২০৩৪ চনলৈকে Zee-য়ে লাভ কৰিলে ফিফা বিশ্বকাপৰ ভাৰতীয় সম্প্ৰচাৰৰ অধিকাৰ

ফুটবল অনুৰাগীৰ বাবে ডাঙৰ খবৰ, ক’ত আৰু কেনেকৈ চাব পাৰিব ফিফা বিশ্বকাপ ?

ক্ৰিকেটৰ জনপ্ৰিয়তাৰ মাজতেই এইবাৰ ফুটবল প্ৰেমীসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ । এই ঐতিহাসিক চুক্তিৰ অধীনত ২০২৬ চনৰ ফিফা বিশ্বকাপ, ২০৩০ চনৰ ফিফা বিশ্বকাপ আৰু ২০২৭ চনৰ ফিফা মহিলা বিশ্বকাপ ভাৰতীয় দৰ্শকে উপভোগ কৰিব পাৰিব । ক্ৰিকেটৰ জনপ্ৰিয়তাৰ মাজতেই এইবাৰ ফুটবল প্ৰেমীসকলৰ বাবে আহিছে এক

ক্ৰিকেটৰ জনপ্ৰিয়তাৰ মাজতেই এইবাৰ ফুটবল প্ৰেমীসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ । এই ঐতিহাসিক চুক্তিৰ অধীনত ২০২৬ চনৰ ফিফা বিশ্বকাপ, ২০৩০ চনৰ ফিফা বিশ্বকাপ আৰু ২০২৭ চনৰ ফিফা মহিলা বিশ্বকাপ ভাৰতীয় দৰ্শকে উপভোগ কৰিব পাৰিব ।


ক্ৰিকেটৰ জনপ্ৰিয়তাৰ মাজতেই এইবাৰ ফুটবল প্ৰেমীসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ । এই ঐতিহাসিক চুক্তিৰ অধীনত ২০২৬ চনৰ ফিফা বিশ্বকাপ, ২০৩০ চনৰ ফিফা বিশ্বকাপ আৰু ২০২৭ চনৰ ফিফা মহিলা বিশ্বকাপ ভাৰতীয় দৰ্শকে জি-ৰ মাধ্যমৰ জৰিয়তে উপভোগ কৰিব পাৰিব ।

ভাৰতীয় ক্ৰীড়া সম্প্ৰচাৰৰ জগতত এক ডাঙৰ মোৰ । । জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছে (Zee Entertainment Enterprises) ২০২৬ চনৰ পৰা ২০৩৪ চনলৈকে হ’বলগীয়া মুঠ ৩৯টা ফিফা (FIFA) ইভেণ্টৰ ভাৰতীয় সম্প্ৰচাৰ আৰু ষ্ট্ৰীমিং অধিকাৰ লাভ কৰিছে । সোমবাৰে কোম্পানীটোৱে আধিকাৰিকভাৱে এই কথা ঘোষণা কৰে ।

এই ঐতিহাসিক চুক্তিৰ অধীনত ২০২৬ চনৰ ফিফা বিশ্বকাপ, ২০৩০ চনৰ ফিফা বিশ্বকাপ আৰু ২০২৭ চনৰ ফিফা মহিলা বিশ্বকাপ ভাৰতীয় দৰ্শকে জি-ৰ মাধ্যমৰ জৰিয়তে উপভোগ কৰিব পাৰিব । ‘ভেৰাইটি’-ৰ ৰিপৰ্ট অনুসৰি, জি আৰু ফিফাৰ মাজত এইয়া প্ৰথমটো অংশীদাৰিত্ব ।

বয়স-ভিত্তিক খেল আৰু তথ্যচিত্ৰও থাকিব উপলব্ধ :

কেৱল মূল বিশ্বকাপেই নহয়, এই চুক্তিয়ে পুৰুষ আৰু মহিলা উভয়ৰে বিভিন্ন বয়স-ভিত্তিক আৰু ফুটছাল (futsal) প্ৰতিযোগিতাকো সামৰি লৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য ইভেণ্টসমূহ হ’ল :

-ফিফা পুৰুষ আৰু মহিলা অনুৰ্ধ-১৭ বিশ্বকাপ (২০২৬-২০৩৪)

-ফিফা অনুৰ্ধ-২০ পুৰুষ আৰু মহিলা বিশ্বকাপ

-ফিফা ফুটছাল পুৰুষ আৰু মহিলা বিশ্বকাপ

-২০৩০ চনলৈকে ফিফা ইণ্টাৰকন্টিনেণ্টেল কাপ

-প্ৰতিটো ক্ৰীড়া ইভেণ্টৰ সৈতে জড়িত বিশেষ তথ্যচিত্ৰ ধাৰাবাহিক ।

চাৰিটা নতুন ক্ৰীড়া চেনেল আৰু ZEE5-ত লাইভ ষ্ট্ৰীমিং :

