পুনৰ অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল; বিধায়কৰূপে ললে শপত গ্ৰহণ

পুনৰ অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল; বিধায়কৰূপে ললে শপত

সোমবাৰে বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰি সক্ৰিয় ৰাজ্যিক ৰাজনীতিলৈ ঘূৰি অহাৰ ইংগিত দি এ আই ইউ ডি এফৰ মুৰব্বী তথা বিন্নকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে অসম বিধানসভাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰে। এ আই ইউ ডি এফৰ মুৰব্বী তথা বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে সোমবাৰে অসম বিধানসভাত বিধায়ক

সোমবাৰে বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰি সক্ৰিয় ৰাজ্যিক ৰাজনীতিলৈ ঘূৰি অহাৰ ইংগিত দি এ আই ইউ ডি এফৰ মুৰব্বী তথা বিন্নকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে অসম বিধানসভাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰে।

এ আই ইউ ডি এফৰ মুৰব্বী তথা বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে সোমবাৰে অসম বিধানসভাত বিধায়ক হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ জৰিয়তে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ৰাজনীতিত সক্ৰিয় থকাৰ পাছত দুটা দশকৰ মূৰত তেওঁ পুনৰ ৰাজ্যিক বিধানসভালৈ প্ৰত্যাৱৰ্তন কৰিলে।

অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজমলক তেওঁৰ চৰকাৰী কক্ষত শপত বাক্য পাঠ কৰোৱায়। মে’ মাহত অনুষ্ঠিত হোৱা সমূহীয়া শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত আজমল পৱিত্ৰ হজ্জ যাত্ৰাৰ বাবে বহিঃৰাজ্যত থকাৰ বাবে সেই অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল। শপত গ্ৰহণ অনুষ্ঠানত এ আই ইউ ডি এফৰ কেইবাজনো নেতা আৰু প্ৰাক্তন বিধায়ক আজমলৰ সৈতে উপস্থিত থাকে।

শপত গ্ৰহণৰ পাছত বদৰুদ্দিন আজমলে কয় যে দলৰ সৈতে আলোচনা কৰিয়েই তেওঁ পুনৰ ৰাজ্যিক ৰাজনীতিলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈছে।

আজমলে কয়, “মই অনুভৱ কৰিলোঁ যে মই স্থানীয় ৰাজ্যিক ৰাজনীতিত অংশগ্ৰহণ কৰা উচিত। আমাৰ দলে এই সিদ্ধান্ত লৈছিল আৰু মোক ইয়াৰ পৰা নিৰ্বাচন খেলিবলৈ কৈছিল। তাৰ পাছত মই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলোঁ আৰু ৰাইজে মোক বিপুল সমৰ্থন দিলে।”

ৰাজ্যত চলি থকা উচ্ছেদ আৰু বেদখল বিৰোধী অভিযান সন্দৰ্ভত আজমলে কয় যে চৰকাৰে সাধাৰণ ৰাইজৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে সঠিক নথিপত্ৰ পৰীক্ষা আৰু সংস্থাপন নিশ্চিত কৰা উচিত। তেওঁ লগতে কয় যে তেওঁলোকৰ দলে এই বিষয়সমূহ আইনী আৰু ৰাজনৈতিকভাৱে উত্থাপন কৰি যাব আৰু প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হ’ব।

সংখ্যালঘু প্ৰতিনিধিসকলৰ ভূমিকাৰ সন্দৰ্ভত আজমলে কয় যে নিৰ্বাচিত নেতাসকলে সদায় জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা উচিত।

লগতে পঢ়ক: প্ৰতিবন্ধকতা আঁতৰিলঃ ইউৰোপৰ ২৭ খন দেশৰ বাবে খোল খালে অসমৰ দুৱাৰ!

শেহতীয়া প্ৰৱন্ধসমূহ