বিতৰণ হ'ল ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ

বিতৰণ হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ; কোন মন্ত্ৰীয়ে পালে কি বিভাগ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে বিতৰণ কৰিলে মন্ত্ৰীসভাৰ দপ্তৰ। জল্পনা কল্পনাৰ অন্ত পেলাই বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই ঘোষণা কৰিছে। ড০ হিমন্ত বিশ্ব শৰ্মা-মুখ্যমন্ত্ৰী গৃহ আৰু ৰাজনৈতিক বিভাগ লোক নিৰ্মাণ বিভাগ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে বিতৰণ কৰিলে মন্ত্ৰীসভাৰ দপ্তৰ।

জল্পনা কল্পনাৰ অন্ত পেলাই বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই ঘোষণা কৰিছে।

ড০ হিমন্ত বিশ্ব শৰ্মা-মুখ্যমন্ত্ৰী গৃহ আৰু ৰাজনৈতিক বিভাগ লোক নিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) লোক নিৰ্মাণ বিভাগ (পথ) শক্তি বিভাগ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু ষ্টেচনেৰী।

বিমল বৰা-সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, এক্ট ইষ্ট পলিচী বিষয়ক পৰিক্ৰমা।

অশ্বিনী ৰায় চৰকাৰঃ সমাজ ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন

বিশ্বজিৎ দৈমাৰীঃ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম উদ্যোগ, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যোমিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক।

অশোক সিংহলঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা।

কেশৱ মহন্তঃ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন।

জয়ন্ত মল্লবৰুৱাঃ বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ সম্পদ

কৃষ্ণেন্দু পালঃ জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাহাৰীয়া এলেকা, বৰাক উপত্যকা উন্নয়ন

কৌশিক ৰায়- খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা,গৃহ আৰু নগৰ পৰিক্ৰমা, সমবায়

নীলিমা দেৱীঃ পশুপালন আৰু পশু চিকিৎসা, মীন পালন

পীযুষ হাজৰিকাঃ কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা

সুশান্ত বৰগোহাঁইঃ জল সম্পদ, ন্যায় বিভাগ

ডাঃ ৰণোজ পেগুঃ বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতীয় পৰিক্ৰমা (সমতল), তথ্য প্ৰযুক্তি

পূৰ্বে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক: আজি বিতৰণ কৰা হ’ব মন্ত্ৰীসকলৰ দপ্তৰ; কাৰ হাতলৈ যাব কি বিভাগ ?

শেহতীয়া প্ৰৱন্ধসমূহ