খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব বিহাৰৰ ৰাজ্যপাল,পবিত্ৰ মাৰ্ঘেৰিটাৰ

খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব বিহাৰৰ ৰাজ্যপাল,পবিত্ৰ মাৰ্ঘেৰিটাৰ

ইৰাণী সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনানে । প্ৰাক্তন ইৰাণী সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

ইৰাণী সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনানে ।

প্ৰাক্তন ইৰাণী সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনানে ভাৰতক প্ৰতিনিধিত্ব কৰে। চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ আক্ৰমণত খামেইনী নিহত হৈছিল।

এই অনুষ্ঠান সন্দৰ্ভত  ‘এক্স’ৰ এটা  পোষ্টত ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জনায় যে তেওঁলোকে ভাৰত চৰকাৰ আৰু দেশবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁ লিখিছে, “তেহৰানত অনুষ্ঠিত ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা গ্ৰেণ্ড আয়াতুল্লাহ চৈয়দ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত মাননীয় @GovernorBihar আৰু মই ভাৰতক প্ৰতিনিধিত্ব কৰিলোঁ। ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ হৈ আমাৰ শ্ৰদ্ধা নিৱেদন কৰিলোঁ।” আনহাতে, বিহাৰৰ ৰাজ্যপালগৰাকীয়েও এটা ‘এক্স’ পোষ্টত উল্লেখ কৰে যে শেহতীয়া সংঘৰ্ষত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ তেওঁলোকে গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

শুকুৰবাৰে আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ সময়ত ইৰাণৰ শীৰ্ষ নেতাসকল ইমাম খোমেইনী গ্ৰেণ্ড মোচাল্লাত একত্ৰিত হয়। ইৰাণ চৰকাৰৰ তিনিটা শাখাৰ মুৰব্বীসকলক প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰা দেখা গৈছিল। ইৰাণৰ সামৰিক কমাণ্ডাৰ মহচেন ৰেজায়ী, বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচী, ইৰাণৰ মুখ্য ন্যায়াধীশ গোলামহোছেইন মহচেনী এজেয়ী, সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কালিবাফ আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেশ্কিয়ানে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

তেহৰানত আনুষ্ঠানিক ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে ভাৰতৰ হাই-প্ৰফাইল বিশিষ্ট ব্যক্তিসকলেও ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ চৈয়দ আলী খামেইনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ভাৰতত থকা ইৰাণৰ দূতাবাছে ‘এক্স’ত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে, “ভাৰতীয় বিশিষ্ট ব্যক্তিসকলে ইৰাণৰ শ্বহীদ নেতা আয়াতুল্লাহ চৈয়দ আলী খামেনেইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।” ইৰাণৰ দূতাবাছে শ্বেয়াৰ কৰা ছবিখনত পিপলছ ডেম’ক্ৰেটিক পাৰ্টী (PDP)ৰ সভানেত্ৰী মেহবুবা মুফতি আৰু কংগ্ৰেছ দলৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুৰব্বী ছলমান খুৰ্ছিদৰ লগতে আন কেইবাজনকো দেখা গৈছে। ইৰাণী নেতাগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নেতাসকল উপস্থিত হৈছেহি।

ইৰাণৰ চৰকাৰী বিষয়াৰ উদ্ধৃতি দি প্ৰেছ টিভিয়ে প্ৰকাশ কৰা অনুসৰি, এই বহুদিনীয়া অন্ত্যেষ্টিক্ৰিয়াত ১৫ৰ পৰা ২০ নিযুত (১.৫ ৰ পৰা ২ কোটি) শোকাকুল জনতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যিক সম্প্ৰচাৰক প্ৰতিষ্ঠানটোৱে লগতে জনোৱা মতে, শনিবাৰ আৰু দেওবাৰেও এই কাৰ্যসূচী অব্যাহত থাকিব আৰু সোমবাৰে তেহৰানৰ মাজেৰে অন্ত্যেষ্টিক্ৰিয়া সমদল উলিওৱাৰ পূৰ্বে মৃতদেহটো গ্ৰেণ্ড মোচাল্লাত ৰাইজৰ দৰ্শনৰ বাবে ৰখা হ’ব। ইয়াত উল্লেখ কৰা হৈছে যে পবিত্ৰ চহৰ কোমত পৰৱৰ্তী ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰাৰ পিছত ইৰাকৰ বাগদাদ, কাৰবালা আৰু নাজাফত অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু অহা ৯ জুলাইত মাশ্বহাদত কবৰস্থ কৰা হ’ব।

লগতে পঢ়ক: ইৰাণত উপস্থিত ভাৰতীয় ধৰ্মগুৰু; আয়াতুল্লাহ আলী খামেইনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

শেহতীয়া প্ৰৱন্ধসমূহ