মিছাইলৰ শব্দত কঁপিছে মধ্যপ্ৰাচ্য; হৰমুজৰ সমিপৰ ইৰাণী ঘাটিত আমেৰিকাৰ মিছাইল নিক্ষেপ

মিছাইলৰ শব্দত কঁপিছে মধ্যপ্ৰাচ্য; হৰমুজৰ সমিপৰ ইৰাণী ঘাটিত আমেৰিকাৰ মিছাইল নিক্ষেপ

আমেৰিকা আৰু ইৰানৰ মাজত সামৰিক সংঘাত পুনৰ তীব্ৰতৰ হৈ পৰিছে।আমেৰিকাৰ সেনাই আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ পাছত ইৰাণৰ কেইবাটাও কৌশলগত লক্ষ্যত প্ৰতিশোধমূলক আক্ৰমণ চলাইছে। হৰমুজ প্ৰণালীৰ আশে-পাশে আমেৰিকা আৰু ইৰানৰ মাজত সামৰিক সংঘাত পুনৰ তীব্ৰতৰ হৈ পৰিছে। আমেৰিকান সেনাই তেওঁলোকৰ দুখন আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ পাছত

আমেৰিকা আৰু ইৰানৰ মাজত সামৰিক সংঘাত পুনৰ তীব্ৰতৰ হৈ পৰিছে।আমেৰিকাৰ সেনাই আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ পাছত ইৰাণৰ কেইবাটাও কৌশলগত লক্ষ্যত প্ৰতিশোধমূলক আক্ৰমণ চলাইছে।

হৰমুজ প্ৰণালীৰ আশে-পাশে আমেৰিকা আৰু ইৰানৰ মাজত সামৰিক সংঘাত পুনৰ তীব্ৰতৰ হৈ পৰিছে। আমেৰিকান সেনাই তেওঁলোকৰ দুখন আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ পাছত ইৰানৰ কেইবাটাও কৌশলগত ঘাটিত প্ৰত্যুত্তৰমূলক আক্ৰমণ চলাইছে। এই আক্ৰমণসমূহৰ লক্ষ্য আছিল দক্ষিণ ইৰানৰ সেই অঞ্চলটো, যিটো বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সাগৰীয় বাণিজ্য পথ হৰমুজ প্ৰণালীৰ ওচৰত অৱস্থিত।

আমেৰিকান চেন্ট্ৰেল কমাণ্ড (CENTCOM)ৰ মতে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত এই আক্ৰমণ কৰা হৈছে। জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে অলপতে আপাচে হেলিকপ্টাৰ ভূপতিত কৰাৰ প্ৰত্যুত্তৰত ‘আত্মৰক্ষা’ৰ বাবে এই আক্ৰমণ চলোৱা হৈছে। CENTCOM-এ তেওঁলোকৰ বিবৃতিত কয় যে আমেৰিকান বায়ুসেনা আৰু নৌসেনাৰ যুঁজাৰু বিমানে নিখুঁত অস্ত্ৰ ব্যৱহাৰ কৰি ইৰানৰ এয়াৰ ডিফেন্স চিষ্টেম, গ্ৰাউণ্ড কন্ট্ৰোল ষ্টেচন আৰু নিৰীক্ষণ ৰাডাৰ ঘাটিসমূহক লক্ষ্য কৰি লৈছিল। এই অপাৰেচন অলপতে আমেৰিকান সেনা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক জাহাজসমূহৰ ওপৰত হোৱা আক্ৰমণৰো এক সঁহাৰি আছিল।

আক্ৰমণৰ আটাইতকৈ বেছি খবৰ হৰমোজগান প্ৰদেশৰ পৰা পোহৰলৈ আহিছে। ইৰানৰ সংবাদ মাধ্যমৰ মতে কেশম দ্বীপ, বন্দৰ আব্বাছ, চিৰিক আৰু জাস্কত প্ৰচণ্ড বিস্ফোৰণ ঘটে। কেশম দ্বীপ আৰু বন্দৰ আব্বাছৰ আশে-পাশে কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে। আনহাতে, চিৰিক চহৰত এটা প্ৰক্ষেপণকাৰী অস্ত্ৰ পৰাৰ কথাও নিশ্চিত কৰা হৈছে। জাস্ক আৰু কুহ-এ-মোবাৰকৰ দুটা স্থানতো এনে প্ৰক্ষেপণকাৰী অস্ত্ৰৰে আক্ৰমণ চলোৱা হয়।

আমেৰিকান সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই আক্ৰমণসমূহৰ মুখ্য লক্ষ্য আছিল হৰমুজ প্ৰণালীৰ আশে-পাশে মোতায়েন কৰা ইৰানৰ ৰাডাৰ আৰু বায়ু প্ৰতিৰক্ষা নেটৱৰ্ক। ধাৰণা কৰা হৈছে যে আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচল পথৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমেৰিকাই এই অঞ্চলটোত ইৰানৰ নিৰীক্ষণ আৰু সামৰিক ক্ষমতা দুৰ্বল কৰিব বিচাৰিব।

ইৰানে এই আক্ৰমণসমূহক নিজৰ সাৰ্বভৌমত্বৰ ওপৰত পোনপটীয়া আক্ৰমণ বুলি অভিহিত কৰিছে। ইৰানৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (IRGC) অভিযোগ কৰিছে যে আমেৰিকান সেনাই মিছা অজুহাত দেখুৱাই জাস্ক, চিৰিক আৰু কেশমৰ কেইবাটাও স্থানক লক্ষ্য কৰি লৈছিল।

IRGCৰ  মতে, এই আক্ৰমণত চিৰিকৰ এটা টেলিকমিউনিকেচন টাৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে চহৰখনৰ দুটা পানীৰ টেংকীও ধ্বংস হৈছে। ইয়াৰ পিছতে ইৰানেও প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। আইআৰজিচিয়ে দাবী কৰিছে যে তেওঁলোকে বাহৰাইনত থকা আমেৰিকাৰ ‘ফিফ্থ ফ্লিট’ক ড্ৰোণ আক্ৰমণৰ জৰিয়তে লক্ষ্য কৰি লৈছে। ইৰানৰ সামৰিক নেতৃত্বই সকীয়াই দিছে যে যদিহে আমেৰিকাৰ এই “আগ্ৰাসন” অব্যাহত থাকে, তেন্তে ইয়াৰ প্ৰত্যুত্তৰ ইয়াতকৈও ভয়াবহ হ’ব।

লগতে পঢ়ক: ব্যৰ্থতা ঢাকিবলৈ পাকিস্তানৰ ‘মিছা খবৰ’ৰ আশ্ৰয় : নতুন দিল্লীৰ তীব্ৰ আক্ৰমণ

শেহতীয়া প্ৰৱন্ধসমূহ