ৰেলৱে ষ্টেচনৰ পৰা ক্ৰিকেটৰ শিখৰলৈ… টিকট কলেক্টৰৰ পৰা কেপ্তেইন কুল হোৱাৰ যাত্ৰা । আজি ৪৫ সংখ্যক ওপজা দিন উদযাপন কৰিলে মহেন্দ্ৰ সিং ধোনীয়ে ।
যেতিয়াই ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত ত্যাগ, নীৰৱতা আৰু অবিস্মৰণীয় সফলতাৰ কথা উথাপন হ’ব, তেতিয়াই এটা নাম কোটি কোটি অনুৰাগীৰ মুখত প্ৰথমেই ভাঁহি উঠিব- তেওঁ হ’ল মহেন্দ্ৰ সিং ধোনী (Mahendra Singh Dhoni) । আজি ৭ জুলাই । ১৯৮১ চনৰ এই বিশেষ দিনটোতে ঝাৰখণ্ডৰ ৰাঁচীত জন্মগ্ৰহণ কৰা ধোনীয়ে আজি তেওঁৰ ৪৫ সংখ্যক জন্মদিন উদযাপন কৰিছে । অনুৰাগীৰ মৰমৰ ‘কেপ্তেইন কুল’ তথা চেন্নাইৰ ‘থালা’ৰ এই ওপজা দিনটোত সমগ্ৰ দেশতে এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
ফুটবলৰ গ’লৰক্ষকৰ পৰা ক্ৰিকেটৰ ‘উইকেটকীপাৰ’লৈ: এক সপোনৰ যাত্ৰা
এটা অতি সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ওলাই আহি বিশ্ব ক্ৰিকেটৰ আটাইতকৈ সফল অধিনায়ক হোৱাৰ এই যাত্ৰা আছিল সংগ্ৰাম আৰু আৱেগেৰে ভৰা । স্কুলীয়া দিনত ধোনী আছিল ফুটবল দলৰ এজন পাকৈত গ’লৰক্ষক । কিন্তু নিয়তিৰ লিখনি আছিল বেলেগ! তেওঁৰ কোচে ফুটবলৰ গ’লপোষ্ট এৰি ক্ৰিকেট পিটচত উইকেটকিপিং কৰিবলৈ পৰামৰ্শ দিছিল । কোচৰ সেই এটা সিদ্ধান্তই কেৱল ধোনীৰে নহয়, সমগ্ৰ ভাৰতীয় ক্ৰিকেটৰ ভাগ্য সলনি কৰি দিছিল ।
জীৱনৰ সংগ্ৰাম ইমানতে শেষ হোৱা নাছিল । ক্ৰিকেটৰ প্ৰতি থকা নিচা আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰাখিবলৈ তেওঁ ভাৰতীয় ৰেলৱেৰ খড়গপুৰ ষ্টেচনত ট্ৰেভেলিং টিকট এক্সামিনায়ী (TTE) হিচাপেও চাকৰি কৰিছিল । হাতত টিকট পৰীক্ষা কৰা ক’লা কোটটো লৈ ফুৰা সেই ল’ৰাজনৰ চকুযুৰিত আছিল নীলা জাৰ্ছী পিন্ধাৰ এক অপূৰ্ব সপোন ।
২০০৪ চনৰ অভিষেক আৰু ‘থালা’ৰ উত্থান
২০০৪ চনত বাংলাদেশৰ বিৰুদ্ধে ধোনীয়ে ভাৰতীয় দলত অভিষেক ঘটায় । প্ৰথমখন মেচত শূন্য ৰানতে ৰান আউট হৈ খেলপথাৰ এৰিবলগীয়া হোৱা ধোনীৰ আৰম্ভণি সুখকৰ নাছিল । কিন্তু তেওঁ হাৰ মনা নাছিল । ২০০৫ চনত পাকিস্তানৰ বিৰুদ্ধে ১৪৮ ৰান আৰু একে বছৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলা অপৰাজিত ১৮৩ ৰানৰ সেই ঐতিহাসিক বিধ্বংসী ইনিংছে বিশ্ব ক্ৰিকেটক এক নতুন তাৰকাৰ উপহাৰ দিলে । ধোনীৰ মূৰৰ দীঘল চুলি, আকাশলংঘী ছিক্সাৰ আৰু আক্ৰমণাত্মক বেটিঙে মুহূৰ্ততে কোটি কোটি ভাৰতীয়ৰ হৃদয় জয় কৰি ল’লে ।
ইতিহাসৰ সোণালী পৃষ্ঠা: তিনিখনকৈ আইচিচি ট্ৰফী বিজয়ী একমাত্ৰ অধিনায়ক
২০০৭ চন আছিল ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট । ছিনিয়ৰ খেলুৱৈসকলৰ অনুপস্থিতিত তেনেই যুৱ ধোনীৰ কান্ধত অৰ্পণ কৰা হৈছিল টি-২০ বিশ্বকাপৰ দায়িত্ব । কোনেও ভবা নাছিল এই অনভিজ্ঞ দলটোৱে ইতিহাস ৰচিব পাৰিব বুলি । কিন্তু ধোনীৰ সেই শান্ত মগজু, অন্তিম অভাৰত যোগীন্দৰ শৰ্মাক বল তুলি দিয়াৰ দৰে আচৰিত সিদ্ধান্তই ভাৰতক প্ৰথমখন টি-২০ বিশ্বকাপৰ খিতাপ আনি দিছিল । সমগ্ৰ বিশ্বই স্তব্ধ হৈ চাই ৰৈছিল ‘কেপ্তেন কুল’ৰ যাদু ।
ইয়াৰ পিছত ২০১১ চনৰ সেই ঐতিহাসিক ২ এপ্ৰিলৰ নিশাটো কোনে পাহৰিব পাৰে ? শ্ৰীলংকাৰ বিৰুদ্ধে ফাইনেলত খেলা অপৰাজিত ৯১ ৰানৰ ইনিংছ আৰু ৱাংখেড়ে ষ্টেডিয়ামত মৰা সেই বিজয়ী ছিক্সাৰে ভাৰতবাসীক ২৮ বছৰৰ মূৰত এদিনীয়া বিশ্বকাপৰ সোৱাদ দিছিল । ২০১৩ চনত তেওঁৰ নেতৃত্বতে ভাৰতে জিকিছিল আইচিচি চেম্পিয়নছ ট্ৰফী ।
এম এছ ধোনী আজিও বিশ্বৰ একমাত্ৰ অধিনায়ক যিয়ে আইচিচিৰ তিনিওটা ডাঙৰ খিতাপ (টি-২০ বিশ্বকাপ, এদিনীয়া বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী) জয় কৰিবলৈ সক্ষম হৈছে ।
ধোনীৰ কেৰিয়াৰৰ পৰিসংখ্যা-
ৱিকেটকীপাৰ হিচাপে তেওঁৰ বিজুলীসদৃশ ক্ষিপ্ৰতা আৰু খেলখনক শেষলৈ লৈ গৈ ফিনিচিং কৰাৰ শৈলী আছিল অনন্য । তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ:
টেষ্ট মেচ: ৯০ (৪,৮৭৬ ৰান)
এদিনীয়া মেচ : ৩৫০ (১০,৭৭৩ ৰান)
টি-২০ আন্তঃৰাষ্ট্ৰীয়: ৯৮ (১,৬১৭ ৰান)
মুঠ আন্তঃৰাষ্ট্ৰীয় ৰান: ১৭,০০০ তকৈও অধিক
উইকেটকীপিং চিকাৰ: ৮২৯ টা (কেচ আৰু ষ্টাম্পিং)
কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটেই নহয়, আই পি এলৰ মজিয়াতো চেন্নাই ছুপাৰ কিংছক ৫ বাৰকৈ চেম্পিয়ন কৰি ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ আটাইতকৈ সফল অধিনায়ক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে ধোনীয়ে । চেন্নাইৰ অনুৰাগীয়ে তেওঁক ভগৱানৰ দৰে পূজে আৰু মৰমেৰে মাতে ‘থালা’ (যাৰ অৰ্থ নেতা)।
হৃদয়ত সদায় জিলিকি থাকিব ৭ নম্বৰ জাৰ্ছীধাৰীজন
ক্ৰীড়া জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ধোনীক পদ্মশ্ৰী, পদ্মভূষণ আৰু দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘মেজৰ ধ্যানচান্দ খেলৰত্ন’ বঁটাৰে বিভূষিত কৰা হৈছে ।
২০২০ চনৰ ১৫ আগষ্টৰ সেই গধূলি সকলোৰে বাবে আছিল অত্যন্ত বেদনাদায়ক, যেতিয়া ইনষ্টাগ্ৰামত এটা চুটি ভিডিঅ’ আৰু ‘ম্যে পল দো পল কা ছায়ৰ হুঁ’ গানটোৰ সৈতে ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল । চকু চলচলীয়া হৈ পৰিছিল প্ৰতিজন ক্ৰীড়াপ্ৰেমীৰ ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এৰাৰ ইমান বছৰ পিছতো আজিও পথাৰত তেওঁক চাবলৈ অনুৰাগীয়ে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰে । ক্ৰিকেটৰ পৃথিৱীত বহুতৰে ৰেকৰ্ড ভাঙিব পাৰে, কিন্তু নীলা জাৰ্ছীৰ পিছফালে থকা সেই ‘৭ নম্বৰ’ আৰু কোটি কোটি ভাৰতীয়ৰ হৃদয়ত থকা ধোনীৰ স্থান কোনেও ল’ব নোৱাৰে ।
লগতে পঢ়ক : বিশ্বকাপৰ মঞ্চত আৰু কেতিয়াও দেখা নাযাব ৭ নম্বৰ জাৰ্চীধাৰী যাদুকৰজনক









