অসম-ভূটান ৰে’ল সংযোগে এক্ট ইষ্ট পলিচীৰ অধীনত উন্নয়নৰ নতুন পথ মুকলি কৰিবঃ মুখ্যমন্ত্ৰী

অসম-ভূটান ৰে’ল সংযোগে এক্ট ইষ্ট পলিচীৰ অধীনত উন্নয়নৰ নতুন পথ মুকলি কৰিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পটোৱে ভাৰত আৰু ভূটানৰ মাজত থকা দীৰ্ঘদিনীয়া বন্ধুত্বক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক সংযোগৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব উন্নত সংযোগ ব্যৱস্থাই নতুন অৰ্থনৈতিক সুযোগৰ দ্বাৰ মুকলি কৰাত এক কেন্দ্ৰীয় ভূমিকা পালন কৰাৰ লগতে ‘এক্ট

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পটোৱে ভাৰত আৰু ভূটানৰ মাজত থকা দীৰ্ঘদিনীয়া বন্ধুত্বক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক সংযোগৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব

উন্নত সংযোগ ব্যৱস্থাই নতুন অৰ্থনৈতিক সুযোগৰ দ্বাৰ মুকলি কৰাত এক কেন্দ্ৰীয় ভূমিকা পালন কৰাৰ লগতে ‘এক্ট ইষ্ট পলিচী’ৰ এক অন্যতম চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে ।

এক্স (X)-ত এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক ৬৯.০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কোকৰাঝাৰ-গেলেফু ৰে’ল সংযোগৰ কথা উল্লেখ কৰি ইয়াক এক ঐতিহাসিক প্ৰকল্প বুলি অভিহিত কৰে । উল্লেখ্য যে, এই অভিলাসী প্ৰকল্পৰ ফলত ভাৰত-ভুটানৰ সম্পৰ্ক অধিক সুদৃঢ় হোৱাৰ লগতে বাণিজ্য, পৰ্যটন আৰু আঞ্চলিক উন্নয়নৰ নতুন পথ মুকলি হ’ব ।

প্ৰস্তাৱিত এই ৰে’ল প্ৰকল্পটোৰ আনুমানিক ব্যয় ৩,৪৫৬.৩৬ কোটি টকা ধাৰ্য কৰা হৈছে, যিয়ে অসমৰ কোকৰাঝাৰক চুবুৰীয়া হিমালয়ৰ দেশখনৰ এক ধ্বজাবাহী নগৰ উন্নয়নমূলক পদক্ষেপ ভুটানৰ ‘গেলেফু মাইণ্ডফুলনেছ চিটি’ৰ সৈতে সংযোগ কৰিব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই ৰে’ল সংযোগ প্ৰকল্পটোৱে অসমক আন্তঃসীমান্ত বাণিজ্য আৰু পৰ্যটনৰ এক প্ৰৱেশদ্বাৰলৈ ৰূপান্তৰিত কৰিব, যাৰ ফলত ‘এক্ট ইষ্ট পলিচী’ৰ অধীনত দক্ষিণ-পূব এছিয়া আৰু চুবুৰীয়া দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত ৰাজ্যখনৰ কৌশলগত ভূমিকাক অধিক শক্তিশালী কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পটোৱে ভাৰত আৰু ভূটানৰ মাজত থকা দীৰ্ঘদিনীয়া বন্ধুত্বক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক সংযোগৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে ।

লগতে পঢ়ক : অসমত মেগা বৃক্ষৰোপণৰ প্ৰস্তুতি: ১৪ আগষ্টৰ ভিতৰত ১ কোটি পুলি ৰোপণ কৰিব বন বিভাগে