স্কুল বাছৰ ওপৰত গছ বাগৰি ছাত্ৰৰ কৰুণ মৃত্যু, হাহাকাৰ পৰিস্থিতি

স্কুল বাছৰ ওপৰত গছ বাগৰি ছাত্ৰৰ কৰুণ ঘটনা, হাহাকাৰ পৰিস্থিতি

এই ভয়ংকৰ দুৰ্ঘটনাত বাছখনত থকা ১১ বছৰীয়া এজন স্কুলীয়া ছাত্ৰৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন শিক্ষাৰ্থী আহত হয় মহাৰাষ্ট্ৰৰ মুম্বাইত এক অতি কৰুণ তথা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে । মুম্বাইৰ চেম্বুৰ অঞ্চলত হঠাতে এটা পথৰ কাষৰ প্ৰকাণ্ড গছ উভালি এখন স্কুল বাছৰ ওপৰত

এই ভয়ংকৰ দুৰ্ঘটনাত বাছখনত থকা ১১ বছৰীয়া এজন স্কুলীয়া ছাত্ৰৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন শিক্ষাৰ্থী আহত হয়

মহাৰাষ্ট্ৰৰ মুম্বাইত এক অতি কৰুণ তথা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে । মুম্বাইৰ চেম্বুৰ অঞ্চলত হঠাতে এটা পথৰ কাষৰ প্ৰকাণ্ড গছ উভালি এখন স্কুল বাছৰ ওপৰত বাগৰি পৰে । এই ভয়ংকৰ দুৰ্ঘটনাত বাছখনত থকা ১১ বছৰীয়া এজন স্কুলীয়া ছাত্ৰৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন শিক্ষাৰ্থী আহত হয় ।

মুম্বাই পৌৰ নিগম (BMC)ৰ মুম্বাই ফায়াৰ ব্ৰিগেডৰ তথ্য অনুসৰি, মঙলবাৰে দুপৰীয়া প্ৰায় ২:৫৮ বজাত এই শোকাৱহ ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে, ‘মেক ফৰ্চ’ কোম্পানীয়ে চলোৱা আৰু ‘ইউনিভাৰ্চেল হাইস্কুল’ৰ শিক্ষাৰ্থী কঢ়িয়াই নিয়া বাছখনৰ ওপৰত পথৰ কাষৰ এজোপা প্ৰকাণ্ড গছ উভালি পৰে ।

স্থানীয় ৰাইজ আৰু কণ্ডাক্টৰৰ তৎপৰতা

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাছখনত ১২টি শিশু আছিল । ঘটনাৰ লগে লগে বাছৰ কণ্ডাক্টৰ আৰু স্থানীয় ৰাইজে অতি তৎপৰতাৰে বাছৰ ভিতৰত আৱদ্ধ হৈ পৰা শিশুসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰে ।

হাস্পতালত ছাত্ৰৰ মৃত্যু

উদ্ধাৰ কৰা শিশুসকলৰ ভিতৰত পাঁচজন শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছিল । তেওঁলোকক লগে লগে জেন হাস্পতাললৈ লৈ যোৱা হয় । চিকিৎসালয়খনে প্ৰকাশ কৰা অনুসৰি, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ১১ বছৰীয়া এগৰাকী ছাত্ৰ আবেলি ৪:২৩ বজাত চিকিৎসকে মৃত ঘোষণা কৰে ।

আনহাতে, সামান্যভাৱে আহত হোৱা বাকী চাৰিজন শিক্ষাৰ্থীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে । এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : জুইৰ লেলিহান শিখাত জাহ গ’ল কোচিং চেণ্টাৰ, অতি কমেও ১৫ জনৰ মৃত্যু

শেহতীয়া প্ৰৱন্ধসমূহ