‘ক্রিকেটৰ ভগৱান’ নামেৰে বিখ্যাত কিংবদন্তি শচীন তেণ্ডুলকাৰৰ আজি ৫৩ বছৰীয়া হ’ল। জন্মদিনত তেওঁ পুনৰবাৰ অনুৰাগীৰ হৃদয় জয় কৰে।
২৪ এপ্ৰিল ক্ৰিকেট প্ৰেমীৰ বাবে এক অতি বিশেষ দিন।১৯৭৩ চনত মুম্বাইত জন্মগ্ৰহণ কৰা কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰে আজি ৫৩ সংখ্যক জন্মদিন পালন কৰিছে।২৪ বছৰীয়া দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ এনে অভিলেখ গঢ়িছিল,যাৰ বাবে শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিগণিত হৈছে।তেওঁৰ অৱদান কেৱল পৰিসংখ্যাৰ মাজতে সীমাবদ্ধ নহয়,দৰাচলতে তেওঁ ভাৰতীয় ক্ৰিকেটৰ দিশ সম্পূৰ্ণৰূপে সলনি কৰিলে।
জন্মদিন উপলক্ষ্যে তেওঁৰ মুম্বাই বাসগৃহৰ বাহিৰত অনুৰাগীৰ বৃহৎ ভিৰ দেখিবলৈ পোৱা গৈছে।এই বিশেষ ক্ষণত শচীনে পত্নী অঞ্জলি তেণ্ডুলকাৰৰ সৈতে বাহিৰলৈ আহি অনুৰাগীসকলক সম্ভাষণ জনায়। এটি কণমানি অনুৰাগীৰ সৈতেওঁ শচীন তেণ্ডুলকাৰে সময় কটাই জন্মদিন উদযাপন কৰে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তেণ্ডুলকাৰৰ জন্মদিনত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘৬৬৪খন আন্তঃৰাষ্ট্ৰীয় মেচ।৩৪,৩৫৭ আন্তঃৰাষ্ট্ৰীয় ৰান। ১০০টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ।আই চি চি পুৰুষৰ এদিনীয়া বিশ্বকাপ২০১১ বিজয়ী টিম ইণ্ডিয়াৰ সদস্য।কিংবদন্তি শচীন টেণ্ডুলকাৰলৈ উপজা দিনটোৰ বহুত শুভকামনা।
লগতে পঢ়ক: সঞ্জু চেমছনৰ নতুন ইতিহাস;এম আইৰ বিৰুদ্ধে শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন









