লক্ষ্ণৌ ছুপাৰ জায়েন্টছে খুলিলে জয়ৰ খাটা; ৫ উইকেটত পৰাস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদ

লক্ষ্ণৌ ছুপাৰ জায়েন্টছে খুলিলে জয়ৰ খাটা; ৫ উইকেটত পৰাস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদ

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলখনত লক্ষ্ণৌৱে জয় লাভ কৰে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ১০ নং মেচ দেওবাৰে (৫ এপ্ৰিল) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত হয়।দুয়োটা দলৰ মাজত এই খেলখন হায়দৰাবাদৰ

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলখনত লক্ষ্ণৌৱে জয় লাভ কৰে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ১০ নং মেচ দেওবাৰে (৫ এপ্ৰিল) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত হয়।দুয়োটা দলৰ মাজত এই খেলখন হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ৫ উইকেটত জয় লাভ কৰে।

জয়ৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ১৫৭ ৰানৰ লক্ষ্য লাভ কৰিছিল,যিটো তেওঁলোকে এটা বল বাকী থকা অৱস্থাত অৰ্জন কৰিছিল।লক্ষ্ণৌৰ হৈ অধিনায়ক ঋষভ পন্তই ৫০টা বলত অপৰাজিত ৬৮ ৰান সংগ্ৰহ কৰে, য’ত ৯টা চাৰি অন্তৰ্ভুক্ত আছিল।জয়ৰ বাবে লক্ষ্ণৌক ফাইনেল অভাৰত ৯ ৰানৰ প্ৰয়োজন আছিল।সেই অভাৰত পণ্টে তিনিটা চাৰিটা কোবাই মেচখন সমাপ্ত কৰে।

চলিত ছিজনত এয়া আছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ প্ৰথমটো জয়।লক্ষ্ণৌৰ আৰম্ভণি ভাল নাছিল আৰু প্ৰথমখন মেচত দিল্লী কেপিটেলছ (ডি চি)ৰ হাতত ৬ উইকেটত দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।ইফালে, ছানৰাইজাৰ্ছ হায়দৰাবাদেও প্ৰথমখন মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত হয়।তাৰ পাছত দৰ্শনীয় প্ৰত্যাৱৰ্তন কৰি দলটোৱে কলকাতা নাইট ৰাইডাৰ্ছক ৬৫ ৰানত পৰাস্ত কৰে।

লগতে পঢ়ক: গুজৰাটক পৰাস্ত কৰাৰ পিছত চৰ্চাত ৰিয়ান পৰাগৰ বিজয় উদযাপন

শেহতীয়া প্ৰৱন্ধসমূহ