মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে
সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বুধবাৰে শাসকীয় ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ এদিন পিছতে তেওঁৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে বৃহস্পতিবাৰে, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে । বৰ্তমানৰ পৰিস্থিতিক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ থকাৰ বাবে উপযুক্ত নহয় বুলি তেওঁ পত্ৰত উল্লেখ কৰিছে । অৱশ্যে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলেও তেওঁ দলৰ হৈ কাম কৰি যাব বুলি উল্লেখ কৰিছে ।
কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সম্বোধন কৰি লিখা এখন পত্ৰত প্ৰতীকে কয় যে তেওঁ এই সিদ্ধান্ত ভোটাৰ আৰু দলীয় কৰ্মীসকলৰ মাজত স্পষ্টতা আৰু বিশ্বাস বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ বাবে লৈছে । তেওঁ কয় যে “মাৰ্ঘেৰিটাৰ ৰাইজ আৰু অগণন নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীয়ে দলৰ প্ৰাৰ্থীৰ ওপৰত স্পষ্টতা আৰু আস্থা লাভৰ যোগ্য,” আৰু কয় যে কোনো জটিল সন্ধিক্ষণত তেওঁৰ দায়বদ্ধতা বা দলৰ স্থিতি সম্পৰ্কে কোনো অস্পষ্টতা থকাটো অনুচিত হ’ব ।

প্ৰতীক বৰদলৈয়ে কয়, “বৰ্তমানৰ পৰিস্থিতিত মোৰ বাবে প্ৰাৰ্থী হিচাপে অবতীৰ্ণ হোৱাটো উচিত নহ’ব ।” তেওঁ লগতে কয় যে তেওঁৰ স্থিতিক লৈ যিকোনো বিভ্ৰান্তিৰ সৃষ্টি হ’লে সেয়া ভোটাৰ আৰু তৃণমূল পৰ্যায়ৰ কৰ্মী উভয়ৰে বাবে অন্যায় হ’ব পাৰে । তেওঁৰ পিতৃ এজন জ্যেষ্ঠ নেতা হোৱাৰ লগতে শেহতীয়াকৈ তেওঁ বিজেপিত যোগদান কৰাৰ ফলত স্থানীয় কংগ্ৰেছত সৃষ্টি হোৱা জল্পনা-কল্পনা আৰু অস্বস্তিৰ পটভূমিত এই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে বুলি জনায় তেওঁ ।
নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি অহা সত্ত্বেও প্ৰতীক বৰদলৈয়ে কংগ্ৰেছৰ প্ৰতি তেওঁৰ আনুগত্য পুনৰ দোহাৰে আৰু কয় যে দলৰ আদৰ্শৰ প্ৰতি তেওঁৰ বিশ্বাস “অটল” হৈ আছে । তেওঁ দলীয় সংগঠনৰ বাবে কাম কৰি যোৱাৰ লগতে নেতৃত্বই অৰ্পণ কৰা যিকোনো দায়িত্ব পালন কৰি মাৰ্ঘেৰিটাৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
সৰুৰে পৰা কংগ্ৰেছৰ সৈতে জড়িত থকা বৰদলৈয়ে অন্তৰ্ভুক্তিমূলক উন্নয়ন আৰু ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি তেওঁৰ ৰাজনৈতিক মতাদৰ্শ গঢ়ি তোলাত দলৰ ভূমিকাৰ কথা উল্লেখ কৰে । তেওঁ বিগত বছৰবোৰত তেওঁক আগবঢ়োৱা বিশ্বাস আৰু সুযোগৰ বাবে দলীয় নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰে ।
লগতে পঢ়ক : আত্মসন্মান থকা কোনো লোক কংগ্ৰেছত থাকিব নোৱাৰে : মুখ্যমন্ত্ৰী









