‘কংগ্ৰেছৰ দিনত অংগবাড়ীৰ চাকৰিৰ বাবে ২ লাখকৈ টকা দিব লগা হৈছিলঃ মুখ্যমন্ত্ৰী

‘কংগ্ৰেছৰ দিনত অংগনবাড়ীৰ চাকৰিৰ বাবে ২ লাখকৈ টকা দিব লগা হৈছিলঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কংগ্ৰেছৰ দিনত ১ৰ পৰা ২ লাখ টকা উৎকোচ লয় বুলি উল্লেখ কৰে। বৃহস্পতিবাৰে উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছৰ দিনত অংগনবাড়ীৰ এটা চাকৰিৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কংগ্ৰেছৰ দিনত ১ৰ পৰা ২ লাখ টকা উৎকোচ লয় বুলি উল্লেখ কৰে।

বৃহস্পতিবাৰে উজনি অসমত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লক্ষ্য কৰি লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছৰ দিনত অংগনবাড়ীৰ এটা চাকৰিৰ বাবে বা আশাকৰ্মীৰ চাকৰিৰ বাবে ১ৰ পৰা ২ লাখ টকা উৎকোচ দিব লগা হৈছিল। APS, ACS ৰ চাকৰিৰ বাবে ১ কোটিকৈ টকা কংগ্ৰেছে লৈছিল। কিন্তু এতিয়া বিজেপিয়ে ১ লাখ ৬৫ হাজাৰ ল’ৰা-ছোৱালীক এক টকা নোলোৱাকৈ চাকৰি দিলো। আমি কাৰোৰে পৰা তামোল এখনো খোৱা নাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এই সৎ সাহস থকাৰ বাবেই আজি মানুহৰ আগত ক’ব পাৰিছো যে অসমে এতিয়া আকাশ চুব পাৰে। আমি সকলোৱে মিলি ৰাজ্যখনক একেলগে আগবঢ়াই নিব বিচাৰিছো। যদি আকৌ আমাৰ চৰকাৰ আহে তেনেহলে পুনৰ ২ লাখ ল’ৰা-ছোৱালীক চৰকাৰী চাকৰি দিয়া হ’ব।

লগতে পঢ়ক: ‘বিজেপি আৰু নিৰ্বাচনী আয়োগে জুইৰ সৈতে খেলি আছে’; খঙত অগ্নিশৰ্মা মমতা বেনাৰ্জী