অহা ৫ জুলাইত নিজৰ বাসগৃহতে তৃতীয়বাৰৰ বাবে বিবাহপাশত অৱদ্ধ হ’ব অভিনেতা আমিৰ খান। বিবাহত দুয়োৰে অতি ঘনিষ্ঠ ১৫০ গৰাকী লোক হে উপস্থিত থাকিব।
বলিউডৰ ‘মিষ্টাৰ পাৰফেক্টচনিষ্ট’ আমিৰ খানে তৃতীয়বাৰৰ বাবে সংসাৰ আৰম্ভ কৰিবলৈ ওলাইছে। ৬১ বছৰ বয়সত তেওঁ প্ৰেমিকা গৌৰী স্প্ৰেটৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব, যাৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আছিল। আমিৰ আৰু গৌৰীয়ে বিগত কেইবছৰমানৰ পৰা ইজনে সিজনক ডেট কৰি আছিল, কিন্তু এতিয়া তেওঁলোকে এক হোৱাৰ সিদ্ধান্ত লৈছে। ৫ জুলাই, দেওবাৰে তেওঁলোকৰ নিজৰ ঘৰতে আইনী বিবাহ সম্পন্ন হ’ব। আমিৰৰ মতে, তেওঁলোকে এটা সৰু অনুষ্ঠান আয়োজন কৰিব, য’ত কেৱল তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকহে উপস্থিত থাকিব।
আমিৰ খানৰ তৃতীয়খন বিবাহক লৈ অনুৰাগী আৰু চলচ্চিত্ৰ জগতৰ মাজত ব্যাপক কৌতুহল সৃষ্টি হৈছে। ছুপাৰষ্টাৰজনৰ বিবাহত প্ৰায় ১৫০ গৰাকী অতিথি উপস্থিত থকাৰ সম্ভাৱনা আছে। বিয়াখনত প্ৰায় ১০০ ৰ পৰা ১৫০ জন অতিথি উপস্থিত থাকিব। ইয়াত দুয়োটা পৰিয়ালৰ সদস্য, ঘনিষ্ঠ বন্ধু আৰু চলচ্চিত্ৰ জগতৰ কিছুমান বিশেষ ব্যক্তিহে উপস্থিত থাকিব। আমিৰ আৰু গৌৰীয়ে নিজেই অতিথিৰ তালিকা প্ৰস্তুত কৰিছে আৰু নিজৰ পচন্দ অনুসৰি বিবাহৰ ভোজনৰ মেনুও নিৰ্বাচন কৰিছে।
বিবাহৰ নিয়ম-নীতিসমূহ দিনটোৰ প্ৰথম ভাগত সম্পন্ন হ’ব। আমিৰ আৰু গৌৰীয়ে ‘স্পেচিয়েল মেৰেজ এক্ট’ৰ (Special Marriage Act) অধীনত নিজৰ বিবাহ পঞ্জীয়ন কৰাব। ইয়াৰ পিছত তেওঁলোকে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ভোজন কৰিব। আমিৰ আৰু গৌৰীয়ে তেওঁলোকৰ প্ৰিয় খাদ্যসমূহ মেনুত অন্তৰ্ভুক্ত কৰিছে আৰু খাদ্য প্ৰস্তুত কৰাৰ কামতো নিজেই চকু ৰাখিছে। বিবাহ অনুষ্ঠানত তেওঁলোক দুয়োৰে সন্তান সকলো উপস্থিত থাকিব। ইয়াৰ লগতে আমিৰৰ ঘনিষ্ঠ বন্ধু তথা চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰীকাৰ আৰু ৰাজকুমাৰ সন্তোষীও উপস্থিত থকাৰ সম্ভাৱনা আছে।









