অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া ধেমাজিত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। চিমেন নদীয়ে উটুৱাই নিলে ধেমাজি-জোনাই সংযোগী ৰে’ল দলং।
অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিম্ন সোৱণশিৰি জিলাৰ ছিজি ব্লক পইণ্টত এক বৃহৎ ভূমিস্খলনৰ ফলত ছিজি নদীৰ প্ৰবাহ বন্ধ হৈ পৰিছে। ইয়াৰ ফলত নদীখনৰ উজনি অংশত পানী জমা হৈছে, যাৰ ফলত নামনিৰ অঞ্চলসমূহত হঠাতে পানী এৰি দিয়াৰ প্ৰশাসনে আশংকা প্ৰকাশ কৰিছে।

লিকাবালিৰ পৰা ১৪ কিলোমিটাৰ ওপৰত মাগি নামৰ ঠাইত এই ঘটনাটো সংঘটিত হৈছে। প্ৰশাসনে নদীৰ পাৰত থকা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু নদীৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে।
অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ ফলত ধেমাজিৰ চিলাপথাৰত চিমেন নৈৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। খহনীয়াৰ কবলত কৰিছে দীপাৰ ৰে’লৱে দলং।যাৰ ফলত দলংখনৰ এটা অংশ খহি পৰিছে।

খৰস্ৰোতা চিমেন নদীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে।চিমেন নদীৰ বানে ধেমাজি-জোনাই সংযোগী ৰে’ল দলং উটুৱাই নিয়াৰ ফলত ব্যাহত হৈছে ৰে’ল যাতায়াত।

ধেমাজিৰ বান পৰিস্থিতিক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে ঘটনাস্থলীলৈ মন্ত্ৰী সুশান্ত বৰগোঁহাই, কেশৱ মহন্তক যোৱাৰ নিৰ্দেশ দিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে ধেমাজিত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টিও ৰাখিছে।
লগতে পঢ়ক: অৰুণাচলত প্ৰলয়ংকাৰী বান; অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি









