'টেলিগ্ৰাম সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ পৰিছে'; উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ যুক্তি

‘টেলিগ্ৰাম সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ পৰিছে’; উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ যুক্তি

NEET পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ আশংকাত ভাৰতত এসপ্তাহৰ বাবে টেলিগ্ৰাম নিষিদ্ধ কৰা হৈছিল। আদালতত এই এপটোক প্ৰত্যাহ্বান জনাইছে ।ইফালে চৰকাৰে এই এপটো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা বুলি জানিবলৈ দিছে। ভাৰত চৰকাৰে অলপতে সুৰক্ষিত মেচেজিং এপ্লিকেচন টেলিগ্ৰামক এসপ্তাহৰ বাবে নিষিদ্ধ কৰিছে। টেলিগ্ৰামে এই সিদ্ধান্তক

NEET পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ আশংকাত ভাৰতত এসপ্তাহৰ বাবে টেলিগ্ৰাম নিষিদ্ধ কৰা হৈছিল। আদালতত এই এপটোক প্ৰত্যাহ্বান জনাইছে ।ইফালে চৰকাৰে এই এপটো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা বুলি জানিবলৈ দিছে।

ভাৰত চৰকাৰে অলপতে সুৰক্ষিত মেচেজিং এপ্লিকেচন টেলিগ্ৰামক এসপ্তাহৰ বাবে নিষিদ্ধ কৰিছে। টেলিগ্ৰামে এই সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাইছে। টেলিগ্ৰামক লৈ চলি থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ দাবী উত্থাপন কৰিছে। চৰকাৰে আদালতত কৈছে যে টেলিগ্ৰাম সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে আটাইতকৈ সহজ আৰু সুবিধাজনক প্লেটফৰ্ম হৈ পৰিছে।

গোচৰৰ শুনানিৰ পূৰ্বে ছলিচিটৰ জেনেৰেলে আদালতক জনায় যে এই সন্দৰ্ভত এক বিতং উত্তৰ ক’ৰ্ট ৰেজিষ্ট্ৰীত দাখিল কৰা হৈছে। এই উত্তৰ নথিপত্ৰভুক্ত হোৱাৰ লগে লগেই শুনানি আৰম্ভ হ’ব।

ছলিচিটৰ জেনেৰেলে লগতে কয় যে টেলিগ্ৰাম কৰ্তৃপক্ষক তলব কৰা হৈছিল আৰু তেওঁলোকৰ বক্তব্য শুনা হৈছিল। তেওঁলোকৰ যুক্তি আৰু তাৰ ওপৰত কৰা তদন্তৰ নিষ্কাৰ্ষ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে এই বিষয়টোৰ শুনানি এখন কমিটিয়ে কৰিছিল, যাৰ নেতৃত্ব দিছিল কেবিনেট সচিবগৰাকীয়ে।

এই সময়ছোৱাত হাইকোৰ্টে প্ৰশ্ন কৰে যে যদি জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰা হয়, তেন্তে ৪৮ ঘণ্টাৰ ভিতৰত শুনানিৰ সুযোগ দিয়াটো বাধ্যতামূলক। ইয়াৰ উত্তৰত চৰকাৰে কয় যে এই গোচৰৰ ক্ষেত্ৰত শুনানিৰ সুযোগ প্ৰদান কৰা হৈছিল। এতিয়া এই গোচৰত আদালতৰ পৰৱৰ্তী পদক্ষেপ গুৰুত্বপূৰ্ণ হ’ব, কিয়নো এই সিদ্ধান্তই স্থিৰ কৰিব যে ভাৰতত টেলিগ্ৰামৰ ভৱিষ্যত কি হ’ব।

নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপ প্লেটফৰ্মত সাময়িক নিষেধাজ্ঞা আৰোপ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে টেলিগ্ৰামে দাখিল কৰা আবেদনৰ ওপৰত দিল্লী হাইকোৰ্টে ৰায় সংৰক্ষিত ৰাখিছে। শুনালিকালত বিচাৰপীঠে প্ৰশ্ন কৰে যে “আপুনি এজনৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আন এজনৰ অধিকাৰ অৱৰুদ্ধ কৰিব পাৰেনে?”

আদালতত ছলিচিটৰ জেনেৰেল মেহতাই যুক্তি দৰ্শায় যে যদি টেলিগ্ৰামত কিবা ভুল হয়, তেন্তে তাৰ দায়িত্ব কোম্পানীটোৱে ল’বনে? তেওঁ কয় যে টেলিগ্ৰামৰ ‘বেকডেটিং ফিচাৰ’ টোৱেই আচল বিপদ। আচলতে এই এপটাত এটা এনে সুবিধা আছে যাৰ দ্বাৰা বাৰ্তা প্ৰেৰণ কৰা তাৰিখ আৰু সময় পৰ্যন্ত সলনি কৰিব পৰা যায়।

আচলতে টেলিগ্ৰামৰ কিছুমান বৈশিষ্ট্য এনেকুৱা, যাৰ বাবে ব্যৱহাৰকাৰীসকলক বিচাৰি উলিওৱা কঠিন হৈ পৰে। উদাহৰণস্বৰূপ: এই এপত ফোন নম্বৰ নেদেখুৱাকৈয়ে চেটিং কৰিব পাৰি। এই সুবিধাৰ বাবেই প্ৰৱঞ্চকসকলে এই প্লেটফৰ্মৰ অপব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

শেহতীয়াকৈ NEET প্ৰশ্নকাকত ফাদিল হোৱাৰ গোচৰত চৰকাৰে পৰীক্ষা অনুষ্ঠিত নোহোৱালৈকে এসপ্তাহৰ বাবে এই এপটো নিষিদ্ধ কৰিছে। বৰ্তমান ভাৰতত এই এপটো ব্যৱহাৰ কৰিব নোৱাৰি। ভাৰতত এই এপটোৰ কোটি কোটি ব্যৱহাৰকাৰী আছে আৰু কোম্পানীটোৰ চিইঅ’ই (CEO) ধাৰাবাহিকভাৱে ইয়াৰ বিৰোধিতা কৰি আহিছে। টেলিগ্ৰামৰ চিইঅ’ই কৈছে যে এপটো নিষিদ্ধ কৰিলেই প্ৰশ্নকাকত ফাদিল হোৱাটো বন্ধ নহয়। কিয়নো যিসকলে ফাদিল কৰিছে, তেওঁলোকে আন এপৰ জৰিয়তেও ফাদিল কৰিব পাৰে। অৱশ্যে চৰকাৰৰ স্থিতি অতি কঠোৰ আৰু সমগ্ৰ বিষয়টো বৰ্তমান আদালতৰ অধীনত আছে।

লগতে পঢ়ক: ভাৰতত নিষিদ্ধ হ’ল টেলিগ্ৰাম! কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

শেহতীয়া প্ৰৱন্ধসমূহ