অহা ১১ জুনৰ পৰা ফিফা বিশ্বকাপ ২০২৬-ৰ উদ্বোধনী খেলখনেৰে এই সম্প্ৰচাৰ যাত্ৰা আৰম্ভ হ’ব । ভাৰতীয় দৰ্শকক বিশ্বমানৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ জি-য়ে চাৰিটা নতুন লিনিয়াৰ স্পৰ্টছ চেনেল মুকলি কৰিছে । হিন্দী ভাষী দৰ্শকৰ বাবে Unite8 Sports 1 আৰু Unite8 Sports 1 HD তথা ইংৰাজী ভাষী দৰ্শকৰ বাবে Unite8 Sports 2 আৰু Unite8 Sports 2 HD উপলব্ধ হ’ব । দূৰদৰ্শনৰ উপৰিও ডিজিটেল দৰ্শকে জি-ৰ অ’টিটি প্লেটফৰ্ম ZEE5-ত খেলসমূহৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব ।

“আমি ভাৰতীয় দৰ্শকৰ বাবে বিশ্বৰ অন্যতম বৃহৎ ক্ৰীড়া মহোৎসৱ লৈ আহিবলৈ পাই উৎসাহিত হৈছো,” জি এণ্টাৰটেইনমেণ্টৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) পুনিত গোয়েংকাই কয় । “ফুটবলে অঞ্চল আৰু জনগাঁথনিৰ পৰিধি ভাঙি সকলোকে একত্ৰিত কৰে । এই মিডিয়া অধিকাৰ লাভ কৰা তথা উৎসৰ্গিত ক্ৰীড়া চেনেল মুকলি কৰাৰ বাবে কৰা বিনিয়োগে ফুটবলৰ দীৰ্ঘম্যাদী সম্ভাৱনাৰ প্ৰতি আমাৰ স্পষ্ট বিশ্বাসকে প্ৰতিফলিত কৰে ।”

আনহাতে ফিফাৰ মুখ্য ব্যৱসায়িক বিষয়া ৰোমি গাইয়ে কয়, “ভাৰতীয় বজাৰখন ফিফাৰ বাবে কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ই এক যুৱ আৰু উৎসাহী দৰ্শকৰ দ্বাৰা পৰিচালিত অপৰিসীম সম্ভাৱনা প্ৰদৰ্শন কৰে ।”

কোটি টকীয়া চুক্তিৰ নেপথ্যৰ কাহিনী :

জানিব পৰা মতে, এই সম্প্ৰচাৰৰ অধিকাৰক লৈ দীৰ্ঘদিন ধৰি তীব্ৰ প্ৰতিযোগিতা চলিছিল । প্ৰাথমিকভাৱে ফিফাই ২০২৬ আৰু ২০৩০ চনৰ প্ৰতিযোগিতাৰ বাবে ১০০ নিযুত ডলাৰ দাবী কৰিছিল, যদিও পৰৱৰ্তী সময়ত ইয়াৰ মূল্য প্ৰায় ৬০ নিযুত ডলাৰলৈ হ্ৰাস কৰা হয় । এই দৌৰত ভাৰতীয় প্লেটফৰ্ম ‘জিঅ’ষ্টাৰ’ (JioStar)-এ ২০ নিযুত ডলাৰৰ প্ৰস্তাৱ দিছিল আৰু ছনিয়ে (Sony) শেষ মূহূৰ্তত নিজকে আঁতৰাই আনিছিল । অৱশ্যে, জি আৰু ফিফাৰ মাজত হোৱা এই চূড়ান্ত চুক্তিৰ বিত্তীয় সবিশেষ এতিয়াও ৰাজহুৱা কৰা হোৱা নাই ।

জি-ৰ ডেপুটি চিইঅ’ আৰু চিএফঅ’ মুকুন্দ গালগলীয়ে বিশ্বাস প্ৰকাশ কৰি কয় যে ভাৰতৰ দৰে দেশত ফুটবলৰ সম্ভাৱনা এতিয়াও সম্পূৰ্ণৰূপে ব্যৱহাৰ হোৱা নাই আৰু সমগ্ৰ দেশৰে কোটি কোটি দৰ্শকৰ মাজত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ এইয়া এক বিশাল সুযোগ ।

ক্ৰিকেটৰ বজাৰত ফুটবলৰ প্ৰত্যাহ্বান :

জি-ৰ ‘Unite8 Sports’ পৰ্টফলিঅ’ত ইতিমধ্যে ক্ৰিকেট, কাবাডী, বেডমিণ্টন, মল্লযুঁজ আদি খেল সম্প্ৰচাৰ হৈ আহিছে । কিন্তু ঐতিহাসিকভাৱে ক্ৰিকেটৰ আধিপত্য থকা ভাৰতীয় বজাৰত ফিফাৰ দৰে এক মেগা ইভেণ্ট হাতলৈ অনাটো জি-ৰ বাবে এক ডাঙৰ সফলতা বুলি বিবেচিত হৈছে । আগন্তুক ২০২৬ চনৰ বিশ্বকাপ ফুটবল সম্প্ৰচাৰৰ সফলতাই প্ৰমাণ কৰিব যে ভাৰতীয় ক্ৰীড়া প্ৰেমীৰ মাজত ফুটবলে ক্ৰিকেটক কিমানদূৰ প্ৰত্যাহ্বান জনাব পাৰে ।

লগতে পঢ়ক : আই পি এল ২০২৬ : ৰেকৰ্ড ভংগকাৰী ৰানৰ পাহাৰ, বেটিঙৰ নতুন অভিলেখৰ ঐতিহাসিক ছিজন

শেহতীয়া প্ৰৱন্ধসমূহ