‘গেলেক্সি এপাৰ্টমেণ্ট’ত আৰু নেদেখিব ছলমান খানক; শীঘ্ৰেই হ’ব স্থানান্তৰ

‘গেলেক্সি এপাৰ্টমেণ্ট’ত আৰু নেদেখিব ছলমান খানক: কিয় ল’লে এই সিদ্ধান্ত ?

অহৰহ ভাবুকি আৰু নিৰাপত্তাৰ চিন্তাৰ বাবে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে নিজৰ আইকনিক ঘৰ ‘গেলেক্সি এপাৰ্টমেণ্টছ’ এৰি যাব পাৰে। বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে খুব সোনকালেই তেওঁৰ আটাইতকৈ প্ৰিয় আৰু বিখ্যাত ‘গেলেক্সি এপাৰ্টমেণ্ট’ক বিদায় জনাব পাৰে। খবৰ অনুসৰি, তেওঁ বান্দ্ৰা এলেকাতে নিৰ্মাণ হ’বলগীয়া এটা নতুন আৰু অতি

অহৰহ ভাবুকি আৰু নিৰাপত্তাৰ চিন্তাৰ বাবে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে নিজৰ আইকনিক ঘৰ ‘গেলেক্সি এপাৰ্টমেণ্টছ’ এৰি যাব পাৰে।

বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে খুব সোনকালেই তেওঁৰ আটাইতকৈ প্ৰিয় আৰু বিখ্যাত ‘গেলেক্সি এপাৰ্টমেণ্ট’ক বিদায় জনাব পাৰে। খবৰ অনুসৰি, তেওঁ বান্দ্ৰা এলেকাতে নিৰ্মাণ হ’বলগীয়া এটা নতুন আৰু অতি বিলাসী ঘৰলৈ স্থানান্তৰিত হোৱাৰ প্ৰস্তুতি চলাইছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ছলমানৰ এই নতুন ঘৰটো নিৰ্মাণৰ পথ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈছে। তেওঁৰ পৰিয়ালে বহু আগতেই এই ঠাইখিনি পছন্দ কৰিছিল, কিন্তু কিছুমান চৰকাৰী অনুমতিৰ বাবে কামটো ৰৈ গৈছিল। এতিয়া এই নতুন প্ৰজেক্টটো আগুৱাই নিবলৈ প্ৰয়োজনীয় অনুমতি পোৱা গৈছে।

এই নতুন বিলাসী ঘৰটো নিৰ্মাণৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণ হিচাপে ‘সুৰক্ষা’ৰ কথাক উল্লেখ কৰা হৈছে। দৰাচলতে, যোৱা কিছু সময় ধৰি ছলমান খানে ধাৰাবাহিকভাৱে প্ৰাণে মৰাৰ ভাবুকি পাই আহিছে। নিৰাপত্তা সংস্থাসমূহেও তেওঁক পৰামৰ্শ দিছিল যে ‘গেলেক্সি এপাৰ্টমেণ্ট’ত থকাটো এতিয়া তেওঁৰ বাবে সম্পূৰ্ণ সুৰক্ষিত নহয়, কাৰণ তাত নিৰাপত্তাৰ ব্যৱস্থা কৰাত বহু অসুবিধা হৈছে। সেয়েহে এতিয়া তেওঁৰ পৰিয়ালে এনে এখন ঠাইত থাকিবলৈ চিন্তা কৰিছে, য’ত তেওঁলোকে সম্পূৰ্ণ সুৰক্ষিত অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত খবৰ ওলাইছে যে তেওঁ সোনকালেই নতুন ঘৰলৈ স্থানান্তৰিত হ’ব পাৰে।

