অসমৰ এডভোকেট জেনেৰেল তথা মহাধিবক্তা দেৱজিৎ লন শইকীয়াই নিজৰ পদৰ পৰা পদত্যাগ কৰিছে
ৰাজ্যত চৰকাৰৰ পৰিৱৰ্তনৰ প্ৰাকক্ষণত অসমৰ এডভোকেট জেনেৰেল তথা মহাধিবক্তা দেৱজিৎ লন শইকীয়াই নিজৰ পদৰ পৰা পদত্যাগ কৰিছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহিৰ্গামী চৰকাৰখনৰ কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে ।
ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা বিবৃতিত শইকীয়াই জানিবলৈ দিয়ে যে তেওঁ যোৱা ৬ মে’ত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছে । প্ৰায় পাঁচ বছৰ ধৰি এই গুৰুত্বপূৰ্ণ সাংবিধানিক পদত সেৱা আগবঢ়োৱাৰ পিছত “উচ্চ পৰম্পৰা আৰু সাংবিধানিক নীতি” অক্ষুণ্ণ ৰখাৰ বাবে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে ।
তেওঁ কয়, “উচ্চ পৰম্পৰা আৰু সাংবিধানিক নীতি বজাই ৰাখি, মোৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত আৰু বৰ্তমান চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পৰিপ্ৰেক্ষিতত মই এডভোকেট জেনেৰেলৰ পদৰ পৰা পদত্যাগ কৰিছোঁ ।”
শইকীয়াই তেওঁৰ পাঁচ বছৰীয়া এই যাত্ৰাক “অত্যন্ত সন্মান আৰু গৌৰৱৰ” বুলি অভিহিত কৰে । এই সময়ছোৱাত আগবঢ়োৱা সহযোগিতাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক মন্ত্ৰী পৰিষদ, আইনী মহলৰ সদস্যসকল, চৰকাৰী বিষয়া আৰু সহকৰ্মীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখ্য যে, ১২ মে’ত নতুনকৈ নিৰ্বাচিত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে শপত গ্ৰহণ কৰিব । চৰকাৰৰ এই পৰিৱৰ্তনৰ সন্ধিক্ষণতে শইকীয়াই নিজৰ দায়িত্বৰ পৰা অব্যাহতি লৈ এক সুস্থ সাংবিধানিক পৰম্পৰা ৰক্ষা কৰিছে ।
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মা ২.০… ১২ মে’ত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে








