সোমবাৰে পুৱতি নিশা ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভক লক্ষ্য কৰি ধাৰাবাহিক বেলিষ্টিক মিছাইল, ক্ৰুজ মিছাইল আৰু ড্ৰোন আক্ৰমণ চলায়
প্ৰায় চাৰি বছৰ পূৰ্বে আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইনৰ ৰক্তক্ষয়ী সংঘাত আজিও অব্যাহত আছে । ফলাফলহীন তথা ব্যাপক জন-ধনৰ হানি হোৱা এই যুদ্ধত দুয়োখন দেশে ইখনে সিখনক আক্ৰমণ অব্যাহত ৰাখিছে ।
তুৰস্কত অনুষ্ঠিত হ’বলগীয়া নাটোৰ (NATO) এক গুৰুত্বপূৰ্ণ সন্মিলনৰ ঠিক পূৰ্বে ইউক্ৰেইনৰ ওপৰত পুনৰ এক বৃহৎ আক্ৰমণ চলাইছে ৰাছিয়াই । সোমবাৰে পুৱতি নিশা ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভক লক্ষ্য কৰি ধাৰাবাহিক বেলিষ্টিক মিছাইল, ক্ৰুজ মিছাইল আৰু ড্ৰোন আক্ৰমণ চলায় । এই ভয়ংকৰ আক্ৰমণৰ ফলত সমগ্ৰ কিয়ভ চহৰ কঁপি উঠে ।
কিয়েভত ধাৰাবাহিক বিস্ফোৰণ-
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, সোমবাৰে পুৱাৰ ভাগত চেন্ট্ৰেল কিয়েভৰ আকাশত ধাৰাবাহিক বিস্ফোৰণৰ শব্দ শুনা যায় । আক্ৰমণৰ কিছু সময় পূৰ্বেই সমগ্ৰ চহৰখনত ‘এয়াৰ ৰেইড চাইৰেন’ বজাই নাগৰিকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল ।
এক্স (X)-ত জেলেনস্কিৰ পোষ্ট
এই আক্ৰমণৰ পূৰ্বেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমীৰ জেলেনস্কিয়ে দেওবাৰে চোৰাংচোৱা তথ্যৰ ভিত্তিত এক বৃহৎ আক্ৰমণৰ আশংকা ব্যক্ত কৰিছিল । আক্ৰমণৰ পিছতে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত তেওঁ ক্ষোভ প্ৰকাশ কৰি লিখে :
“চোৰাংচোৱা সংস্থাই পুনৰ এবাৰ ইংগিত দিছে যে ৰাছিয়ানসকলে এক নতুন ভয়াবহ আক্ৰমণৰ প্ৰস্তুতি চলাইছে । এয়া পুটিনৰ এক স্বভাৱসুলভ বৈশিষ্ট্য: আমেৰিকাৰ স্বাধীনতা দিৱসৰ ঠিক পিছতে আৰু আংকাৰাত হ’বলগীয়া নাটো সন্মিলনৰ পূৰ্বে । ৰাছিয়াই অধিক ধ্বংসলীলা চলাব আৰু মানুহ হত্যা কৰিব বিচাৰে ।”
উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰেও কিয়েভত ৰাছিয়াই এক ভয়াৱহ আক্ৰমণ চলাইছিল, য’ত অন্ততঃ ৩০ জন নিৰীহ লোকৰ মৃত্যু হৈছিল । যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ই আছিল কিয়েভৰ ওপৰত হোৱা তৃতীয়টো আটাইতকৈ ডাঙৰ আক্ৰমণ ।
আংকাৰা নাটো সন্মিলন আৰু ডনাল্ড ট্ৰাম্পৰ উপস্থিতি
মঙলবাৰৰ পৰা তুৰস্কৰ আংকাৰাত আৰম্ভ হ’বলগীয়া নাটো সন্মিলনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰসংগই মুখ্য স্থান লাভ কৰিব । এই সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পো উপস্থিত থকাৰ সম্ভাৱনা আছে । বৰ্তমান ৰাছিয়াই ইউক্ৰেইনৰ পূব ডনেটস্ক অঞ্চল দখল কৰিবলৈ সামৰিক অভিযান তীব্ৰতৰ কৰি তুলিছে । আনহাতে, ইউক্ৰেইনেও প্ৰত্যুত্তৰ দি ৰাছিয়াৰ ভিতৰত থকা তেল শোধনাগাৰ, বন্দৰ আৰু সামৰিক কাৰখানাসমূহক লক্ষ্য কৰি ড্ৰোন আক্ৰমণ বৃদ্ধি কৰিছে ।
লগতে পঢ়ক : অসহনীয় তাপপ্ৰৱাহৰ মাজতে বনজুইৰ তাণ্ডৱ, সহস্ৰাধিক লোকক স্থানান্তৰ









