মধ্য প্ৰাচ্যত হাহাকাৰ; ভাৰতীয় 'এমটি জলবীৰ'ক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ

মধ্য প্ৰাচ্যত হাহাকাৰ; ভাৰতীয় ‘এমটি জলবীৰ’ক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ

আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ যুদ্ধ আৰম্ভ হৈছে।ইফালে ওমান উপকূলৰ সমীপত আন এখন ভাৰতীয় জাহাজ ‘এমটি জলৱীৰ’ক আক্ৰমণ কৰা হৈছে। আমেৰিকা আৰু ইৰান দুয়োখন দেশে ইখনে সিখনৰ ঘাটিসমূহৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে। হৰমুজ প্ৰণালীৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে। ইয়াৰ মাজতে ওমান উপকূলৰ ওচৰত আন

আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ যুদ্ধ আৰম্ভ হৈছে।ইফালে ওমান উপকূলৰ সমীপত আন এখন ভাৰতীয় জাহাজ ‘এমটি জলৱীৰ’ক আক্ৰমণ কৰা হৈছে।

আমেৰিকা আৰু ইৰান দুয়োখন দেশে ইখনে সিখনৰ ঘাটিসমূহৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে। হৰমুজ প্ৰণালীৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে। ইয়াৰ মাজতে ওমান উপকূলৰ ওচৰত আন এখন ভাৰতীয় জাহাজ ‘এমটি জলবীৰ’ ৰ ওপৰত আক্ৰমণ কৰা হৈছে। এই জাহাজখনত ২০ জনতকৈও অধিক নাবিক আছিল। ইয়াৰ পূৰ্বে ‘এমটি চেল্টেবেলো’ জাহাজখনৰ ওপৰত আক্ৰমণ হৈছিল, যিখনত ২৪ জন ভাৰতীয় ক্ৰু সদস্য আছিল আৰু তাৰে ২১ জনক উদ্ধাৰ কৰা হৈছে, আনহাতে ৩ জন লোকৰ মৃত্যু হৈছে।

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, জাহাজখনৰ ফানেল আৰু ইঞ্জিন ৰূমত জুই লাগিছে, যাৰ ফলত জাহাজখনৰ ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। জাহাজখনত ভাৰতীয় নাবিকসকল উপস্থিত আছে। অৱশ্যে ভাৰতীয় ক্ৰু সদস্যৰ সংখ্যা বা তেওঁলোকৰ সুৰক্ষা সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ পোৱা হোৱা নাই। সামুদ্ৰিক সুৰক্ষা সংস্থাসমূহ আৰু সংশ্লিষ্ট বিষয়াসকলে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

লগতে পঢ়ক: পুনৰ ইৰাণে ছীল কৰিলে হৰমুজ প্ৰণালী; আমেৰিকাৰ আক্ৰমণৰ পিছত জাহাজত No Entry

শেহতীয়া প্ৰৱন্ধসমূহ