নদীৰ বুকুত উটি গ’ল ৩,০০০ এলপিজি চিলিণ্ডাৰ, প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী!

নদীৰ বুকুত উটি গ’ল ৩,০০০ এলপিজি চিলিণ্ডাৰ, প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী!

প্লাণ্টটো সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ বাবে তাত মজুত থকা প্ৰায় ৩,০০০ এলপিজি চিলিণ্ডাৰ পাতালগংগা নদীৰ তীব্ৰ সোঁতত উটি গৈছে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতিয়ে এতিয়া এক ভয়ানক ৰূপ ধাৰণ কৰিছে । জিলাখনত অৱস্থিত হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পৰেচন লিমিটেড (HPCL)ৰ পাতালগংগা এলপিজি বটলিং

প্লাণ্টটো সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ বাবে তাত মজুত থকা প্ৰায় ৩,০০০ এলপিজি চিলিণ্ডাৰ পাতালগংগা নদীৰ তীব্ৰ সোঁতত উটি গৈছে

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতিয়ে এতিয়া এক ভয়ানক ৰূপ ধাৰণ কৰিছে । জিলাখনত অৱস্থিত হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পৰেচন লিমিটেড (HPCL)ৰ পাতালগংগা এলপিজি বটলিং প্লাণ্টত পানী সোমোৱাত এক অভাৱনীয় ঘটনা সংঘটিত হৈছে । প্লাণ্টটো সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ বাবে তাত মজুত থকা প্ৰায় ৩,০০০ এলপিজি চিলিণ্ডাৰ পাতালগংগা নদীৰ তীব্ৰ সোঁতত উটি গৈছে । এই চিলিণ্ডাৰসমূহৰ ভিতৰত গেছ ভৰ্তি আৰু খালী- দুয়োবিধ চিলিণ্ডাৰেই আছিল বুলি জানিব পৰা গৈছে ।

নদীৰ বুকুত হাজাৰ হাজাৰ গেছ চিলিণ্ডাৰ উটি যোৱা এই দৃশ্যই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনে নদীৰ পাৰৰ বাসিন্দাসকলৰ বাবে এক জৰুৰী সতৰ্কবাণী জাৰি কৰিছে ।

জিলাধিপতিৰ জৰুৰী আহ্বান: চিলিণ্ডাৰ স্পৰ্শ নকৰিব!

ৰায়গড় জিলাৰ জিলাধিপতিয়ে স্থানীয় ৰাইজক উদ্দেশ্যি এক বিশেষ অনুৰোধ জনাইছে । তেওঁ কয় যে নদীৰ পাৰত বা সুঁতিত উটি অহা কোনো চিলিণ্ডাৰেই যেন কোনো লোকে স্পৰ্শ নকৰে, তুলি নলয় অথবা নিজৰ ঘৰলৈ লৈ নাযায় ।

ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া: ‘পুষ্পা ৩.০’ৰ সৈতে তুলনা

এই চাঞ্চল্যকৰ ঘটনাৰ ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত বহুলভাৱে ভাইৰেল হৈ পৰিছে । ‘এক্স’ (পূৰ্বৰ টুইটাৰ) মাধ্যমৰ এজন ব্যৱহাৰকাৰীয়ে নদীৰ পানীত চিলিণ্ডাৰ উটি যোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰি ইয়াক চলচ্চিত্ৰ ‘পুষ্পা’ৰ দৃশ্যৰ সৈতে তুলনা কৰিছে । তেওঁ লিখিছে- “এয়া একেবাৰে ‘পুষ্পা ৩.০’ৰ দৰে দৃশ্য । মহাৰাষ্ট্ৰৰ বানপানীৰ পানী গেছ চিলিণ্ডাৰৰ গুডাম পালেগৈ । কেৱল পাৰ্থক্য ইয়াতেই যে ইয়াত চন্দনে কাঠ নহয়, বৰঞ্চ এলপিজি চিলিণ্ডাৰহে উটি গৈছে ।”

কেৱল ধেমালি বা কৌতূকতে ক্ষান্ত থকা নাই নেটিজেনসকল । বহুতে এই ঘটনাক লৈ চৰকাৰী ব্যৱস্থা আৰু সুৰক্ষা পৰিকল্পনাক তীব্ৰ সমালোচনা কৰিছে । বৰ্তমান প্ৰশাসন আৰু HPCL কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে নদীৰ বুকুত উটি যোৱা চিলিণ্ডাৰসমূহ উদ্ধাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে । বান পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ নোযোৱা পৰ্যন্ত নদীৰ কাষৰীয়া অঞ্চলৰ লোকসকলক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক : প্ৰকৃতিৰ সংহাৰী ৰূপ! ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনত স্তব্ধ জনজীৱন