“মই আপোনালোকৰ ওচৰত ঋণী হৈ পৰিছো”; পশ্চিম বংগত উচুপি উঠিল প্ৰধানমন্ত্ৰী মোদী

“মই আপোনালোকৰ ওচৰত ঋণী হৈ পৰিছো”; পশ্চিম বংগত উচুপি উঠিল প্ৰধানমন্ত্ৰী মোদী

শিলিগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত আৱেগিক হ’ল প্ৰধানমন্ত্ৰী মোদী। চলচলীয়া চকুৰে জনতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। শিলিগুৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এক আৱেগিক মুহূৰ্ত দেখিবলৈ পোৱা গ’ল।বিপুল জনসমাগম আৰু জনতাৰ অদম্য সমর্থনৰ সাক্ষী হৈ মঞ্চত আৱেগিক হৈ পৰিল প্রধানমন্ত্রী মোদী৷ চলচলীয়া চকুৰে জনতাৰ প্ৰতি

শিলিগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত আৱেগিক হ’ল প্ৰধানমন্ত্ৰী মোদী। চলচলীয়া চকুৰে জনতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

শিলিগুৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এক আৱেগিক মুহূৰ্ত দেখিবলৈ পোৱা গ’ল।বিপুল জনসমাগম আৰু জনতাৰ অদম্য সমর্থনৰ সাক্ষী হৈ মঞ্চত আৱেগিক হৈ পৰিল প্রধানমন্ত্রী মোদী৷ চলচলীয়া চকুৰে জনতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয়, এনে মৰম আৰু বিশ্বাস দেখি মই আপোনাৰ ওচৰত ঋণী হৈ পৰিছো। শনিবাৰে ৰোডশ্ব’ৰ কথা মনত পেলাই আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী মোদী।তেওঁ কয় যে, , লাইনত থকা সৰু সৰু ল’ৰা-ছোৱালীবোৰক দেখি মই আচৰিত হৈছিলো যে সিহঁতে মোক কিমান ভাল পায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰক লক্ষ্য কৰি অভিযোগ উত্থাপন কৰে যে, তেওঁ ভোট-বেংকৰ ৰাজনীতি কৰি আছে আৰু নিজৰ মূল শ্লোগান ‘মা-মাটি-মানুহ’ৰ পৰা আঁতৰি গৈছে।  

লগতে পঢ়ক: ‘পাকিস্তানে য’তেই হাত দিয়ে সেইটো ধ্বংস হৈ যায়’; উমা ভাৰতীৰ বিস্ফোৰক মন্তব্য