসিক শতক অৰ্জন কৰে ।

তৃতীয় দিনা ভাৰতীয় দলে নিজৰ দ্বিতীয় ইনিংছৰ স্ক’ৰ ১৫৪ ৰানৰ পৰা আগুৱাই লৈ যায় । বেটাৰসকলৰ ধুমুহা গতিৰ বেটিংৰ বলত ভাৰতে ৭টা উইকেট হেৰুৱাই ৩৪১ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে ।

য়স্তিকা ভাটিয়া: ১১৩ ৰান

স্মৃতি মন্ধানা: ৭০ ৰান

ৰিচা ঘোষ: ৫০ ৰান (মাত্ৰ ৫২টা বলত বিস্ফোৰক অৰ্ধশতক)

প্ৰথম ইনিংছত ভাৰতৰ বিশাল অগ্ৰগতি আৰু ক্ৰান্তি গৌড়ৰ অভিলেখ

দ্বিতীয় ইনিংছৰ এই বিশাল স্ক’ৰৰ জৰিয়তে টীম ইণ্ডিয়াই ইংলেণ্ডৰ ওপৰত মুঠ ৪৫৬ ৰানৰ অগ্ৰগতি লাভ কৰে । ইয়াৰ পূৰ্বে ভাৰতে প্ৰথম ইনিংছত ২৮৫ ৰান সংগ্ৰহ কৰিছিল ।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় বলাৰ ক্ৰান্তি গৌড়ৰ মাৰাত্মক বলিং প্ৰদৰ্শনৰ সন্মুখত তিষ্ঠিব নোৱাৰি ইংলেণ্ডে প্ৰথম ইনিংছত মাত্ৰ ১৭০ ৰানতে থমকি ৰয় । যাৰ ফলত ভাৰতে প্ৰথম ইনিংছতে ১১৫ ৰানৰ এক গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল । ক্ৰান্তিয়ে প্ৰথম ইনিংছত ৫টা উইকেট দখল কৰে আৰু ইয়াৰ সৈতে তেওঁ লৰ্ডছৰ মাটিত ৫টা উইকেট লোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা বলাৰ হিচাপে ইতিহাসৰ বুকুত নাম লিপিবদ্ধ কৰে ।

এতিয়া ৪৫৭ ৰানৰ এক বিশাল লক্ষ্য খেদিবলগীয়া ইংলেণ্ড দলৰ বাবে এই মেচখন ৰক্ষা কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে । ক্ৰিকেট প্ৰেমীসকল এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে ভাৰতীয় মহিলা দলৰ এক ঐতিহাসিক বিজয়লৈ ।

লগতে পঢ়ক : শচীন-বিৰাটেও কৰিব নোৱাৰা কৃতিত্ব অৰ্জন কৰিলে হৰমনপ্ৰীত কৌৰে!

শেহতীয়া প্ৰৱন্ধসমূহ