শনিবাৰে কলকাতাত পুনৰ টিম ইণ্ডিয়াত যোগদান কৰিব ৰিংকু সিঙে। ১ মাৰ্চত ছুপাৰ ৮ পৰ্যায়ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ এক গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ’ব।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে ১ মাৰ্চত কলিকতাৰ ইডেন গাৰ্ডেনত ছেমি ফাইনেলত প্ৰৱেশ কৰিবৰ বাবে এই খেলখন খেলিব।তাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই এক ডাঙৰ খবৰ দিছে।
তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৰিংকু সিঙৰ উপলব্ধতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে।জানিব পৰা মতে তাৰকা বেটছমেনগৰাকীয়ে খেলখনৰ পূৰ্বে শনিবাৰে কলকাতাত ভাৰতীয় দলটোত যোগদান কৰিব।
উল্লেখ্য যে, শুকুৰবাৰে পুৱা যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ৰিংকুৰ পিতৃ খানচান্দৰ মৃত্যু হয়। পিতৃৰ শেষকৃত্য সম্পন্নৰ বাবে গাঁৱৰ ঘৰলৈ আহিছিল ৰিংকু সিং। কিন্তু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচখনৰ বাবে অহা ২৮ ফেব্ৰুৱাৰী (শনিবাৰ) কলকাতাত ভাৰতীয় দলত পুনৰ যোগদান কৰিব ৰিংকুৱে।
লগতে পঢ়ক: কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এলৰ নতুন ছিজন? আগবাঢ়িব পাৰে দুটা দিন