লগতে জানিব পৰা গৈছে যে ছলমানৰ এই নতুন আৰু বিলাসী ঘৰটো নিৰ্মাণৰ প্ৰস্তুতি দ্ৰুতগতিত চলিছে। উল্লেখ্য যে, এই বহু মহলীয়া অট্টালিকাটো নিৰ্মাণৰ বাবে বৃহন্মুম্বাই মিউনিচিপাল কৰ্পৰেশ্যনে (BMC) ২০২৫ চনৰ অক্টোবৰ মাহতেই প্ৰাৰম্ভিক সেউজ সংকেত দিছিল। ইয়াক কাৰিকৰী ভাষাত ‘ইণ্টিমেশ্যন অৱ ডিছএপ্ৰুভেল’ বুলি কোৱা হয়। এই অনুমতি পোৱাৰ পিছৰে পৰা মাটিৰ কাম আৰম্ভ কৰাৰ বাবে যি আনুষ্ঠানিক প্ৰক্ৰিয়া আছিল, সেয়া দ্ৰুতগতিত আগবাঢ়িছে, যাৰ বাবে খান পৰিয়ালে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল।

এই নতুন ছয় মহলীয়া বিলাসী অট্টালিকাটো বান্দ্ৰাৰ চিম্বাই এলেকাত সাগৰৰ ঠিক সন্মুখত নিৰ্মাণ কৰা হ’ব। এই বিলাসী ঘৰটোত গ্ৰাউণ্ড ফ্ল’ৰৰ লগতে গাড়ী ৰখাবলৈ এখন সুন্দৰ ষ্টিল্ট পাৰ্কিংও থাকিব। এই সমগ্ৰ অট্টালিকাটোৰ মুঠ কভাৰ্ড এৰিয়া প্ৰায় ১,০১৪ বৰ্গ মিটাৰ বুলি কোৱা হৈছে। ছলমান খানৰ পৰিয়ালে এই বহুমূলীয়া প্লটটো ২০১১ চনতেই ক্ৰয় কৰিছিল, যিটো তেওঁৰ মাতৃৰ নামত পঞ্জীয়ন কৰা আছে। এতিয়া এই ঠাইত নিৰ্মাণৰ কামে দ্ৰুতগতিত আগবাঢ়িছে, যিটো অতি সোনকালে সম্পূৰ্ণ কৰা হ’ব।

ছলমান খানৰ এই প্ৰজেক্টৰ আটাইতকৈ ডাঙৰ বাধা আছিল ‘কোষ্টেল ৰেগুলেচন জ’ন’ (CRZ)-ৰ অনুমতি। সাগৰৰ পাৰত অৱস্থিত হোৱাৰ বাবে ‘মহাৰাষ্ট্ৰ কোষ্টেল জ’ন মেনেজমেণ্ট অথৰিটি’ৰ অনুমতি পোৱাটো অত্যন্ত প্ৰয়োজনীয় আছিল। অৱশেষত ১৬ জুনত এই অনুমতি পোৱা গৈছে। অনুমতি পোৱাৰ পিছত এতিয়া এই বিলাসী অট্টালিকাটো নিৰ্মাণৰ পথ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈছে। এই সুৰক্ষিত আৰু সুন্দৰ অট্টালিকাটো সম্পূৰ্ণ হোৱাৰ লগে লগে বলিউডৰ তাৰকা ছলমান খানে তেওঁৰ সমগ্ৰ পৰিয়ালৰ সৈতে ‘গেলেক্সি এপাৰ্টমেণ্ট’ৰ পৰাল স্থানান্তৰিত হ’ব।

উল্লেখ্য যে, ছলমান খানৰ বৰ্তমানৰ ঘৰ ‘গেলেক্সি এপাৰ্টমেণ্ট’ৰ বাহিৰত ২০২৪ চনত দুজন বাইক আৰোহীয়ে হঠাতে গুলীবৰ্ষণ কৰিছিল, যাৰ দায়িত্ব বিষ্ণৈ গেঙে লৈছিল। এই ভয়ংকৰ ঘটনাৰ পিছত চৰকাৰে ছলমান খানৰ নিৰাপত্তা তাৎক্ষণিকভাৱে বৃদ্ধি কৰি ‘ৱাই প্লাছ’ (Y+) শ্ৰেণীলৈ উন্নীত কৰিছিল। অৱশ্যে, এই নতুন ঘৰটোলৈ স্থানান্তৰিত হোৱাৰ বিষয়ত এতিয়ালৈকে ছলমান বা তেওঁৰ দলৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য অহা নাই।

লগতে পঢ়ক: সকলো অভিলেখ ভংগ কৰিবলৈ আহি আছে ‘বাহুবলী ৩’; প্ৰভাসে দিলে ডাঙৰ ইংগিত